পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
বেজবৰুৱা বংশাৱলী


সৰ্ব্বানন্দ ভৈল জানা কনিষ্ঠ তনয়।
তনয়া মোহিনী সোণপাহী বুলি কয়॥
নিঃসন্তানে কিনাৰাম প্ৰাণক ছাবিলা।
বিদ্যানন্দে উমাকান্তি কন্য়া বিবাহিলা॥
ৰাজগুরু ব্ৰজনাথ ফুকনৰ সুতা।
সিটো উমাকান্তি বিদ্য়ানন্দৰ বনিতা॥
চাৰি কন্যা পুত্ৰ দুই বিদ্যাজায়া ধৰে।
ঈশ্বৰ ইচ্ছায় বিদ্যা প্ৰাণ পৰিহৰে॥
তনু বৰপূজাৰিৰ পুত্ৰ সোমেশ্বৰ।
তাৰ জ্যেষ্ঠ তনয় নামত দেবেশ্বৰ॥
বিদ্যানন্দ কন্য়া প্ৰেমদাক বিৰাহিল।
উমা পদ্ম পুত্ৰ ৰাখি সতী প্ৰাণ গল॥
প্ৰমোদ নামত বৰ ঠাকুৰ বোলয়।
ধৰ্ম্মেশ্বৰী মধ্যমাক সিটো বিবাহয়॥
দুই পুত্ৰ ছয় কন্যা ধৰ্ম্মেশ্বৰী ধৰে।
বসন্তকুমাৰ আৰু আনন্দকুমাৰে॥
সুখদা সুন্দৰী আৰু বৰদা সুন্দৰী।
জ্ঞানদা সুন্দৰী আৰু মোক্ষদা সুন্দৰী॥
সৰোজিনী দেবী পৰে বিমলা সুন্দৰী।
এই ছয় কন্য়া গৰ্ভে ধৰে ধৰ্ম্মেশ্বৰী॥
লেঙ্গঠাকুৰৰ গুণনাথ নাম যাৰ।
বিবাহে সুখদা এক পুত্ৰ কন্য়া তাৰ॥