সমললৈ যাওক

পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
বেজবৰুৱা বংশাৱলী


ইকথা সম্বৰি  কহিবোঁ বিষাৰি
 শেষ কথা ক্ৰমে ক্ৰমে॥
 

জগন্নাথ বৰুৱা পৰম গুণৱন্ত।
বৈদ্যশ্ৰেষ্ঠ ধৰ্ম্মশীল পুৰুষ শ্ৰীমন্ত॥
বৰঘৈণী সৰুঘৈণী দুই পত্নী ভৈল।
বৰঘৈণী তিনি পুত্ৰ ক্ৰমে প্ৰসবিল॥
হৰিনাথ জ্যেষ্ঠ ভৈল মধ্যম শ্ৰীকান্ত।
কনিষ্ঠ কমলাকান্ত পৰম সুশান্ত॥
কমলাকান্তৰ নব পুত্ৰ কন্যা একা।
লক্ষ্মী যজ্ঞো শ্ৰীকান্ত গঙ্গাই খোৰা ডেকা॥
পৰে হৰি বলাই শ্ৰীৰাম দেৱৰাম।
ধৰ্ম্মকান্ত কনিষ্ঠ তনয় অনুপাম॥
গঙ্গাই বৰুৱা যিটো তৃতীয় তনয়।
বৈদ্যবিদ্যা বিশাৰদ সাধু শুদ্ধাশয়॥
মহাৰাজা লক্ষ্মীসিংহ নৃপ শিৰোমণি।
ৰৰ ভাণ্ডাৰ বৰুৱা পাতিলা তাক আনি।
কাকতীয়া ভগীৰথ বৰুৱা তনয়া।
চন্দ্ৰায়ণী সতী গঙ্গাই বৰুৱাৰ জায়া॥
পঞ্চপুত্ৰ কন্যা এক সতী প্ৰসবিলা।
মধুৰাম তুৱাৰাম দেবৰাম ভৈলা।