সমললৈ যাওক

পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
বেজবৰুৱা বংশাৱলী

তাহান অনুজা দুইৰো প্ৰবন্ধিবোঁ আৰে।
ৰূপহী চেনেহী দেবী নাম জানা তেবে॥
পুণিয়াৰ সত্ৰে অধিকাৰ মহাশয়।
লোকাই মহন্ত নাম সকলে কহয়॥
ৰূপহী দেবীক অতি পৰম সাদৰে।
বিবাহ কৰিয়া নিলা সিটো শিষ্টবৰে॥
নমোৰাম নাম পুত্ৰ অদ্যাপি আছয়।
পুত্ৰী দুতয়ৰ নাম পৰ্ভী চন্দ্ৰী কয়।
পৰ্ভীক নিলেক জগন্নাথ দুৱৰীয়া।
পুত্ৰ হলিৰাম হৈল জানা বিচাৰিয়া॥
মাহবাৰ মহন্ত যে দ্বিজ মহাশয়।
চন্দ্ৰীক বিবাহ কৰি কাল কতিপয়॥
থাকিয়া ভৈলন্ত মৃত্যু পুত্ৰী দুই চাৰি।
মাতামহ গৃহে আছে মাতৃ সঙ্গকৰি॥
এহিমানে সিসবক কহিলোঁ প্ৰচাৰি।
মোৰ মাতৃ আখ্যানক কহিবোঁ বিস্তাৰি॥
পৰাশৰ গোত্ৰ শ্ৰেষ্ঠ দ্বিজ শুদ্ধমতি।
বনমালী দ্বিজ সুত জানিও সম্প্ৰতি॥
বসুন্ধৰী দেবী গৰ্ভে জনম লভিলা।
দ্বিজশ্ৰেষ্ঠ কাশীনাথ যাৰ নাম থৈলা॥
দেৱগ্ৰাম দেৱালয়ৰ ঠাকুৰ প্ৰখ্যাত।
পৰম পণ্ডিত শ্ৰেষ্ঠ মান্যত বিখ্যাত॥