পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
বেজবৰুৱা বংশাৱলী

মধুবৰা ভতিজা গোপীৰ সহোদৰা।
ভৈল বৰুৱাৰ ভ্যাৰ্য্য কাৰ্য্যত তৎপৰা॥
পুত্ৰ তিনি কন্যা দুই গৰ্ভত ধৰিলা।
পদ্মনাথ পীতাম্বৰ যজ্ঞেশ্বৰ ভৈলা॥
অবিবাহে পদ্মনাথ ছাৰিলা জীৱন।
পীতাম্বৰ সুতা এক ভৈলেক শোভন॥
ৰতনপুৰীয়া যোগানন্দ যে মহন্ত।
পীতাম্বৰ সুতাক যে বিহা কৰিলন্ত॥
যজ্ঞেশ্বৰে অবিবাহে প্ৰাণ পৰিহৰি।
বৰুৱাৰ বংশাৱলী থৈলা সাঙ্গ কৰি॥
লক্ষ্মীনাথ বৰুৱাৰ ভ্ৰাতৃ চন্দ্ৰকান্ত।
শাস্ত্ৰত পণ্ডিত কাৰ্য্যক্ষম বুদ্ধিমন্ত॥
পুৰণি মাটিৰ কন্যা বিবাহ কৰিলা।
এক পুত্ৰ এক কন্যা সতী প্ৰবসিলা॥
পদ্মকান্ত নামত তনয় সুবিনয়।
মৌজাদাৰ হৈয়া দেৱগ্ৰামত আছয়॥
মুকলিমুৰীয়া পূৰ্ণচন্দ্ৰ গোস্বামীৰ।
দুহিতাক বিবাহিলে পদ্মকান্ত ধীৰ॥
ছয় পুত্ৰ পদ্মকন্ত জায়া গৰ্ভে ধৰে।
যোগকান্ত ৰূদ্ৰকান্ত তুলসী তৎপৰে॥
খগকান্ত পৰে ৰামগোপাল বিজয়।
এই ছয় পুত্ৰ সতী ক্ৰমে প্ৰসৰয়॥