পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বেজবৰুৱা বংশাৱলী

বংশৰ মধ্যৰ যত কথাক জানয়।
মোৰ আগে সাৱশেষ কহিয়া আছয়॥
ইদানিক বংশত সুনয় খ্যাতিমন্ত।
লক্ষ্মীনাথ বৰুৱা পৰম গুণৱন্ত॥
তান সঙ্গে আলোচন কৰি অতিশয়।
আৰু বংশে বৃদ্ধ জ্ঞানী মানী মহাশয়॥
দুতয় বৰুৱা হলিৰাম ৰাম খ্যাত।
আনো যত বৃদ্ধ আছে পৰম বিখ্যাত॥
যোগ্য অনুসাৰে আনি পুছিয়া সবাক।
যাৰ স্থানে যেন মতে লভিলোঁ বাৰ্ত্তাক॥
সিটো কথা ভবিষ্যত কালত অখণ্ডে।
থকাৰ আশায়ে নিবন্ধিলোঁ পদছন্দে॥
এহিটো আসাম দেশ যদ্যপি বিশিষ্ট।
তথাপি নাছিল পূৰ্ব্বে বিজ্ঞ সাধু শিষ্ট॥
ইন্দ্ৰবংশী ৰাজা নাম বুঢ়াভগনীয়া।
ভুঞ্জন্ত বিপুল ভোগ ৰাজাক লভিয়া॥
সিকালত আমাৰ উপৰি খ্যাতিমন্ত।
কলিবৰ নাম বেদবিদ মহাসন্ত॥
আয়ুস বেদত অতি পৰম প্ৰবীন।
দানী মানী বৈষ্ণৱ যে বিদ্যাত নিপুণ॥
কান্যকুজ দেশে যিতো জনম লভিয়া।
বৈষ্ণৱ-যোগক কৰে সদা অভ্যাসিয়া॥