পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
বেজবৰুৱা বংশাৱলী


ভৃতয় তনয় অবিবাহিত আছয়।
কহো ত্ৰৈলোকেশ্বৰীৰ কথা পৰিনয়॥
জগন্নাথ বৰুৱা উপাধি বি, এ, খ্যাত।
পৰম বিশিষ্ট জ্ঞানী মানী যে প্ৰখ্যাত॥
এড্‌ৱাৰ্ড সপ্তম সম্ৰাট অভিষেক।
সময়ে নিমন্ত্ৰি তাৰু নিলে ইংলণ্ডক॥
বিবাহে ত্ৰৈলোকশ্বৰী তেওঁ সুচৰিতা।
নিঃসন্তান দেবী স্বামীহীনা বিবাদিতা॥
পদ্মেশ্বৰী যোগেশ্বৰ কটকি বিহাইলা।
নিঃসন্তান হৈয়া দেবী প্ৰাণক ছাৰিলা।
কেশৱ পূজাৰি বুলি পৰম সুশিষ্ট।
দেৱ দ্বিজৰত যিটো পৰম ধৰ্ম্মিষ্ঠ॥
তাহাৰ তনয় গঙ্গাগোবিন্দ ফুকন।
পৰম সুধীৰ জ্ঞানীমানী হৃষ্টমন॥
তাহাৰ অগ্ৰজা পৰ্শু ৰামে বিবাহিলা।
পুত্ৰ গুণগোবিন্দ আৰ গুঞ্জানন ভৈলা॥
গুণগোবিন্দৰ যিটো প্ৰথমৰ জায়া।
ৰাধা কটকিৰ পৌত্ৰী থৈলা পৰিনিয়া॥
পদ্মৰূপে কন্যা ৰাধাগোবিন্দ তনয়।
কন্যা পুত্ৰ ৰাখি সতী প্ৰাণ পৰিছয়॥
কন্যা পদ্মৰেখা গুৰুপ্ৰসাদে বিহালে।
দ্বিতীয় বিবাহ গুণগোবিন্দে কৰিলে॥