পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
বেজবৰুৱা বংশাৱলী

স্নানি গঙ্গাদেবী  স্থান সত্ৰ সেবি
 কৃষ্ণৰ পদ উপেখি॥
বেদ বান হয়  চন্দ্ৰ নিয়োজয়
 হায়ণ মাস শ্ৰাৱণ।
শ্বেত পক্ষ দিবা  ত্ৰয়োদশী পায়া
 জ্ঞাতিভক্ত বিদ্যমান॥
গোত্ৰ শ্ৰেষ্ঠগণ  বেঢ়িয়া যতনে
 মৃত্যুৎসৱ আচৰন্তে।
ৰামনাম স্মৰি  প্ৰাণ পৰিহৰি
 কৃষ্ণধাম উপগত॥
তান পুত্ৰ দুই  সৰু জানা মই
 মতি দীন অতিশয়।
কৃষ্ণ পাৱে অতি  কৰিয়া প্ৰণতি
 পদছন্দে নিৰুপয়॥
দীন মূঢ়মতি  জানিয়া সম্প্ৰতি
 শিষ্টে ক্ষমা দোষ যত।
ইচ্ছুক সকলে  শুনি অবিকলে
 প্ৰত্যবায় কৰা হত॥
 


দুই পত্নী বিহিলা মোৰ পিতৃদেৱ।
সাৱশেষে কহোঁ তান পদ কৰি সেৱ॥