পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
বেজবৰুৱা বংশাৱলী


দেবেন্দ্ৰ ঠাকুৰ বাৰু মহৰ্ষি বোলয়।
পৰম ধাৰ্ম্মিক জ্ঞানী মানী শুদ্ধাশয়॥
তাৰ পুত্ৰ হেমেন্দ্ৰঠাকুৰ মহামতি।
পবিত্ৰ হৃদয় যিটো ধৰ্ম্মৰত অতি॥
দুহিতা তাহাৰ প্ৰজ্ঞাসুন্দৰী বিদুষী।
লক্ষ্মীনাথে বিবাহিলা পৰম হৰিষি॥
চাৰি কন্যা লভি প্ৰজ্ঞাদেবী গুণৱতী।
স্বামী পদসেবী সুখে বঞ্চে দিন সতী॥
প্ৰথম দুহিতা যিটো সুৰভি নামত।
পঞ্চবৰ্ষ কালে মৃত্যুমুখে উপগত॥
অৰুণা দ্বিতীয়া ৰত্নাৱলী যে তৃতীয়া।
চতুৰ্থা দীপিকা আছে অতি শোভনীতা॥
পত্নী সুতা সমে লক্ষ্মীনাথ শুভনয়।
স্বীয় ব্যৱসায় পালি হাওড়াত থাকয়॥
মহামহা বাৰুনীত গঙ্গাস্নান মনে।
কলিকতা পিতৃমাতৃ সহিত লক্ষ্মণে॥
গৈয়া বিধিমাতে কাৰ্য্য় সমাপন কৰি।
ঈশ্বৰ ইচ্ছাতে তাতে প্ৰাণ গৈলা ছাৰি॥
চিকিৎসা শাস্ত্ৰক বহু কৰিয়া যতন।
পিতৃমুখে সবিশেষ শিকিলে লক্ষণ॥
পিতৃৰ পৰম প্ৰিয় ছিলা শুদ্ধচাৰী।
ৰামচন্দ্ৰে গোলাঘাটে গৈলা প্ৰাণ ছাৰি॥