পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
বেজবৰুৱা বংশাৱলী

সিন্ধুৰাম মধুৰাম জয়নাৰায়ণ।
অপৰ শ্ৰীৰাম শুনা কহো যশগুণ॥
সিন্ধুৰাম দ্বিজবৰ পৰম পণ্ডিত।
যাৰ ব্যৱস্থাক কেহো নাপাবে খণ্ডিত॥
মহামন্ত্ৰী বুঢ়াগোহাঁই জানিবা প্ৰধান।
তান স্থানে পাইলা মহামান্য ধন ধান্য॥
ডেকাবৰুৱা যে নাম পাইলা মহামতি।
নানা বৈদ্য বিদ্যাসৰ প্ৰকাশিল তৈতি॥
তেহোঁ দুই কন্যা তিনি পুত্ৰ প্ৰসবাইলা।
মহীধৰ বাঞ্ছা বলোৰাম নাম থৈলা॥
অগ্ৰজ জানিবা মহীধৰ মহাসন্ত।
কনিষ্ঠৰ নাম বলোৰাম গুণৱন্ত॥
তাৰ কন্যা সিধাই নামা সুন্দৰী পৰম।
বিকাই পূজাৰিৰ সুত হেমকণ্ঠ নাম॥
তেহোঁ বিবাহিলা অতি পৰম যতনে।
তান গৃহে অদ্যাপিও আছে বিদ্যমান॥
মধ্যম জনৰ কোনো সন্তান নহন্তে।
প্ৰাণ পৰিহৰি গৈল আয়ুসৰ অন্তে॥
অগ্ৰজৰ জায়া ৰুদ্ৰাণী যিটো সতী।
বিষ্ণুদৌল ঠাকুৰ যে কোমল সন্ততি॥
যিটো দুই কন্যা অতি জানিবা বিখ্যাত।
দেৱযানী কণিকী যে লোকে ৰখানন্ত॥