পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
বেজবৰুৱা বংশাৱলী

কিনাৰাম বিদ্যানন্দ নাৰায়ণ আৰ।
ৰূপেগুণে যোগ্যবান জানাছা সুসাৰ॥
তাহাৰাৰ সহোদৰা পৰম কুশলা।
মোহিনী নামত খ্যাত ৰূপে সুমঙ্গলা॥
মধ্যম জনৰ কথা এহিমাণে এৰি।
কনিষ্ঠৰ কথা কহোঁ নামক সুমৰি॥
যাহাৰ সুচন্দ নাম লোকে বখানই।
বৈদ্যশাস্ত্ৰ আদি বিদ্যা জানিয়া আছয়॥
বিশেষত মহাবুদ্ধিমন্ত অতিশয়।
ৰূপেগুণে খ্যাতিমন্ত জানিও নিশ্চয়॥
আগম ঘৰৰ দ্বিজবৰ মহাশয়।
দেবীদত্ত দেৱৰগঞা বৰুৱা যে কয়॥।
তাহাৰ ভগিনী জানা বিমাতা সন্ততি।
দময়ন্তী নাম ৰূপগুণে সিটো অতি॥
সেহিটা কন্যাক বিহা কৰিয়া আছয়।
নিবন্ধিলোঁ এহিমানে তাৰ পৰিচয়॥
তাহাৰ কনিষ্ঠা সহাদৰা যিটো কন্যা।
হেমকান্তি নাম যাৰ জানিবাহা ধন্যা॥
হেমকণ্ঠ নাম দ্বিজে কতকাল ছিলা।
স্বামীৰ অগ্ৰতে মৰি বিষ্ণুলোকে গৈলা॥
মোৰ অগ্ৰজৰ সন্তানৰ কথাচয়।
সাৱশেষে বিবৰিয়া কহিলোঁ নিশ্চয়॥