সমললৈ যাওক

পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
বেজবৰুৱা বংশাৱলী

বসেন্দ্ৰ বংশৰ বিশ্বেশ্বৰ সুতা সতী।
ডিম্বেশ্বৰী বিবাহিলা ব্ৰজ মহামতি॥
পুত্ৰ ভৈল ৰমানাথ মাতৃ গৈল মৰি।
ৰমানাথো অকালতে প্ৰাণ গৈলা ছাৰি॥
ফেদেলা খাটনিয়াৰ শলগুৰি ঠাই।
তাৰ কন্যা ব্ৰজনাথে বিবাহিলে পাই॥
সন্তান নভৈল ব্ৰজ প্ৰাণক চাৰিল।
নন্দনাথে জোৰহাট অঞ্চলে বিহাইল।
হেমচন্দ্ৰ সুতা সিটো নন্দৰ ঘৰিণী।
ভোলানাথ ৰাধানাথ পুত্ৰৰ জননী॥
জগন্নাথ নাম যিটো দ্বিতীয় তনয়।
পেঞ্চন ভুঞ্জিয়া শিৱসাগৰে আছয়॥
বলদেৱ নাজিৰাৰ পুত্ৰী বিষ্ণুপ্ৰিয়া।
জগন্নাথে বিবাহিলে অতি প্ৰীতি হৈয়া॥
বিৰিঞ্চি যে নবকৃষ্ণ তনয় দুগুটি।
তিনি কন্যা প্ৰসবাইলা বিষ্ণুপ্ৰিয়া সতী॥
যোগদা বৰদা আৰু শাৰদা শোভনা।
একে একে সিসবৰ কৰোঁহো বৰ্ণনা॥
জখলাবন্ধাৰ শিৱদেৱ সুত ৰাম।
বিবাহে যোগদা নামে কন্যা অনুপাম॥
দুই পুত্ৰ আছে সিটো দেবী যোগদাৰ।
অশ্বিনীকুমাৰ আৰু হিৰণ্যকুমাৰ॥