সমললৈ যাওক

পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
বেজবৰুৱা বংশাৱলী

ব্ৰজনাথ ঘিন দুই পুত্ৰ প্ৰভবাইলা।
শেষে প্ৰাণ ছাৰি নিজ গুৰু সঙ্গ পাইলা॥
ব্ৰজৰ ভগিনী চন্দ্ৰাদেবী মহাসতী।
কামদেৱাল মহাজন বিশ্বনাথ আতি॥
তেহোঁ বিবাহিয়া দুই পুত্ৰ উপাৰ্জ্জিলা।
ধৰ্ম্মেশ্বৰ যজ্ঞেশ্বৰ অদ্যাপি ৰহিলা॥
যজ্ঞোডেকা সুত দুইজন মহাশয়।
মহেশ্বৰ ত্ৰাহিৰাম জানিবা নিশ্চয়॥
মহাগুণৱন্ত আতি কাৰ্য্যত প্ৰধান।
কহোঁ সাৱশেষে তাসম্বাৰ গুণগান॥
হৰি পুত্ৰ লম্বো ধৰ্ম্মেশ্বৰ জয়দেৱ।
ধৰ্ম্মেশ্বৰ সূত দুই অদ্যাপি আছয়॥
প্ৰাণনাথ ভোলানাথ গুণে মহাশয়।
সুখে ধৰ্ম্মাশ্ৰয় কৰি বাসক কৰয়॥
বিশেষত লম্বোডেকা মহা শুদ্ধমতি।
শ্ৰীক্ষেত্ৰ আদি তীৰ্থ কৰিয়া তহিতি॥
গয়া কাশী প্ৰয়াগাদি মহাতীৰ্থ আছে।
সি সি স্থানে সেবি বৃন্দাবন গৈলা পাছে॥
যিটো বৃন্দাবন স্থান পৰম প্ৰকৃষ্ট।
হৰি উপাসিয়া থাকে যৈত সাধুশিষ্ট॥
যাৰ নাম কীৰ্ত্তনে স্মৰণে লোক তৰে।
সিটো পূৰ্ণব্ৰহ্ম কৃষ্ণ যাহাক নাচাবে॥