সমললৈ যাওক

পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
বেজবৰুৱা বংশাৱলী


কানুৰাম বানেশ্বৰ আৰু ভূমিধৰ।
কাল হৈয়া গৈলা গুণ আছিল বিস্তৰ॥
যিটো বলাই নাম শান্ত ৰূপেগুণে খ্যাতি।
নিজধৰ্ম্ম আচৰিয়া আচয় প্ৰকটি॥
তাহান তনয় কৃষ্ণকান্ত চন্দ্ৰমল।
পিতৃসঙ্গে বাস কৰে পৰম কুশল॥
হেমকান্তী নাম যিটো বলাই ভগিনী।
কোমল দুৱৰীয়া সুত কৰিল ঘৰিণী॥
তাহাৰ ভকত ধূলি খাওন্দ সুত।
ৰামনাথ নাম তাৰ জানিবা বিদিত॥
আৰু নাৰায়ণ ডেকা মহাভাগ্যবান।
ত্ৰাহিৰাম গোবিন্দ যে পুত্ৰ সুনিপুণ॥
গোবিন্দৰ পূত্ৰ নিত্যানন্দ লম্বোদৰ।
পৰম সুন্দৰ তাক জানিবা সুসাৰ॥
নাৰায়ণ ভট্টাচাৰ্য্য দ্বিজ শুদ্ধমতি।
তাহাৰ ভতিজা হৰদেৱ নামে খ্যাতি॥
সিজনৰ সূতা লম্বোদৰে আনি আছে।
জয়ডেকা খুৰাৰে সে কহোঁ গুণ পাছে॥
যাৰ যশগুণ লোক সকলে কহয়।
ৰূপেগুণে বিখ্যাত নিপুণ অতিশয়॥
তানপুত্ৰ জীউৰাম কিনাৰাম থৈলা।
প্ৰাণ এৰি কৃষ্ণৰ ধামক প্ৰবেশিলা॥