পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
বেজবৰুৱা বংশাৱলী

জোৰহাটে সোনাৰাম ফুকনৰ সুতা।
গুণগোবিন্দৰ সিটো ভাৰ্য্যা অনিন্দিতা॥
পুত্ৰ কৃষ্ণগোবিন্দ নামত ভৈল তাৰ।
গুঞ্জানন কথা এবে কৰিবো বিস্তাৰ॥
জখলাবন্ধাৰ শিৱদেৱ গোস্বামীৰ।
সুতা হেমী বিবাহিলে গুঞ্জানন ধীৰ॥
ছয় পুত্ৰ প্ৰসবাইলে হেমী গুঞ্জজায়া।
একে একে সি সবক কহো বিবৰিয়া॥
পদ্মৰঞ্জন ধৰ্ম্মৰঞ্জন আৰ গোপীৰঞ্জন।
গগনৰঞ্জন এক আৰু নিত্যৰঞ্জন॥
ভৈৰবৰঞ্জন সমে এই ছয় জন।
হৈমাৱতী গুঞ্জজায় কৰয় জনন।
গুণ গোবিন্দৰ দুই ভগিনীৰ নাম।
ভৈল মুক্তাৱতী লীলাৱতী যে সুঠাম॥
হিতেশ্বৰ কটকি বিহাইলে মুকুতাক।
প্ৰসবিলে ৰত্মা স্বৰ্ণ সূৰ্য্য দুহিতাক॥
ব্ৰহ্মকান্ত গোস্বামীৰ ভাৰ্য্যা ৰত্না ভৈল।
দুই পুত্ৰ এক কন্যা ৰত্না প্ৰসবাইল।
টুঙ্কেশ্বৰ কটকিৰ তনয় ৰজনি।
বিবাহে স্বৰ্ণক পুত্ৰ কন্যাৰ জননী॥
গোবিন্দ কটকি বিবাহিলে সূৰ্য্য দেবী।
দুই পুত্ৰ এক কন্যা আছয় প্ৰসবি॥