পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
বেজবৰুৱা বংশাৱলী

পৰম বিশিষ্ট সাধু সঙ্গে থাকি আতি।
নিজগুৰু সঙ্গ পাইলা প্ৰাণ ছাৰি তৈতি॥
তাহান অনুজ সিন্ধু নামত আছয়।
তেৱোঁ মহা বিশিষ্ট গুণত অতিশয়॥
সিটো বৰমহা মধ্যে আছন্ত সম্প্ৰতি।
বিষ্ণু বৈষ্ণৱক সেবি নিজ ধৰ্ম্মে তৈতি॥
সঞ্জয় ডেকাৰ আবে কহোঁ পৰিচয়।
দুই পুত্ৰ হৈয়া গৈল যমৰ আলয়॥
পূৰ্ণ আৰু শিশুৰাম তাহাবাক কয়।
তাৰ মাতৃ দুখ ভুগি অধ্যাপি আছয়॥
সঞ্জয়ৰ নাহি ৰৈল সন্তান ইহাত।
জুৰাই বৰুৱাৰ কথা কহিবোঁহোঁ আত॥
গাভৰুমেলৰ হৈয়া বৰুৱা প্ৰধান।
গুণগণ নিপুণ কাৰ্য্যত অখণ্ডন॥
বৈদ্য কৰ্ম্মে প্ৰবীন থাকিয়া সুখে আতি।
ৰাজ দৰ্ব্বাৰত পাইলা প্ৰধান সুখ্যাতি॥
তান এক পুত্ৰ তিনি কন্যা জন্ম ভৈলা।
পিতৃতুল্য সুখিয়াতি পুত্ৰয়ো থাপিলা॥
গাভৰুমেলীয়া হৈয়া বৰুৱা প্ৰধান।
ৰামনাম ৰৈলা সবে কহে গুণগণ॥
আয়ুৰ্ব্বেদ বিদ্যা যত জানিছিলা মানে।
আহাৰ প্ৰভায়ে গুণ স্থাপিলা যতনে॥