পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
বেজবৰুৱা বংশাৱলী

প্ৰথম দুহিতৃ যিটো যজ্ঞো নাম কয়।
ৰূপেগুণে অনিন্দিত অদ্যাপি আছয়॥
চন্দৰ কটকি পুত্ৰ জয়কৃষ্ণ নাম।
বিবাহ কৰিয়া ৰৈল গুণে অনপাম॥
তান হন্তে তিনি পুত্ৰ পুত্ৰী এক হয়।
বৰ সৰু দুইজন অদ্যাপি আছয়॥
কানুৰাম নাম বৰ কনিষ্ঠ কোমল।
মহাবুদ্ধিমন্ত দুই কাৰ্য্যত কুশল॥
তাহাৰ ভগিনী যিটো ৰমাকান্তী সতী।
ত্ৰিলোচন দ্বিজবৰে বিবাহিলা তৈতি॥
শিতলৰ অধ্যাপক সুত মহাশয়।
যোগদেৱ উপাধ্যায় বাৰ নাম কয়॥
তান পুত্ৰ সিটো ত্ৰিলোচন জানা সাৰ।
গুণত নিপুণ বিদ্যা আছয় আৱৰ॥
মোৰ অগ্ৰজৰ পুত্ৰ আছয় প্ৰকটি।
তাহাৰাৰ আবে কহোঁ নাম কৰ্ম্ম খ্যাতি॥
প্ৰথম তনয় ৰিপুঞ্জয় মহামতি।
ৰূপেগুণে প্ৰকাশিলা নানাস্থানে খ্যাতি॥
বৈদ্যৰ বৰুৱা হৈয়া সদ কৰ্ম্ম কৰি।
গোত্ৰ জ্ঞাতি মধ্যে ছিলা পৰম সাদৰি॥
কোমল দুৱৰীয়াঘৰ জন্মি নাম ছয়।
তাহাৰ তনয়া বিবাহিলা মহাশয়॥