সমললৈ যাওক

পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
বেজবৰুৱা বংশাৱলী

মনপুৰ ডেকা পুত্ৰ বিকাই পেলন।
পেলন সন্তান বেথাই ছিল গুণগণ॥
বিকাই ডেকাৰহন্তে ভৈল মনু নাম।
ৰূপেগুণে সুশোভন ধাৰ্ম্মিক পৰম॥
যিটো কেশ ডেকা আতি নিপুণ পৰম।
পুত্ৰেক ভৈলেক শ্ৰেষ্ঠ নাম বলোৰাম॥
তাহাৰ তনয় বাসু গৌৰি শম্ভু আৰ।
সঞ্জয় প্ৰখ্যাত জুৰাই বৰুৱা সুসাৰ॥
বাপু ডেকা সুত শিৱাই লোকাই ৰঘুনাথ।
ৰূপেগুণে সুশোভন পৰম প্ৰখ্যাত॥
আৰু দয়াৰাম নাম পৰম ধাৰ্ম্মিক।
গুৰুঘৰে আছে ভক্ত হৈয়া অতিৰেক॥
প্ৰসিদ্ধ বৈষ্ণৱ লোকে সাদৰিয়া আতি।
তাহাৰ মধ্যত দেউৰি কৰ্ম্মে থৈলা তৈতি॥
শিবাইৰ পুত্ৰ দুই জন্মিয়া আছন্ত।
মহুৰা স্থানত তাৰা বাস কৰিছন্ত॥
গৌৰিবেসে তনয় চতুৰ্থ জাত ভৈলা।
লক্ষ্মী অনু সিন্ধু ঘনশ্যাম নাম ৰৈলা॥
তান মধ্যে অনুৰাম ভৈলন্ত প্ৰধান।
মহাসাধু হৈয়াছিল কাল কতমান॥
গুৰুস্থানে সত্ৰ মধ্যে পৰম যতনে।
বৰবহা আতৈ হৈয়া বহিছিলা থানে॥