পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
বেজবৰুৱা বংশাৱলী

তিনি কন্যা হেমকান্তি সতী জনমাইলা।
লক্ষ্মীপ্ৰিয়া শুভদা বৰদা নাম খৈলা॥
ৰসেন্দ্ৰৰ বিশ্বেশ্বৰ পুত্ৰ লক্ষেশ্বৰ।
প্ৰথমা বিহালে পত্নী গৈলা যমঘৰ॥
ভূদেব নাম ৰতনপুৰীয়া মহন্ত।
মেহকান্তি সুতা শুভদাক বিহাইলন্ত॥
কতকাল স্বামীসঙ্গে শুভদা বঞ্চিলা।
পুত্ৰ দুই ৰাখি শেষে প্ৰাণক ত্যজিলা॥
শেষ কন্যা বৰদা সুন্দৰী নাম কয়।
কাৰ্য্যত কুশলা সুখে অদ্যাপি আছয়॥
ডাঙৰীয়া কীৰ্ত্তিনাথ খঙীয়া ফুকন।
পৰম বিশিষ্ট জ্ঞানীমানী শুদ্ধমন॥
তাহাৰ তৃতীয় পুত্ৰ নাম কুলনাথ।
পত্নীমৃতে বৰদাক বিবাহে সাক্ষাত॥
উৰ্ব্বীধৰ নামে শিৱসাগৰী বৰুৱা।
সব্বশাস্ত্ৰ বিশাৰদ ধৰ্ম্মৰত হিয়া॥
মহামহোপাধ্যায় বাহাক বুলি খ্যাত।
তাৰ পুত্ৰ মহীধৰ বৰুৱা প্ৰখ্যাত॥
দ্বিতীয় কন্যাক ছায়াদেবীক ৰিহাইলা।
পুত্ৰেক ৰাখিয়া মহীধৰ মৰি গৈলা॥
বিধবা ধৰ্ম্মক ছায়াদেবী আচৰিয়া।
পুত্ৰ সোমধৰ সবে আছয় বঞ্চিয়া॥