পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
বেজবৰুৱা বংশাৱলী

শিৰ আচাৰ্য্যৰ ঘৰে শ্ৰীকান্ত সুমতি।
সিকন্যাক বিবাহিয়া কৰিলা বসতি॥
তাত হন্তে এক পুত্ৰী পুত্ৰ তিনি জন।
জীৱকান্ত তাৰাকান্ত ভূকান্ত শোভন॥
আছয় মাতৃৰ সঙ্গে যথোচিতে অতি।
কন্যা উনাইৰ কহোঁ পৰিচয় ঐতি॥
ওপৰে লেখিয়া আছোঁ যিটো মহামতি।
ৰুদ্ৰেশ্বৰ নাম বৰঠাকুৰ সুমতি॥
তাহাৰ অনুজ বাপীৰাম মহাশয়।
তেহোঁ বিবাহিল সিটো কন্যাক নিশ্চয়॥
মধ্যম কনিষ্ঠ দুই কন্যাৰ কাহিনী।
এহিমানে সমাপতি কৈলোঁ যিটো জানি॥
ইদানিক তাহাৰাৰ অগ্ৰজৰ কথা।
জ্ঞাতৰূপে বিবৰণ কৰিবোঁহোঁ এথা॥
নামত ৰূপহী ৰূপে গুণে মহাধন্যা।
ৰুদ্ৰেশ্বৰ দ্বিজবৰে নিল সিটো কন্যা॥
সিটো দ্বিজ পৰম সুমতি গুণবান।
দেৱগ্ৰাম দেবালয় ঠাকুৰ প্ৰধান॥
তানহন্তে পঞ্চপুত্ৰ কন্যা আৰু তিনি।
সাৱশেষে কহো নাম গ্ৰাম তিনি তিনি॥
যিটো সিসি তনয় পৰম গুণবন্ত।
বোধেশ্বৰ সিদ্ধেশ্বৰ ইন্দ্ৰ যে সুশান্ত॥