পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
বেজবৰুৱা বংশাৱলী

দুই পুত্ৰ ভৈল অতি পৰম শ্ৰীমান।
গুৰুদত্ত পদ্মনাভ অতি গুণবান॥
আধাৰ মহন্ত মহেশ্বৰ সুতা ধন্যা।
গুৰুদত্তে বিবাহিলা পাছে সিটো কন্যা।
সেহি গুৰুদত্ত আতি বুদ্ধিত কুশল।
আৰু পূৰ্ণানন্দ তাৰ নাম সুবিমল॥
বিশেষত ৰিপুঞ্জয় বৰুৱা সুশান্ত।
পৰম ধাৰ্ম্মিক সুবিনয় গুণৱন্ত॥
নানা সুখভোগ ভুঞ্জি থাকিয়া তহিত।
চৈত্ৰমাস কৃষ্ণপক্ষ হৰিবাসৰত॥
ঈশ্বৰ ইচ্ছাত তাৰ কাল আসি ভৈল।
কৃষ্ণমন্ত্ৰ জপি গুৰু সঙ্গক লভিল॥
তাহাৰ মধ্যম ভ্ৰাতা বিজ্ঞ গুণৱন্ত।
ভৱনাথ নাম বৰতামূলী সুশান্ত॥
বৈদ্য বিদ্যা জানয় কাৰ্য্যত সুবিনয়।
সৰ্ব্বলোকে জানে বাক সাদৰি আছয়॥
জ্ঞাতিভক্ত আৰু পিতৃজনে ভক্তিমান।
গুণত নিপুণ অতি পৰম শ্ৰীমান।
মাজুদৌল বৰুৱা যে লক্ষ্মীনাথ নাম।
তাহাৰ দুহিতৃ গুণগণে অনুপাম॥
তাঙ্ক বিবাহিয়া তিনি পুত্ৰ এক কন্যা
প্ৰভবায়া আছে সিটোজন মহাধন্য॥