পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
বেজবৰুৱা বংশাৱলী


ডাঙৰীয়া কাশীনাথ তামুলী ফুকন।
পৰম পণ্ডিত জ্ঞানী পবিত্ৰ সুজন॥
আসাম-বুৰঞ্জী ৰচি বুদ্ধি পৰিচয়।
তাৰ মধ্য পুত্ৰ মুক্তানাথ মহাশয়॥
বিবাহিলা বসুদাক পৰম সাদৰে।
ছয় পুত্ৰ এক কন্যা সতী গৰ্ভে ধৰে॥
পদ্মনাথ দুৰ্গানাথ নামে সুতদ্বয়।
সহোদৰা আৰু এক অদ্যাপি আছয়॥
তাৰানাথ ফুকনৰ মুৰলী সোদৰ।
বিবাহিয়া লীলাৱতী গৈলা যমঘৰ॥
বিধবা ধৰ্ম্মক পালি পিতৃৰ গৃহত।
কালে লীলাৱতী মৃত্যুমুখে উপগত॥
বৰঘৈণী কন্যা কথা কৰি সমাপন।
এবে কহোঁ ভ্ৰাতৃসকলৰ বিবৰণ॥
প্ৰথম তনয় ব্ৰজনাথ যাৰ নাম।
ধৰ্ম্মশীল জ্ঞানী মানী শান্ত অনুপাম॥
চিকিৎসা শাস্ত্ৰত সিটো পৰম নিপুণ।
অদ্যাপিয়ো সৰ্ব্বজনে গায় বাৰ গুণ॥
বাপুবৰুৱাৰ কন্যা বিবাহে প্ৰথমে।
নন্দনাথ নামে পুত্ৰ ভৈল অনুক্ৰমে॥
প্ৰথম ভাৰ্য্যাৰ প্ৰাণ বিয়োগৰ অন্তে।
দ্বিতীয়া ভাৰ্য্যাক তেওঁ বিহা কৰিলন্ত॥