পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বেজবৰুৱা বংশাৱলী

সিজনৰ দুইগুটি পুত্ৰ সুশোভন।
ৰঘুদেৱ বিশ্বদেৱ গুণত নিপুণ॥
লোক মুখে প্ৰকাশিত গুণগণ যাৰ।
তাম্বুলী ফুকন কাশীনাথ নাম সাৰ॥
তাহাৰ দৌহিত্ৰী ৰূপে গুণে মহাধন্যা।
ৰঘুদেৱ দ্বিজে বিবাহিলা সিটো কন্যা॥
পৰম সুখত আছে নিজ পতি সঙ্গে।
বিবৰিয়া কহিলোঁহো ইটো কথা ৰঙ্গে॥
ধৰ্ম্মেশ্বৰীকেসে দিলা সত্ৰ বনগ্ৰাম।
তান হন্তে পুত্ৰ ভৈল বাসুদেৱ নাম॥
সিটো বাসুদেৱসুত আছয় সম্প্ৰতি।
পৰম ধাৰ্ম্মিক গুণ গণে সুবিনীতি॥
বনগ্ৰাম অধিকাৰী জ্যেষ্ঠ দ্বিজবৰ।
নাৰায়ণ বাপাটি যে সোদৰ তাহাৰ॥
আধাৰ মহন্ত স্থানে বিমলাক দিলা।
মুকলিমুৰীয়া ঘৰে কমলা পৰিলা॥
বিমলাৰ পুত্ৰ বসুদেৱ যে মহন্ত।
পুত্ৰ খগেশ্বৰ দেৱ সম্প্ৰতি আছন্ত॥
এহিমানে অন্ত ভট্টাচাৰ্য্যৰ কাহিনী।
আনোসব কথা মই কহিবোঁ ঐসানি॥
শিমলুঅটীয়া ডেকা বংশ খ্যাতি মান।
তান সুত নাম ভৈল ৰামনাৰায়ণ॥