পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
বেজবৰুৱা বংশাৱলী

কলিমন ডেকা যিটো ৰূপে গুণে শিষ্ট।
তাহান কথাক লোকে কহয় গৰীষ্ট॥
কলিবৰ বৰুৱাৰ সঙ্গত আসিলা।
কালবশে ইদেশত ইঠাৱে বহিলা॥
কিন্তু তাহাৰাৰ কাল হোৱাৰ পাছত।
জাতি কিম্বা বংশ কিছু স্থিৰ নভৈলন্ত॥
সিহেতু গোত্ৰৰ মধ্যে আমাসাৰ আতি।
বংশ মানি থাকয় শিষ্টসৰ তৈতি॥
বিশেষত আমি সবে এক গোত্ৰ জানি।
বংশক নিশ্চয় মনে থাকো সবে মানি॥
সিটো কলিমন সুত নামে মৃদঙ্গীয়া।
সপ্তম তনয় সুশোভন উপাৰ্জ্জিয়া॥
সৰ্ব্বশ্ৰেষ্ঠ হৈল নাৰায়ণ শুদ্ধমতি।
শেষ ছয় জনৰ নাপাইলোঁ নাম খ্যাতি॥
কিন্তু সিসৰৰ প্ৰতিজন মহাশয়।
সাত সাত পুত্ৰ তততুল্য পৌত্ৰ হয়॥
বিশেষত নাৰায়ণ পৌত্ৰ ধৰ্ম্মশীল।
বলোৰাম ডেকা জানা কাৰ্য্য়ত কুশল॥
তাৰহন্তে ভৈল কাতিৰাম ডেকাসাৰ।
ধৰ্ম্মকৰ্ম্ম সবাত নিপুন জানা তাৰ॥
পুত্ৰ ভৈল হলিৰাম পৰম শোভন।
ধৰ্ম্মৰ তনয় জানা অতি গুণবান॥