পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় ভাগ।
(শ্ৰীনাথ বেজবরুৱা প্ৰণীত)

কৃষ্ণ পাদপদ্ম দুই হৃদয়ত ধৰি।
পিতৃ দীননাথ পদে নমস্কাৰ কৰি॥
শেষ বংশাৱলী কথা সংগ্ৰহ কৰিয়া।
মতি জ্ঞান অনুসৰি কহো বিৰবিয়া॥
পিতামহ কৃষ্ণৰাম বৈদ্যৰ বৰুৱা।
পৰম ধাৰ্ম্মিক জ্ঞানী শুদ্ধ মন ছিয়া॥
চন্দ্ৰায়নী নামে কন্যা বিবাহ কৰিলা।
এক পুত্ৰ দুই কন্যা সতী প্ৰসবাইলা॥
হলিৰাম বৰুৱা পৰম গুণৱন্ত।
বৈদ্যশ্ৰেষ্ঠ ধৰ্ম্মৰত মহা খ্যাতিৱন্ত॥
কপহী চেনেহী দুই চন্দ্ৰায়নী সুতা।
ৰূপেগুণে বিভূষিতা মহা আনন্দিতা॥
স্বামী বিদ্যমানে চন্দ্ৰায়নী মহাসতী।
হৰি স্মৰি কালে প্ৰাণ কৈলা সমাপতি॥
শেষে পিতামহ বিহা কৰিলন্ত কন্যা।
কাশীনাথ সুতা যে গোমতী মহাধন্যা॥
পঞ্চকন্যা এক পুত্ৰ গৰ্ভত ধৰিলা।
দুৰ্ব্বী বিনাই কুন্দাই যোগেশ্বৰী ৰত্নী ভৈলা॥