সমললৈ যাওক

পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
বেজবৰুৱা বংশাৱলী

তান পত্নী কাত্যা যে নামত ধন্যা দেবী।
মহাসুখে আছিলন্ত স্বামীদেৱ সেবি
তান গৰ্ভে কন্যা সাতজনী পুত্ৰ দুই।
শেষে জাতা গোমতী নামত দেবী আই॥
যাহাৰ গৰ্ভত জনমক পাইলোঁ মই।
যাৰ যশগুণ সব অদ্যাপি কহয়॥
মহাধৰ্ম্মশীলা বিষ্ণুভক্ত নিৰুপমা।
তাহান সদৃশ মই নেদেখোঁ উপমা॥
আষাঢ় মাসৰ শ্বেতপক্ষ দিবা শেষে।
একাদশী তিথি পায়া পৰম হৰিষে॥
স্বামী গুৰু ভক্ত বিপ্ৰগণ বিদ্যমান।
প্ৰাণ চাৰি বিষ্ণুলোকে কৰিলা প্ৰয়াণ।
তান পঞ্চকন্যা একমাত্ৰ সুত মই।
ভগিনী সবৰ কহো আখ্যান এঠাই॥
দুৰ্ব্বী আৰু বিনাই কুন্দাই নামা সতী।
যোগেশ্বৰী ৰত্নী পঞ্চজনী যে প্ৰখ্যাতি॥
যিটো দুৰ্ব্বী দেবী অতি পৰম কুশলা।
স্বধৰ্ম্মনিৰত হৈয়া গুণে সুমঙ্গলা॥
নৱ ৰাজগুৰু ঘৰ বিষ্ণু বিবাহিয়া।
অচিৰ কাণত গৈলা প্ৰাণক ছাৰিয়া॥
তদবধি আমাৰ ঘৰত থাকি আতি।
গুৰুৰ কৃপাত কৰি হৰিত ভকতি॥