পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বেজবৰুৱা বংশাৱলী

নানা তীৰ্থক্ষেত্ৰ সেবি ফুৰন্তে যে পাছে।
মাধৱ কামাখ্যা আদি তীৰ্থ সব আছে॥
লোক মুখে শুনি তাৰ প্ৰভাৱসকল।
মনত মানিলা ভৈল জনম সাম্ফল॥
সিসব দৰ্শন অৰ্থে আইল ইটো দেশ।
ৰাজা শুনি তান গুণ নাম যে বিশেষ॥
আপোন স্থানক আনি সাদৰে ৰাখিলা।
ধনধান্য দামী দাস নানা ভূমি দিলা॥
উত্তৰৰ লখিম্পূৰ আদি তিনি স্থানে।
হাজাৰেক ভূমি দিয়া ৰাখিলা যতনে॥
ইদেশৰ যত বৈদ্যগণ আছিলন্ত।
তাহাৰ বৰুৱা পাতি মান্যক দিলন্ত॥
সিটো কাল হন্তে আমাসাৰ ঘৰে আতি।
বেজৰ বৰুৱা নাম ভৈলন্ত প্ৰখ্যাতি॥
কলিমন নামে এক দ্বিজ আসিছিলা।
সিও জ্ঞাতি হেতু তান সঙ্গত ৰহিলা॥
যাহাৰ সন্তান বাঢ়ি স্থানে স্থানে আতি।
মৃদঙ্গীয়া ফৈদ নামে ভৈলন্ত প্ৰখ্যাতি॥
তাহাৰ বংশৰ কথা পৰে নিবন্ধিবোঁ।
আমাৰ পুৰুষাৱলী প্ৰথমে কহিবোঁ॥
যিমতে আমাৰ বংশসব বৃদ্ধি ভৈল।
যাৰ যশ গুণ নাম দিশক ব্যাপিল॥