পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
বেজবৰুৱা বংশাৱলী

নাম চন্দ্ৰমোহন থৈলন্ত বালকৰ।
দ্বিতীয় বিবাহ কহোঁ চন্দ্ৰকমলৰ॥
গঙ্গাধৰ বৰকটকিৰ সুতা এক।
বিবাহিলে প্ৰভবাইলে দুই দুহিতাক॥
চন্দ্ৰকমলৰ পিতৃ নাম নাৰায়ণ।
স্বাধীন ব্যবসাধাৰী চৰিত্ৰ শোভন॥
প্ৰথমৰ ভাৰ্য্যা তাৰ মৰণৰ অন্তে।
ঘনশ্যাম চক্ৰবৰ্ত্তী সুতা বিহাইলন্ত॥
জীৱদা নামত সিটো কন্যা শুভনয়া।
নাৰায়ণ ঘৰিণী কহিলোঁ বিস্তাৰিয়া॥
তিনি পুত্ৰ তিনি কন্যা সতী প্ৰসবায়।
আনন্দ প্ৰথম যোগেশ্বৰ মধ্য হয়॥
কনিষ্ঠ তনয় নাম থৈলন্ত গোলোক।
তিনি কন্যা নাম মই কহিবো প্ৰত্যেক॥
দময়ন্তী বিদ্যাধৰী আৰু মহেশ্বৰী।
সিসবৰ বিবাহক কহিবোঁ বিবৰি॥
দৈচুঙা যোগধৰ পণ্ডিত প্ৰবৰ।
তাহাৰ তনয় নাম ভৈল চন্দ্ৰধৰ॥
বিবাহিলা দময়ন্তী দুই পুত্ৰ ভৈল।
ৰত্নেশ্বৰ কুশধৰ বুলি নাম থৈল॥
আৰু দুই কন্যা দময়ন্তী গৰ্ভে ধৰে।
আইকণ সুভদ্ৰা বুলিয়া নাম কৰে॥