পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
বেজবৰুৱা বংশাৱলী

লক্ষ্মীনাথ বৰুৱা বসতি দেবগ্ৰাম।
বিবাহিলা লীলাবতী পূৰ্ণ মনস্কাম॥
পুত্ৰ এক নাম তাৰ দুৰ্গানাৰায়ণ।
চাৰি কন্যা হেমদা কনকা যে কাঞ্চন॥
ভৈলন্ত সুবৰ্ণলতা কনিষ্ঠা তনয়া।
যোগেশ্বৰ ফুকনে হেমদা বিবাহিয়া।
তিনি পুত্ৰ এক কন্যা হেমদা ধৰয়।
দীন বৰবটকি কনকা পৰিণয়॥
দুই পুত্ৰ দুই কন্যা সতী গৰ্ভে ধৰি।
আছয় সুখত স্বামী পদ সেৱা কৰি॥
শিৱনাথ ভট্টাচাৰ্য্য স্বিলঙে বঞ্চয়।
বিবাহে কাঞ্চন এক তনয় আছয়॥
মুকুন্দ নামত যিটো জখলা বন্ধাৰ।
বিবাহে সুবৰ্ণলতা ভৈল সুতা ভাৰ॥



হলিৰাম বৰুৱাৰ সুত ভবনাথ।
বৈদ্যবিদ্যা জ্ঞাত বৰতামুলী প্ৰখ্যাত॥
মাজুদৌল বৰুৱা যে লক্ষ্মীনাথ নাম।
বিবাহে দুহিতা তাৰ গুণে অনুপান॥
তিনি পুত্ৰ দুই কন্যা গৰ্ভত তাহাৰ।
কিনাৰাম বিদ্যানন্দ নাৰায়ণ আৰ॥