পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বেজবৰুৱা বংশাৱলী

গোলাপী প্ৰসৱে দুই পুত্ৰ চাৰি সুতা।
প্ৰেমলতা অন্নদা ৰূপহী কুঞ্জলতা॥
বসন্তকুমাৰ কৃষ্ণকুমাৰ তনয়।
পিতৃমাতৃ সঙ্গে সবে হৰিষে আছয়॥
ৰামচন্দ্ৰ চক্ৰবৰ্ত্তী সাৰৰ বংশৰ।
বিবাহিলে প্ৰেমলতা হৰিৰ অন্তৰ॥
শৰতকুমাৰী প্ৰেমলতা সুতা হয়।
অন্নদাক ভদ্ৰেশ্বৰে কৰে পৰিনয়॥
শেষ কন্যা দুই পুত্ৰ আছে পিতৃ সঙ্গে।
চিকিৎসক হৈয়া বিষ্ণু বঞ্চে মনৰঙ্গে॥
বৰঘৈনী পৰিয়াল কথা সাঙ্গ কৰি।
সৰুঘৈনী পৰিয়াল কহিবোঁ বিবৰি॥
গোবিন্দ বিনন্দ পৰে দুৰ্গেশ্বৰী নাম।
শ্ৰীনাথ শ্ৰীলক্ষ্মীনাথ লক্ষ্মণ যে ৰাম॥
কনিষ্ঠ শ্ৰীহৰিনাথ এই অষ্টজন।
সৰুঘৈনী থানেশ্বৰী কৰয় জনন॥
গোবিন্দ নামত যিটো প্ৰথম তনয়।
বিদ্যাত নিপুন জ্ঞানী মানী মহাশয়॥
উচ্চ বিদ্যালয় ত্ৰয় কৰিয়া স্থাপন।
আসামৰ জোৰহাটে আছে মতিমান॥
ক্ষত্ৰিয় আত্মজ মুকুন্দ সিংহ মহামতী।
গোবিন্দে বিহাইলা তাৰ সুতা লীলাৱতী॥