পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
বেজবৰুৱা বংশাৱলী


যোগীনৰ বিবাহ সম্বন্ধ নাই ঘটা।
সবিশেষে বিবৰিবোঁ দেৱযানী কথা॥
মাজুলিৰ মোহনচন্দ্ৰ তামুলী তনয়।
নামত কনকচন্দ্ৰ পৰম বিনয়॥
জয়কৃষ্ণ কটকিৰ সুত কানুৰাম।
কনকক পোষ্যপুত্ৰ কৰি সাধে কাম॥
দেৱযানী কন্যা সেই কনকে বিহাইল।
তিনি পুত্ৰ এক কন্যা সতী প্ৰসবিল।
নবীন প্ৰথম হেমকান্তি সুতা পৰ।
মহীকান্ত গনেশ তনয় অনন্তৰ॥
শেষে পুত্ৰ প্ৰসবিয়া দেবী দেবযানী।
ঈশ্বৰ ইচ্ছায় ত্যাগ কৰিলা পৰাণি॥
 

হলিৰাম বৰুৱাৰ ৰূপহী ভগিনী।
পুনিয়া গোস্বামী লোকাই বিবাহিলা জানি॥
তাৰ পুত্ৰ নমোৰাম পৰ্ভী চন্দ্ৰী সুতা॥
দুৱৰীয়া জগন্নাথ পত্নী পৰ্ভী তথা।
পৰ্ভীৰ তনয়া হলিৰাম নাম ভৈল।
মাহৰা গোস্বামী চন্দ্ৰী দেবীক বিহাইলা॥