পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
বেজবৰুৱা বংশাৱলী

কনিষ্ঠ শ্ৰীহৰিনাথ কলিকতা স্থানে।
ব্যবসা আচৰি দিন বঞ্চে ৰঙ্গ মনে॥
কীৰ্ত্তিনাথ খঙীয়া ফুকন সুত সাৰ।
নামত কেশবনাথ বিশুদ্ধ আচাৰ॥
তাহাৰ তনয়া হেমপ্ৰভা নামে সতী।
হৰিনাথে বিবাহ কৰিলে হৃষ্টমতি॥
পিতৃৰ সন্তান কথা এৰে সাঙ্গ কৰোঁ।
ৰাম ৰাম বুলি সবে আপদ নিস্তৰোঁ॥



বৈদ্য শ্ৰেষ্ঠ হলিৰাম বৰুৱা শ্ৰীমন্ত।
অৰুণ নামত কন্যা বিহা কৰিলন্ত॥
দিচিয়াল কটকি মন্মথ সুতা সতী।
দুই কন্যা তিনি পুত্ৰ ধৰে গুণৱতী॥
যজ্ঞো ৰমাকান্তি কন্যা পুত্ৰ ৰিপুঞ্জয়।
ভবনাথ সুচন্দ সমস্তে শুদ্ধাশয়॥
চন্দৰ কটকি পুত্ৰ জয়কৃষ্ণ নাম।
যজ্ঞোদেবী বিবাহ কৰিলা অনুপাম॥
পুত্ৰ তিনি কন্যা এক প্ৰসবিলা সতী।
জ্যেষ্ঠ কানুৰাম সৰু কোমল সুমতি॥
মধ্য়ম মৰিল কানুৰাম নিঃসন্তান।
ৰাজবৃত্তি ভুঞ্জি শেষে ছাৰিলন্ত প্ৰাণ॥