সমললৈ যাওক

কেন্দ্ৰ সভা

ৱিকিউৎসৰ পৰা
[ i ]

কেন্দ্ৰ সভা




শ্ৰীযুত সত্য নাথ বৰা বি, এলৰ দ্বাৰা
ৰচিত
অম্বিকানাথ বৰা এম্‌ এ, এফ, আৰ, ই, এচৰ
দ্বাৰা প্ৰকাশিত


শঁক ১৮৪৬


      মূল্য—* আনা।

[ ii ]
 

Published by A Borah
** Street *




Printed by S. C. Neogi, Nababibhakar press,
912 Ma**** Street Calcutta

 
[ iii ]
 
প্ৰথম ভাগ
 
[ v ]

নিৰ্ঘণ্ট
প্ৰথম ভাগ

বিষয় কেন্দ্ৰসভা  পিঠি
প্ৰথম অধিবেশন  •••  
দ্বিতীয় অধিবেশন  •••  
   বিষয়— অসমীয়া ন-বোবাৰী
তৃতীয় অধিবেশন  •••  ১৪
   বিষয়—অসমত স্ত্ৰী-শিক্ষা
চতুৰ্থ অধিবেশন  •••  ২১
   বিষয়—অসমত স্ত্ৰী-শিক্ষা
পঞ্চম অধিবেশন  •••  ৩১
   বিষয়—অসমৰ জনসংখ্যা
যষ্ঠ অধিবেশন  •••  ৪১
   বিষয়—কিমাশ্চৰ্য্যমন্তঃপৰং
দ্বিতীয় ভাগ
খ্যাতিমতী বুঢ়ী  •••  ৫৩
সুখৰ আৰ্হি  •••  ৫৬
জীৱনৰ ছয়ঋতু  •••  ৬২
ভকতীয়া ব্যাকৰণ  •••  ৬৬
নতুন বছৰ  •••  ৭২
বিদ্যাধৰ বৰকাকতীৰ ফাকুৱা  •••  ৭৭
বৰদৈচিলাৰ উপাখ্যান  •••  ৮৪
[ vii ]
প্ৰকাশকৰ নিবেদন।

 কুৰি বছৰ আগেয়ে কেন্দ্ৰসভাৰ কথা নজনা লোক আসামত নাছিল। “জোনাকীত” যেতিয়া কেন্দ্ৰসভাৰ অধিবেশনৰ বিবৰণ প্ৰকাশ হবলৈ ধৰে তেতিয়া কেন্দ্ৰসভাৰ বক্তৃতা, কেন্দ্ৰসভাৰ আলোচনা আসমীয়া মানুহৰ মুখে মুখে হৈছিল। এতিয়া সেই কেন্দ্ৰসভাৰ অধিবেশন বিলাকৰ বিবৰণ জোনাকীৰ পৰা গোটাই কিতাপ আকাৰে ছপাই দিয়া হল। আমি আশাকৰো ইয়ো আগৰ দৰেই ৰাইজৰ আদৰ পাব আৰু মনত ৰং লগাব পাৰিব।

 পুথিখনৰ দ্বিতীয় ভাগত লিখকৰ কেইটামান ধেমেলীয়া প্ৰবন্ধ সুমুৱাই দিয়া হল।

চিনেটহাউস
কলিকাতা ইউনিভাৰ্চিটী
১৫-১০-১৪

শ্ৰীঅম্বিকা নাথ বৰা।

[  ]

কেন্দ্ৰ-সভা।

প্ৰথম অধিবেশন।

 ইংৰাজী শিক্ষাৰ পোহৰ পোৱা, বিশ্ববিদ্যালয়ৰ দীক্ষা পোৱা, নকৈ উঠি অহা অসমীয়া ডেকাবিলাকে বিবেচনা কৰে যে অসমৰ বুঢ়া শ্ৰেণীৰ মানুহবিলাকে দেশৰ ফালে বা ভাষাৰ ফালে অলপো চকুমেলি নাচায়। অসম আৰু অসমীয়া ভাষাৰ ইহকাল, পৰকাল ডেকাবিলাকৰ হাতত সমৰ্পণ কৰি বুঢ়া- বিলাকে কেৱল দবা পাষটি লৈ, ৰং ধেমালি কৰি দিন কটায়। এই বিবেচনা ভুল। কিয়নো, সম্প্ৰতি হোৱা ঘটনালৈ চালে বুঢ়াবিলাকে যে কেৱল পাষটি ঘুৰাই, “পোৱা-বাৰ” মাৰি দিন নিয়াবলৈ লাগিছে এনে বোধ নহয়। তেওঁলোকেও দেশৰ আৰু দেশী ভাষাৰ অৱস্থা উন্নত কৰিবলৈ কঁকালত টঙ্গালি বান্ধি কান্ধ পাতিছে। আজি ১০/১২ বছৰৰ ভিতৰত আসামৰ নগৰে নগৰে অসমীয়া ভাষাৰ উন্নতি কৰিবলৈ “অসমীয়া ভাষাৰ উন্নতিসাধিনী” নামেৰে অনেক সভা থাপিত হৈছে। আৰু সেই সভা বিলাকত অসম আৰু অসমীয়া ভাষাৰ ভাল বেয়া, উন্নতি অৱনতি, সমস্ত বিষয়ৰ আন্দোলন হবলৈ লাগিছে, তাকে দেখি কেই জন মান প্ৰাচীন অসমীয়া ডাঙৰীয়াই গোট খাই আৰু এটি সভা স্থাপন কৰিছে। তাৰ নাম থৈছে “কেন্দ্ৰসভা”। যোৱা মাহত এই সভাৰ প্ৰথম অধি[  ] বেশন হৈ গল। সভাৰ জাননী পাই আমিও চাবলৈ গৈছিলোঁ। কেন্দ্ৰসভাৰ ৰীতি নীতি, নিয়ম প্ৰণালী, ডেকাসভাৰ নিচিনা নহয়। তাত মেজ মাচিয়া বা বেঞ্চ নাই। সভ্য ডাঙৰীয়া সকল খাটৰ ওপৰত বিছনা কৰি লেপেটা-পাৰি বহিছিল। ওচৰত পিকদান, ধোঁৱাখোৱা আদি লাগতিয়াল সকলো সামগ্ৰী যতোৱা আছিল। মুহূৰ্ত্তে মুহুৰ্ত্তে চাকৰে তামোল ধঁপাতৰ যোগান ধৰিছিল। যেতিয়া সভাৰ সভ্যবিলাক গোট খালে হাজৰিকা ডাঙ্গৰীয়াই খাটৰ পৰা নামি থিয় হল, আৰু প্ৰস্তাৱ কৰিলে যে বৰুৱা ডাঙ্গৰীয়াক আমাৰ যাউতি-যুগীয়া সভাপতি নিয়োজিত কৰা যাওক। সভ্য সকলৰ ভিতৰত বৰুৱা ডাঙ্গ- ৰীয়াই গণ্য মান্য লোক; বিদ্যাবুদ্ধিতো তত কম নহয়। সেই দেখি সভ্য এটাই বিলাক উৰ্দ্ধবাহু হৈ প্ৰস্তাৱত মান্তি হল। সভাপতিৰ আসন আগৰে পৰা বেলেগে যতনাই থোৱা হৈছিল, সভাৰ মাজত এখন বৰপিৰা, তাৰ ওপৰত কেপ্‌কৰা বানত। বৰুৱা ডাঙ্গৰীয়াই উঠি গৈ সেই আসন গ্ৰহণ কৰিলে। পিচত তাৰ পৰা নামি মাটিত থিয় হৈ, মেঘৰ গম্ভীৰ সুৰেৰে কবলৈ ধৰিলেঃ—হে সভ্য ডাঙ্গৰীয়া সকল! আপোনালোকে মোক এই সভাৰ সভাপতি বৰণ কৰি যেনে মান সৎকাৰ কৰিলে, তাৰ শোধ মই গোটেইটো জীৱনত দিব নোৱাৰিম। আপোনালোকৰ এই অনুগ্ৰহ মই চন্দ্ৰ দিৱাকৰ থাকে মানে নাপাহৰোঁ। মই অতি অভাজন, বয়সত প্ৰাচীন হলেও বিদ্যা- বুদ্ধিত পৈণত নহওঁ। তথাপি মই দেহ কেহ উচৰ্গি কেন্দ্ৰসভাৰ উন্নতি সাধিবলৈ পুৰুষাৰ্থ কৰিম। অসমত আজি কালি মহা[  ] বিপ্লৱ উপস্থিত। অসমীয়াৰ বিলাই বিপত্তি দেখিলে, অসমীয়া ভাষাৰ আলাই আথানি দেখিলে, কোনো হাদয়শীল অসমীয়াই চকুৰ লো সামৰিব নোৱাৰে। অসমীয়াৰ দুখ কুলায় পাচিয়ে নধৰে। এনেকুৱা বিপদকালত এই কেন্দ্ৰসভা স্থাপিত হোৱাত যে অসমৰ কিমান উপকাৰ হৈছে, তাক মই হে নালাগে চাৰিমুখীয়া ব্ৰহ্মায়ো বৰ্ণাই ওৰ পেলাব নোৱাৰে। অসম দেশৰ আৰু অসমীয়া ভাষাৰ উন্নতি সধাই কেন্দ্ৰসভাৰ অকল উদ্দেশ্য। ডেকালৰাবিলাকে যদিও এই কামত হাত দিছে, সিহঁতৰ বুদ্ধি কুমলীয়া বাবে তাত পূৰ্ণৰূপে কৃতকাৰ্য্য লভিব পৰা নাই। এই বৃদ্ধ সভ্যমণ্ডলীয়ে তেওঁবিলাকৰ সুপক্ক বুদ্ধি আৰু সুসিদ্ধ বিদ্যা দৌৰাই অসমীয়া ভাষাক যে উন্নতি মৈটাৰ আগৰ খাপত তুলিব পাৰিব তাত তিলমাত্ৰও সন্দেহ নাই। ইমান দিন অসমীয়া ভাষা আৰু অসম দেশ মাউৰা ল'ৰাৰ নিচিনা নিছলা হৈ আছিল। এতিয়া কেন্দ্ৰসভাই ধুই পখালি, সজাই পৰাই সিহঁতক দহজনৰ ভিতৰত এজন কৰি তুলিব। আজি আমাৰ সভাৰ প্ৰথম অধিবেশন, বিশেষতঃ বেলিয়েও তেওঁৰ পোহৰ সামৰি পাটত বহিবলৈ কাৰবাৰ কৰিছে। এতেকে ময়ো আপোনালোকত মেলানি লৈ আজিৰ নিমিত্তে বক্তৃতা সামৰি সভাৰ বাকী কাৰ্য্য কৰিবলৈ আপোনা- লোকক অনৰোধ কৰিলো। ( চাপৰি )

 সভাপতি ডাঙ্গৰীয়াই বক্তৃতা সামৰি আসন ললত কাকতী ডাঙ্গৰীয়া থিয় হল, আৰু ধীৰে ধীৰে কবলৈ ধৰিলেঃ—হে সভ্য সকল! আমি সততে দেখিবলৈ পাওঁ যে কেতবিলাক [  ] বিধি ব্যবস্থা বান্ধি নললে কোনো কাম সুকলমে সাধিব নোৱাৰি; কেন্দ্ৰসভাৰ কামনো বিধি ব্যবস্থা নোহোৱাকৈ কেনেকৈ চলিব? সেই দেখি মই গোটা চেৰেক নিয়ম লিখি আনিছোঁ ( চাপৰি ) সেই নিয়ম বিলাক মই সভাত অৰ্পণ কৰিলোঁ, সভ্যবিলাকে তাৰ ভিতৰত যি কেইটা মনোনীত কৰে সেই কেইটাক সভাৰ নিয়মাৱলী স্বৰূপে প্ৰচাৰ কৰা হওক।

 বৰা—কাকতী ডাঙ্গৰীয়াৰ গঠিত নিয়মবিলাক মোৰ বিবে- চনাত বৰ ভাল হৈছে, কেৱল সভ্যৰ বয়সৰ সীমাটো যুক্তি সঙ্গত যেন বোধ হোৱা নাই। মোৰ মনেৰে কেন্দ্ৰসভাৰ সভ্য বয়সত ৫০ বছৰৰ কম হোৱা উচিত নহয়। এই সভাত অনেক গভীৰ বিষয়ৰ আলোচনা হব। পনীয়া বুদ্ধিৰ মানুহে তেনেকুৱা আলোচনাৰ তলাকে ধৰিব নোৱাৰিব।

 বৰাৰ কথা সকলো সভাই শলাগিলে, আৰু কেন্দ্ৰসভাৰ সভ্যৰ বয়স ৫০ বছৰেই থিৰ হল। আন আন নিয়মবিলাক সকলোৰে মনোনীত হোৱাত, সেই বিষয় কোনো তৰ্ক বিতৰ্ক নহল। পাঠকৰ অবগতিৰ নিমিত্তে নিয়ম কেইটা এই ঠাইতে উদ্ধাৰ কৰি দিয়া গল।

নিয়মাৱলী।

১। বয়সত ৫০ বছৰ বা তাৰ উৰ্দ্ধ নহলে কাকো কেন্দ্ৰ সভাৰ সভ্য পতা নাযাব।
২। প্ৰতি মাহে সভাৰ এটা অধিবেশন হব।
৩। প্ৰত্যেক সভাত এজন সভ্যই গদ্য বা পদ্য প্ৰণালীত [  ] লিখা প্ৰবন্ধ এটা পাঠ কৰিব। অথবা ইচ্ছা কৰিলে নিলিখি মুখেৰেও কব পাৰিব । নিয়মাৱলী অবধাৰিত হোৱাৰ পিচত সভাপতি ডাঙ্গৰীয়াই সভাভঙ্গ কৰিলে । সভ্যবিলাক সকলো ঘৰাঘৰি গুচি গল । আমিও ঘৰলৈ আহিলোঁ । কিন্তু আজি লৈকে সভাপতিৰ বক্তৃতাৰ ৰাগী আমাৰ গাৰ পৰা যোৱা নাই । তেওঁৰ সেই উদগনি, তেওঁৰ সেই উৎসাহ আৰু গম্ভীৰ সুৰ আজিলৈকে আমাৰ কাণত ৰিণিকি ৰিণিকি বাজিবলৈ লাগিছে । আমি বয়সত ডেকা, সেই দেখি সভাৰ কাৰ্য্যত যোগ দিবলৈ অসমৰ্থ । কিন্তু বৃদ্ধ বিলাকে যি কৰিলে, আৰু আগলৈ যি কৰিম বুলিছে, তাক শুনি আমি অময়া তৃপ্তিলাভ কৰিছোঁ, আৰু মনত আশা হৈছে যে শীঘ্ৰে অসমক শনিয়ে ছাৰ দিব ।

[  ]

দ্বিতীয় অধিবেশন।

বিষয়—অসমীয়া ন বোৱাৰী।

 সম্প্ৰতি কেন্দ্ৰসভাৰ দ্বিতীয় অধিবেশন হৈ গল। প্ৰথম দিনৰ সভাত বুঢ়া বিলাকৰ উৎসাহ দেখি দুনাই সভা চাবলৈ আমাৰ মন উত্ৰাৱল হৈ আছিল। সেই দিনা সভা আকৌ বহিব বুলি শুনি আমি আগেয়ে এডোখৰ ঠাই লৈ বহি আছিলোঁ। সেই দিনৰ বক্তৃতাৰ বিষয় আছিল অসমীয়া ন বোৱাৰী। বিষয়টি আপুৰুগীয়া। আমি আগেয়ে কোনো সভাত এনেকুৱা বিষয়ৰ বক্তৃতা শুনা নাছিলোঁ। আন বিলাক মানুহেও বোধকৰোঁ শুনা নাছিল। কাৰণ সেই দিনা সভাঘৰত মানুহ নধৰা হৈছিল। কোনোৱে বহি, কোনোৱে থিয় দি, কোনোৱে কান্ধত উঠি কোনোৱে চালত উঠি, বক্তৃতা শুনিছিল। আমি বুদ্ধিয়ক মানুহ দেখিহে আগধৰি গৈ কথমপি বহিবলৈ ঠাই এডুখৰি পাইছিলোঁ। সভা বহে তিনি বজাত, কিন্তু সভাপতি পলমে অহাত সেই দিনা চাৰি বজাতহে সভাৰ কাৰ্য্য আৰম্ভ হৈছিল। সভাপতি ডাঙ্গৰীয়া আহিয়েই পোনে পোনে সভা লগাই দিলে, আৰু সংক্ষেপ কৰি কলে,-ফুকন ডাঙ্গৰীয়াই যে আজিৰ সভাত বক্তৃতা দিম বুলি সিদিনা গাত লৈছিল, সেই বক্তৃতা শুনিবলৈ আমি সকলোৱ আগ্ৰহৰে গোট খাইছোঁ। তেখেতে যেন বস্তৃতা দি আমাৰ হাবিয়াহ পূৰণ কৰে। [  ]  ফুকন ডাঙ্গৰীয়া অসমৰ এজন লেখৰ মানুহ । তাহানি সৰুতে তেখেতে টোলত সংস্কৃত পঢ়িছিল। তেখেত বিশ্ব- দ্যিালয়ৰো নিচেই গোন্ধ নোপোৱা মানুহ নহয়, এণ্ট্ৰেঞ্চলৈকে পঢ়িছিল । পাচে বাপেক ঢুকালত জানিবা গৃহজঞ্জালত পৰি স্কুল এৰিলে । কিন্তু ইংৰাজী লিখাপঢ়া হলে ভাল কৈ শিকি- ছিল । তেখেত ৩০ টকীয়া কেৰানীৰ পৰা উধাই গৈ চিৰস্তাদাৰ হৈছিল, আৰু সুখ্যাতিৰে কাম চলাই পেন্‌চন পাইছে। যদিও চাকৰি কৰিয়েই বয়স কটালে, তেখেতে বিদ্যাৰ চৰ্চা এৰা নাছিল, ঘৰত সদাই নানাবিধৰ পুথি চাই থাকে ।  সভাপতিয়ে অনুৰোধ কৰি বহিলতে ফুকন থিয় হল, দুবাৰ খেঁকাৰিলে, এবাৰ মুখ মুছিলে আৰু চাৰিও ফালৰ মানুহবোৰলৈ চাই ললে । ইফালে গোটেই সভাৰ মানুহে হাত চাপৰিৰে কোৰ্হাল লগালে । পাচত তেখেতে ককাঁলত হাত দি সুপক্ক মুৰটি আগলৈ আগ বঢ়াই, গম্ভীৰ সুৰত কবলৈ ধৰিলে,—“সভ্য ডাঙ্গৰীয়া সকল ! তাহানি আমি ডেকাকালত, সভাসমিতি কৰি- বলৈ গলে তাত যি মন যায় তাকে কব পাৰিছিলোঁ। নিজৰ কথাওঁ সভাত কোৱা দস্তুৰ আছিল । কিন্তু আজিকালি সি নিয়ম নাই । আগৰ নিয়ম ইংৰাজী মতেৰে শোধন কৰা হৈছে। সেই শোধিত নিয়ম অনুসাৰে সভাত নিজৰ বিষয় কোনো কথা উলিয়াব নাপায়। কিন্তু আজিৰ সভাত আপোনালোকৰ আজ্ঞা লৈ, ইংৰাজী নিয়ম ভঙ্গ কৰি বক্তৃতাৰ আদিতে, ঘোষাৰ স্বৰূপে, আষাৰ চেৰেক নিজৰ কথা কব খুজিলোঁ । এই কথাত আপোনা-

লোকে যেন মোৰ অপৰাধ নধৰে । ( সজ সজ শব্দ ) [  ]

[৮]

 মই আজি আপোনালোকৰ আগত যি বিষয়টি আলোচনা কৰিম বুলি আগ বাঢ়িছোঁ, সেই বিষয়টি বহুত দিনৰে পৰা মই আলচি আছিলোঁ। নিজে নিজে আলচি কেতিয়াবা হাঁহিছোঁ, কেতিয়াবা কান্দিছোঁ, কেতিয়াবা অনুশোচ কৰিছোঁ । আজি সুচল মিলিছে, সেই দেখি মন উবুৰিয়াই এটাই খিনি ভাল মন্দ সভাৰ আগত নিবেদন কৰিম বুলি ভাবিছোঁ । এতিয়া জয় জয়তে আপোনালোকক সোধোঁ, বোৱাৰী নে বেটী ? পোলৈ বিয়া কৰাই বোৱাৰী আনে নে ঘৰত বাবলৈ মূল দি বেটী আনে ? কথা কওঁতে হলে বোৱাৰী আৰু বেটী দুইকো যোৰ লাগাই কয় । এই দৰে কথাত মাথোন যোৰ লগালে, আমাৰ পক্ষে হাঁহন কান্দনৰ কথা নাথাকিল হেতেন । কিন্তু দুখৰ বিষয় যে, কথাত যেনে যোৰ লগায়, কামতো বোৱাৰী আৰু বেটীক সমান যেন দেখে । বোৱাৰী এজনী বিয়া কৰাই আনিলে, বেটী এজনী অনা যেন ভাবে। বোৱাৰী ঘৰ সোমালনে শাহুৱেকে আগধৰি বাপে- কৰ ঘৰৰ পৰা তাই কি আনিছে তাৰ হিচাব কিতাপ লয় । লগত অনা বস্তু লেখ মতে নিমিলেলে সেই জনী বোৱাৰী বেয়া । তাই ভাতৰ ভতুৱা, তাই অকাজভাগী, অবালচন্দ, আলাবাদু; তাই আঁকৰী, আজলী, লেতেৰী; তাই শাঁকিনী, হুতাশনী, কুলক্ষণী আৰু নো তাই কি নহয় । শাহুৱেকে এই দৰে বোৱাৰী- সহস্ত্ৰ নাম গাইহে (চাপৰি) বোৱাৰীয়েকক সম্ভাষণ কৰে । তদুপৰি কথায় পতি পাটন দিয়ে, কথায় পতি গেজেৰা মাৰে। শাহৰ গেজেৰা ভিনে, ননন্দৰ গেজেৰা ভিনে, আৰু ঘৰৰ যি বান্দী বেটী আছে, তাইহঁতৰ গেজেৰা ভিনে, সদায় বোৱাৰীয়ে শুনিব [  ] লাগে। বোৱাৰী ঘৰলৈ আহিলে শাহ আই তো চাঙ্গত উঠেই, বান্দী বেটীয়েও তাইৰ হাঙ্গি নধৰাকৈ কুটাগছ নিছিঙ্গে।

 শাহুৰ বিবেচনাত বোৱাৰী শিলৰ মানুহ। তাইৰ বনতো ভাগৰ নাই, গালিতো বেজাৰ নাই, পেটতো ভোক নাই। পুৱাৰ পৰা দুপৰীয়ালৈ, আৰু দুপৰীয়াৰ পৰা নিশালৈ তাইৰ দুখন হাতৰ আজৰি নাই; তেও শাহু আইৰ সন্তোষ নাই। বোৱাৰী উঠিব সবাৰ আগত, নিশা শুব সবাৰ পাচত। খাওতে পূবৰ বেলি পচিমে যায়। আগেয়ে ডাঙ্গৰীয়াই খাই ওলাব, তাৰ পাচত বোপাহঁতে খাই ঘাব (চাপৰি) তাৰ পাচত আইটীহঁতে খাব, তাৰ পাচতহে বোৱাৰী আৰু বেটীৰ সকলোৰে পাত চোছা খোৱা পাল পৰে।

 শাহু আয়ে নিজৰ সোঁ হাত বাওঁ হাত নিচিনে, কিন্তু বোৰাৰীৰ ওপৰত চোকা অধ্যাপক। মাছে গচকা আঞ্জা খাবা, শাহুৱে গচকা বোৱাৰী বাবা। সেই দেখি শাহুৱেকে ভালকৈ গচকি দিয়ে (চাপৰি)। আইটী ১৬ বছৰীয়া হলেও আলৌ লৌৱা, আতোল্, তোল্ অজলা পোনা। কিন্তু বোৱাৰী ১২ বছৰতে পেট টেঙ্গৰী হয়। আইটীয়ে কথা কলে নন্দনকাননত বীন বাজে বোৱাৰীয়ে কথা কলে ভগা ঢোলত কোব মাৰে। (চাপৰি)

 অসমত অনেক বোৱাৰীৰ এই অৱস্থা। ৰাওমুঈ শাহুৰ অত্যাচাৰত বোৱাৰীয়ে চকুৰ লো টুকি ভাত খায়; এনেকুৱা শাহুৰ প্ৰতি (চাপৰি) বোৱাৰীৰ কিমান ভক্তি হব পাৰে তাক আপোনালোকে বিবেচনা কৰি চাব পাৰে! ন বোৱাৰীয়ে কিছু[ ১০ ] মান দিন চকু মুদি সহি থাকে। নিজৰ দুখৰ কথা মাকৰ আগত কয়, কিন্তু মাক বাপেকৰ মুখ বন্ধ। কাৰণ, ছোৱালীৰ ওজৰ ৰাওমুঈৰ কাণত পৰিলে এগুণ ৰাও দুগুণ হব। (সজ সজ শব্দ) সেই দেখি ছোৱালীক বুজাই বঢ়াই নিচুকাই থয়। শহুৰ দেউইতা দেউতা মানুহ, মাইকীৰ শাক পাত খোৱা কথাত কাণ নিদিয়ে, বিশেষতঃ তেওঁ ৰাজ ভগনৰ হেন্দোল দোপনিত থাকে সেই দেখি তেনে কথাত কাণ দিবলৈ সময়ো নাপায়া, গিৰিয়েকে শুনিলেও লাজত কাকো মুখ ফালি নকয়। পাচত সহনিৰ শেধ পৰিলে, বোৱাৰীয়ে নিজৰ মুখৰ অগ্নি নিজে নুমাবলৈ কাৰবাৰ কৰে। (চাপৰি) প্ৰথমে বেটীৰ সৈতে বিৰোধা-বিৰোধি, পাচত ননদেৰে সৈতে ঠেহেৰা-ঠেহেৰি, ওফন্দা-ওফন্দি (চাপৰি), শেষত শাহু আইৰ গেজেৰাও নসহা হয়। এই দৰে প্ৰথমে ৰাওমুঈ শাহুৱে নিমাতী বোৱাৰীৰ মাত উলিয়ায়। পাচত এবাৰ ভেদ ভাগিলে শাহু বোৱাৰীৰ চুলিয়াচুলি লাগে। আগৰ পৰা যদি শাহুৱে বোৱাৰীক নিজৰ জীৰ নিচিনা মৰম কৰে, পেট বুজি খুৱায়, গা বুজি পিন্ধায়, আৰু শক্তি বুজি কাম কৰায়, যদি নিজে মিঠা মুখে মাতে, বান্দী বেটীক টান কথা কবলৈ লাই নিদিয়ে, তেনে হলে বোৱাৰী শাহুৰ সোঁ হাত, গৃহস্থালিৰ লক্ষ্মীসৰূপ হয়। আপোন ভালে জগত ভাল, শাহু ভালে বোৱাৰী ভাল। ' (চাপৰি)

 বক্তৃতা শেষ কৰি ফুকন বহিলত সভাপতি ডাঙ্গৰীয়াই উঠি কলে- “ডাঙ্গৰীয়া সকল! আপোনালোকে ফুকন ডাঙ্গৰীয়াৰ বক্তৃতা শুনিলে, এতিয়া তেখেতৰ কোৱা কথাৰ ওপৰত কাৰবাৰ [ ১১ ] কিবা মন্তব্য থাকিলে প্ৰকাশ কৰিব পাৰে। ” সভাপতিৰ এই অনুৰোধত সন্দিকৈ ডাঙ্গৰীয়া আসনৰ পৰা নামি থিয় হল, আৰু হাত দুখনি পাচ ফালে থুপুৰিয়াই কবলৈ ধৰিলে, ‘সমজুৱা ডাঙ্গৰীয়া সকল । ফুকন ডাঙ্গৰীয়াৰ সাৰগৰ্ভ সুললিত বক্তৃতা শুনি যি তৃপ্তি লাভ কৰিলোঁ তাক মই এক মুখেৰে বৰ্ণাব নোৱাৰোঁ । ফুকনে আমাৰ আচল ঘুণত হাত দিছে। আমাৰ অধিকভাগ বোৱাৰী শাহু শহুৰৰ দোষত বেয়া । হয়, ইয়াত তিলাৰ্দ্ধও সন্দেহ নাই । মোৰ ঘৰতে শাহুৱেক বোৱাৰীয়েকৰ সদায় খকা-খুন্দা, ঠেহেৰা-ঠেহেবি লাগি থাকে । মই মাইকী মানুহৰ কথা দেখি তালৈ বৰ কাণ নকৰোঁ। কিন্তু আজি ফুকনৰ কথা শুনি মোৰ চকু মুকলি হল। মই ঘৰৰ গৰাকী, এতেকে মই সকলো ফালে দৃষ্টি ৰাখা উচিত । এই কথা আগেয়ে মনত খেলোৱা নাছিল । অবুজ, কক্ষাত মৰা, আগ পাচ নুগুণা, বুঢ়াৰ হাতত গৃহস্থালি পেলাই দি আৰু লোকৰ ছোৱালীক মাকক শীতল বুকুৰ পৰা কাঢ়ি আনি শাহুৰ চেঙ্গা দণ্ডিত পেলাই দি গৰাকীয়ে নিশ্চিন্তে থকা কদাপি উচিত নহয়। আশা কৰোঁ ফুকনৰ বক্তৃতাই মোৰ যেনে টোপনি ভাঙ্গিলে, তেনেকৈ সকলো অসমীয়াৰ টোপনি ভাঙ্গিব । তেখেতৰ কথা কেই আষাৰ সোণালী আখৰেৰে লিখি থোৱা যুগুত। ( চাপৰি ) নেওগ,—ফুকন ডাঙ্গৰীয়াই আমাৰ অন্তেস পুৰত লুকাই থকা দোষ বিদিত কৰি ; তালৈ আমাৰ চকু পেলাই দিয়াত ; আমি শলাগ নলৈ থাকিব নোৱাৰোঁ। শহুৰৰ ঘৰলৈ আহি ন বোৱাৰীয়ে যে বহুত কষ্ট ভোগ কৰে, তাক কেওঁ নহয় বুলিব [ ১২ ] নোৱাৰে! কওতেই কয়। শহুৰী খটা। বোৱাৰী আহি যে বেটীৰ নিচিনাকৈ খাটিব লাগে, ই আমাৰ লাজ। শাহ শহুৰে বোৱাৰীক নিজৰ জী যেন দেখা উচিত।

 নেওগ আৰু সন্দিকৈয়ে কথা কোৱাৰ সময়ত আমি চুকৰ পৰা সভ্যবিলাকৰ ৰেহ্ ৰূপ চাই আছিলোঁ। ৰাজখোৱাও এজন সভাৰ সভ্য। তেখেত বস্তৃতাৰ কথা বিলাকত মান্তি হোৱ। নাছিল যেন বোধ হৈছিল। তেখেতে আৰম্ভৰ পৰা অন্তলৈকে বহা ঠাইতে উচ্ পিচাই আছিল,এবাৰ মূৰ খজুৱাইছিল, এবাৰ হাত মোহাৰিছিল, এবাৰ ভৰি মোহাৰিছিল। নেওগ বহিলতে তেখেত একে চাবে উঠি থিয় হল,আৰু খঙ্গত ৰঙ্গা হৈ দাৰি শিয়ৰাই কবলৈ ধৰিলে,--“সভ্য সকল! ফুকনৰ বক্তৃতা শুনি আপোনালোকে সকলোৱে শলাগিলে, কিন্তু মই শলাগিব নোৱাৰোঁ। বস্তৃতাত অৱশ্যে তেখেতে ভাষাৰ চতুৰালি আৰু চিন্তাৰ গভীৰতা দেখাইছে, সঁচা। কিন্তু তাৰ পৰা তেখেতৰ দূৰদৰ্শিতাৰ চিনাকি পোৱা নাযায়, তেখেতে আমাৰ ভিতৰুৱা কথা প্ৰোঢী কৰি বিদেশীৰ আগত আমাৰ লাজ আনিলে (ছি ছি শব্দ)। ই বুদ্ধিমানৰ কথা নহয়। ”

 এই কেই আষাৰ কথা কৈ ৰাজখোৱা বহিল, আৰু কপিবলৈ ধৰিলে। ইফালে আৰু কেও নুঠা দেখি এইবাৰ সভাপতি স্বয়ং থিয় হল, আৰু তেখেতৰ প্ৰাচীন সোহাত খনি ওপৰলৈ তুলি কবলৈ ধৰিলে;–সভ্য ডাঙ্গৰীয়া বিলাক! ফুকন ডাঙ্গ-ৰীয়াৰ কথাকেই আষাৰ যে শলাগিব লগীয়। তাৰ কোনো ভুল নাই। আমাৰ চকুত নপৰা বা আমি পাহৰি থকা দোষ [ ১৩ ] উলিয়াই দি আমাৰ পৰম উপকাৰ কৰিছে॥ ফুকনে বোৱাৰীৰ যি অবস্থা। বৰ্ণাই কলে তাক কোনোৱে নুই কৰিব নোৱাৰে। ফুকনৰ কথা শুনি ভবিষ্যতলৈ সকলোৱে সাৱধান হোৱা উচিত। ৰাজখোৱা ডাঙ্গৰীয়াই কিয় বেয়া বুলিলে ( চাপৰি ) মই বুজিব নোৱাৰিলোঁঁ। ৰোগ হলে লুকাই ৰখা বুদ্ধিমানৰ কৰ্ম্ম নহয়। আমাৰো এইটি ৰোগ হৈছে, তাক লুকাই নাৰাখি গুচাবৰ উপায় কৰাহে উচিত। লাজলৈ ভয় কৰি ঢাকি থলে এই দোষ চিৰকাল থাকিব। মই আৰু আপোনালোকক বহুত পৰ নাৰাখোঁ। ফুকনে যি কথা কৈছে তাত যোগ দিবলৈ মোৰ আন কথা নাই। এতেকে ফুকন ডাঙ্গৰীয়াক তেখেতৰ বহুমূলীয়া বক্তৃতাৰ বাবে শত ধন্যবাদ দি আজিলৈ সভা সম্বৰণ কৰা হল” ( চাপৰি )

 সভা ভাগিলত আমি গুচি আহিলোঁ। কিন্তু ফুকনৰ কথা কেই আষাৰ চিৰকাললৈ মনত থাকিব যেন বোধ হৈছে। তেখেতে অসমীয়া বোৱাৰীৰ অৱস্থাৰ যি চিত্ৰ আঁকি দেখুৱালে,সি এতিয়াও আমাৰ চকুৰ আগত চকমকাই আছে।

[ ১৪ ]

তৃতীয় অধিবেশন।

বিষয়—অসমত স্ত্ৰী-শিক্ষা।

 অসম দেশত সময়ে সময়ে অনেক সভাসমিতি হয়, কিন্তু তাত ডাঙ্গৰ ডাঙ্গৰ ৰাজনৈতিক কথাৰ আলোচনা কৰে। আমি হোজা মানুহ সেইবিলাক কথাৰ বৰকৈ তত্ত্ব নাপাওঁ, সেই দেখি সেই বিলাক সভাতো ৰস নাপাওঁ। কেন্দ্ৰসভা প্ৰথমে পাতোতে আমি ভাবিছিলোঁঁ যে তাতো তেনেকুৱা কথাৰেহে আলোচনা হব। কিন্তু যোৱা বাৰৰ অধিবেশন দেখি আমাৰ মনৰ পৰা সেই ভ্ৰম দূৰ হৈছে। ইয়াত তেনেকুৱা বুজিব নোৱাৰা কথা নোলায়, আমাৰ ঘৰুৱা কথাৰেই আলোচনা হয়॥ কেন্দ্ৰ সভাৰ সভ্য সকল বয়সত প্ৰাচীন হলেও, স্বভাৱত ডেকাৰ নিচিনা। তেওঁ-লোকে অসমীয়া বুঢ়াৰ নিচিনা আগৰ সকলোকে ভাল বোলা মানুহ নহয়, আৰু তেওঁলোকে ঘৰৰ বেয়া উলিয়াবলৈকো বেয়া নাপায়। তেওঁলোকে যি বিলাক কথাৰ আলোচনা কৰে সেই বিলাক আমাৰ সমাজৰ মলি, সেই মলি ধুই সমাজ নিকা নকৰিলে আমি সদায় মলিয়ন হৈ থাকিম, তাৰ কোনো ভুল নাই। এই বাৰৰ বিষয় স্ত্ৰী-শিক্ষা। ই অতি পুৰণি,হাজাৰ বাৰ ৰটা খচা কৰা কথা। তেওঁঁ সিবাৰৰ উদাহৰণলৈ চাই ইয়াতো কিবা ৰসাল কথা ওলাব বুলি আশা কৰি আমি সভাচাবলৈ গৈছিলোঁ। সভাৰ সভ্য সকল গোট খালত সভাপতি ডাঙ্গৰীয়াই সভা লগাই [ ১৫ ] দি কলে:— “সিদিনা ৰাজখোৱা ডাঙ্গৰীয়াই আজিৰ সভাত স্ত্ৰী-শিক্ষা সম্বন্ধে বক্তৃতা কৰিবলৈ গাত লৈছিল, আজি সেই বক্তৃতাটি দি কেন্দ্ৰসভাৰ সভ্যমণ্ডলীৰ তৃপ্তিসাধন কৰক।”

 ৰাজখোৱা ডাঙ্গৰীয়া ডাঙ্গৰ ঘৰৰ মানুহ হলেও তেখেতৰ বৰ্ত্তমান অৱস্থা ভাল নহয়॥ আগেয়ে তেখেতৰ অৱস্থা ৰৰৈয়া। আছিল, কিন্তু দৈবৰ ফেৰত আগৰ যি আছিল সকলোগল। তেখেত আনক চাটু নকৰা মানুহ, সেই দেখি চৰকাৰৰ চাকৰীও কৰিব নোৱাৰিলে॥ এবাৰ আঢ়ৈকুৰি ৰূপৰ এটা মোট পাইছিল, পিচে এদিন চাহাবক কিবা কাকত দেখুৱাবলৈ যাওঁতে, চাহাবে হুনু কিবা টান কথা কলে। সেই দেখি তেখেতে চাহাবৰ লগত দন্দ কৰি সেই দিনাই চাকৰী ইস্তফা দি আহিল। সেই অৱধি তেখেতে নিজৰ হাতে কোচে যি আছিল তাকে চলাই পেটে-ভাতে খাই আছে। ৰাজখোৱা কিন্তু লিখা পঢ়াত চোকা, আৰু তেখেত সকলো বিষয়ত লায়ক বুলি নাম আছিল। গভৰ্ণমেন্টলৈ কোনো মিনতিপত্ৰ পঠাব লগীয়া হলে, মানুহে তেখেতৰ হতুৱাই লিখাইছিল। ৰাজখোৱাই দেশৰ অৱস্থাৰ ফালেও সদায় চকু ৰাখিছিল। সভাপতি অনুৰোধ কৰি বহিলত ৰাজখোৱা ডাঙ্গৰীয়া থিয় হল, আৰু দুয়োখন হাত কঁকালত দি পোন হৈ বুকু ফিন্দাই কবলৈ ধৰিলে —"সমজুৱা ডাঙ্গৰীয়া সকল! শাস্ত্ৰত কয় যে তিৰোতা গৃহৰ লক্ষ্মী, স্ত্ৰী গৃহস্থালীৰ কেন্দ্ৰ। হয়, সজ কথা তিৰোতা ঘৰৰ লক্ষ্মীও হব পাৰে, কেন্দ্ৰও হব পাৰে, কিন্তু তিৰোতা যে ঘৰোৱাহৰ অধ্যাপক (চাপৰি) ইয়াত তিলমাত্ৰও সন্দেহ নাই। তিৰোতা যেতিয়া ঘৰৰ ঘৈণী হৈ উঠে, তেতিয়া [ ১৬ ] তেওঁ গৃহস্থালী চক্ৰৰ ডিলামাৰিৰ স্বৰূপ, তেওঁক আশ্ৰয় কৰি সেই চক্ৰ ঘূৰে। তেওঁ ইচ্ছা কৰিলে তাক সোঁহাতে ঘূৰাব পাৰে, আৰু ইচ্ছা কৰিলে আও হাতেও ঘূৰাব পাৰে, ইচ্ছা কৰিলে গৃহস্থালী ৰৰৈয়া কৰিব পাৰে, আৰু ইচ্ছা কৰিলে তাক খাস্তাং কৰিবও পাৰে। তেওঁ ঘৰোৱাহৰ অধ্যাপক বুলি কোৱা হৈছে। কাৰণ, গৰাকীটিৰ বাজে পৰিয়ালৰ এটাই বিলাকেই তেওঁৰ শিকনি পায়; তেওঁৰ শিক্ষাৰ পৰা লৰা ছোৱালীৰ ভবিষ্যত জীৱনৰ গতি নিৰ্ধাৰিত হয়, আৰু বান্দী, বেটী, লগুৱা ভণ্ডাৰীৰো স্বভাৱ গঠিত হয়। তেওঁ ভবিষ্যৎ ঘৈনী বোৱাৰীৰ স্বভাৱ চৰিত্ৰৰো গঢ় লগায়। মুঠ কথা, ঘৈনী ভাল হলে, ঘৰৰ লৰা ছোৱালী, বান্দী বেটী সকলো ভাল হয়, আৰু ঘৈনী বেয়া হলে, বেয়া হয়। ঘৈনীয়েই ঘৰ, আৰু ঘৰেই শিক্ষাৰ থলি। গৰাকী এজন আলহীৰ নিচিনা তেওঁ দিনৰ চাৰি পৰ বাজত ফুৰে, আৰু ৰাতিৰ চাৰি পৰ শুই থাকে। এতেকে গৃহস্থালী গঢ়িবলৈ তেওঁৰ সময় নাই, সকলো কথাঘৈনীৰ হাতত।

 আমি আৰম্ভতে গৰাকীক ঘৈনীৰ পঢ়াশালীৰ পৰা বাদ দিছোঁ। কিন্তু সেই কথা উচিত হৈছেনে অনুচিত হৈছে, তাক থিৰাং কৰিব পৰা নাই। কিছুমান গৰাকীক অৱশ্যে ঘৈনীৰ ছাত্ৰ বুলিব নোৱাৰি। তেওঁলোক মইমত, কাৰো কথা নুশুনে, নিজ ইচ্ছা মতে চলে। কিন্তু কিছুমান গৰাকী ঘৈনীৰ অনুগত ছাত্ৰ, ঘৈনীৰ এচাৰিৰ ভয়ত সদায় কম্পমান তেওঁলোকৰ মনত ঘৈনীৰ বাক্য বেদৰ বাক্যতকৈও গৰিয়স, ঘৈনীৰ আজ্ঞা ৰজাৰ। আজ্ঞাতকৈও টান। ( চাপৰি ) তেওঁলোকে ঘৈনীৰ দণ্ডিত ভাইৰ [ ১৭ ] ডিঙিতো কটাৰী দিব পাৰে, আৰু আই বোপাইকো ঘৰৰ পৰা উলিয়াই খেদিব পাৰে। আচল কথা, এইবিধ মানুহৰ ঘৈনীয়েই জীৱনৰ নায়ক, ঘৈনীয়ে নাকী জৰীত ধৰি যেনিয়ে নিয়ে তেনিয়ে যায়। সি যেইবা নহওক, ঘৈনী যে গৃহস্থালিৰ প্ৰধান নাযক ই ধুৰুব কথা। পিচে সেই বৈনী যদি মূৰ্খ হয় তেনেহলে ঘৰখনৰ গতি কি হব পাৰে, আৰু তাৰ লৰা ছোৱালী, বেটী বোৱাৰী,আৰু লগুৱা ভণ্ডাৰীৰ স্বভাৱ চৰিত্ৰ কেনে হব পাৰে, তাক আপোনালোকে ভাবি চাওক। আজিৰ বোবাৰী কালিৰ ঘৈনী, আৰু আজিৰ লৰা কালিৰ ডাঙ্গৰীয়া। ইহঁতেই গৈ ভবিষ্যত সমাজৰ প্ৰধান নায়ক নায়িকা হব। এই নিমিত্তে জ্ঞানীলোকে কয় যে, যি দেশৰ স্ত্ৰীজাতিৰ শিক্ষা নাই, সেই দেশে পৃথিৱীত উন্নতি কৰিব নোৱাৰে। ( চাপৰি ) এই কথা আষাৰ অসাৰুবা বুলি ভাবা উচিত নহয়॥ পৃথিবীৰ দৃষ্টান্তলৈ চালেই ইয়াৰ প্ৰতুল প্ৰমাণ পোৱা যায়। পৃথিবীৰ উন্নত দেশ বোৰলৈ এবাৰ ডিঙ্গি মেলি চাওক চোন। তাৰ তিৰোতা বিলাক যেনে দেখে, আমাৰ বিলাকো তেনে দেখেনে, কিবা প্ৰভেদ দেখে? সেই বিলাক তিৰোতাই যেনেকৈ দিন কটায়, আমাৰ বিলাকেও তেনেকৈ কটায়নে? অসমীয়া এজন ডাঙ্গৰ মানুহৰ মাৰলত চাৰি দাঁঁড় মন বেলি বহিলেই আমাৰ তিৰোতা বিলাক কি দৰৰ মানুহ তাৰ সম্ভেদ পোৱা যায়। দুপৰীয়া ডাঙ্গৰীয়া ওলাই গলনে, বৰুৱাণী, ফুকননী, ৰাজখোৱানী, মজিন্দাৰণী, ভূঞানী, বৰাণী, আদি কৰি চুবুৰিত যিমান নী আছে এটাই বিলাক গোট খায়। তদুপৰি মঙ্গলতী বাই, ভকতনী বাই, নামতী বাই ’ আদি বাই বিলাকো [ ১৮ ] গোট খাই এখন বিৰাট সভা পাতে। (সজ সজ শব্দ ) তাত সজকামৰ ভিতৰ ত তামোল খোৱা আৰু ঘৰত পিক পেলোৱা, সজ মেলৰ ভিতৰত ল'ৰা ছোৱালীৰ মঙ্গলামঙ্গলৰ বাতৰি লোৱা। ইয়াৰ ওপৰঞ্চিও সজ মেল আছে। কোনে কিহেৰে ভাত খালে, কি আঞ্জা ৰান্ধিছিল, আঞ্জা কেনে হৈছিল, ডাঙ্গৰীয়াই আঞ্জা কেনে বুলিলে, এই বিলাক কথাও তাত ওলায়। সজ মেল কিন্তু বহুত পৰ নাথাকে। ই কেৱল আচল মেলৰ পাতনি মাথোন। আচল মেলত চুবুৰীয়া মতা মাইকীৰ ৰূপ বৰ্ণনা; স্বভাব বৰ্ণনা; আৰু নিজ নিজ স্বামীৰ গুণাগুণ বৰ্ণনা কৰা হয়।। তাইৰ নাকটো খঁৰা, তেও তাইৰ ফিতাহি নেদেখিছ, তাইৰ চুলি এবেগতীয়া, তেওঁ তাইৰ লাহটো ডাঙ্গৰ; ( চাপৰি ) আলোচনাৰ বিষয় এই বিলাক। গৃহস্থালিৰ কামতনো কি চাবা। তেওঁলোকে ঘৰৰ কোন বিধ বস্তু কত আছে তাক কব নোৱাৰে। গিৰিয়েকৰ শোৱা পাটী গৰুৰ গোহালী যেন হৈ আছে তালৈ চকু নাই। ধোবাই দি যোৱা কাপোৰ পাটীয়ে পাটীয়ে খন খন হৈ আছে তাক সামৰি বৰ নাই, সেন্দুৰৰ নিমিত্তে আৰ্চিত মুখ নেদেখি, ফণিত মলি বন্ধ খাই দাঁতৰ মুখ পাইছে, তেও ভাত চকু নপৰে, সেয়েৰে মূৰ মেলায়হে মেলায়। পেৰাত আতৰ, মম, সেন্দুৰ, এচেঞ্চ সকলো সানমিহলি হৈ একাকাৰ হৈ আছে। তাৰ খবৰ নাই। ডাঁৰত ডাঙ্গৰীয়াৰ চুৰিয়া, লগুৱাৰ চোলা, বান্দীৰ মেখেলা সকলো মিহলি হৈ আছে, তালৈ ভূৰ্ভং নাই। ( চাপৰি ) কেৱল একাঠুৱা জাবৰৰ মাজত বহি মেলহে। [ ১৯ ] পকায়। ( চাপৰি ) এই অসমৰ তিৰোতাৰ কাম। তাৰ পাচত শিকনি। তেওঁলোকৰ শিকনি অদ্ভুত। অমুকীৰ লগত দন্দ, তাইৰ ঘৰলৈ লৰা গল, এতেকে তাৰ পিঠিত চেঁই বন্ধাকৈ এছাৰি লগা লৰাই জাপ মাৰোঁতে পৰিল, লগা এক বাঘ ঢকা লৰাই তেওঁৰ গুপ্ত কথাৰ ভেদ ভাঙ্গিলে, এতেকে তাক মাৰি জোল কৰ।। ইফালে আকৌ বপা তাইক গালি পাৰি দিয়াঁ, তাক চৰ মাৰি দিয়াঁ, দেউতাৰৰ পেৰাৰ ৰূপ এটকা মনে মনে লৈ আহাঁ, তাইহঁতৰ হাহিনী জনী ঘৰলৈ আহিছে, বপা। তাইক মাৰ মাৰি মাৰাঁ, মোৰ পোনাই ফাঁকি দিব জানে, আসৈ মাতিব জানে, আহাঁ এটি চুমা দিয়াঁ। ( সজ সজ শব্দ ) এনেকুৱা পাঠ লৰাই দিনে ৰাতি আওৰাব লাগে। ( চাপৰি )

 বান্ধন বাঢ়নতো অসমীয়া তিৰোতাৰ শিক্ষা ডাঙ্গৰ। চাউল সিজিল নে নাই, আৰু কচু সিজিল নে নাই তাক ভালকৈ জানে। আমি অসমত যি কেই জনা নামজ্বল ৰান্ধনী লগ পাইছোঁ, তেওঁলোকৰ বিদ্যা খৰিচা আৰু মাটি মাহতেই শেষ। খৰিচাৰ আঞ্জাখন জুতিত তুলিব পাৰিলেই তেওঁ বৰ ৰান্ধনী। ত্ৰেতাৰ পৰা এতিয়ালৈকে অসমত একে আঞ্জাই চলি আছে। সেই কোমোৰাৰ আঞ্জা, সেই খৰিচাৰ আঞ্জা অসমৰ ঘৰে ঘৰে ভোজত আৰু নিত ভোজনত সদায় লগ পাবা। খাহি পহু ৰন্ধাৰো নিয়ম আজিলৈকে লৰচৰ নহল। ( চাপৰি ) অসমীয়া ৰান্ধনীৰ মনে গঢ়া আঞ্জা, আমি এখনো খাবলৈ পোৱা নাই। ( চাপৰি ) মাক বা বুঢ়ী মাকে যি আঞ্জা ৰান্ধিছিল [ ২০ ] তেৱোঁ আজিলৈকে তাকেই ৰান্ধি আছে। মঙ্গহত ঘিউ, বুট মাহত চেনি অসমীয়া ৰান্ধনীৰ মনত অদ্ভুত কথা। আটাগুৰিৰ ৰুটি হৈচবল নিদিলে ছিঙ্গিব নোৱাৰি। অসমীয়া ৰান্ধনীৰ মিষ্টান্নতো হাত আছে। তেওঁলোকে হেঁচা পিঠা. উৰহি পিঠা, খুতৰীয়া পিঠা, ঘিলা পিঠা, ফেনী পিঠা, চুঙ্গা পিঠা, টেকেলি পিঠা, জিলিপি আৰু হাজাৰ মুখী পিঠা ভালকৈ কৰিব জানে। পিঠাৰ প্ৰধান ফেনী। যিবাৰ ফেনীৰ আয়োজন, সেইবাৰ ঘৈনীৰ লচ্‌পচনী কিমান! কেইটা লগুৱাই টাঙ্গোন খায়, কেইটা লৰাই ঢকা খায়, তাৰ ঠাঠিকানা নাইকিয়া হয়। (চাপৰি)

 সভ্য সকল আজিৰ বন্ধুতা দীঘল হল। স্ত্ৰী-শিক্ষাৰ বিষয়ে ইমান কবলগীয়া কথা আছে যে ভালকৈ বৰ্ণালে ওঠৰ পৰ্ব্ব মহাভাৰত হয়।। কিন্তু মই আজিলৈ ইমানতে সামৰিলোঁ, ঈশ্বৰে সময় দিয়ে যদি আগলৈ আকৌ এই বিষয়ে আপোনা- লোকৰ আগত আষাৰ চেৰেক কথা নিবেদিম। আজিৰ বক্তৃ- তাটি স্ত্ৰীশিক্ষাৰ প্ৰথম আধ্যা বুলি ধৰিব।

 ৰাজখোৱা বহিলত সভাপতি ডাঙ্গৰীয়াই উঠি কলে—সভ্য সকল! আজিৰ বক্তৃতা আচলতে দীঘল হৈছে, তেও কথাৰ ওৰ ওলোৱা নাই। ওৰলৈকে নুশুনাকৈ কথাৰ ওপৰত মন্তব্য প্ৰকাশ কৰা অযুগুত। সেই নিমিত্তে মন্তব্য দিবলৈ আজি আপোনালোকক অনুৰোধ নকৰোঁ। এতিয়া গধূলি হল, আজিলৈ এই মানতে সভা সম্বৰণ কৰিলোহঁক। সভা ভাগিল, আমিও গুচি আহিলো। সিবাৰলৈ কি ওলায় তালৈহে

বৰ ধাউতি থাকিল। [ ২১ ]
চতুৰ্থ অধিবেশন।
বিষয়—অসমত স্ত্ৰী শিক্ষা।

 স্ত্ৰী-শিক্ষাৰ বিষয়ে সি বাৰৰ অধিবেশনত বহুত কথাৰ আলোচনা হৈছিল, কিন্তু কথাৰ ওৰ পৰা নাছিল। এই বোৰৰ অধিবেশনত বিষয়টি শেষ কৰিম বুলি বক্তা ডাঙ্গৰীয়াই সভাক জনাইছিল। আমি সিবাৰৰ কথা বিলাক শুনি বৰ ৰং পাইছিলোঁ, আৰু বাকী খিনি শুনিবলৈ মনত বৰ ধাউতি আছিল। সেই দেখি এইবাৰো আমি সভাত উপস্থিত আছিলোঁ। সভাৰ সভ্য এটাই বিলাক আহি গোট খালত সভাপতি ডাঙ্গৰীয়াই সভা লগাই দি কলেঃ—সভ্য ডাঙ্গৰীয়া সকল! ৰাজখোৱা ডাঙ্গৰীয়াই সিবাৰ যি বিলাক কথা কৈছিল, আমি শুনি বৰ আনন্দ পাইছিলোঁ। তেখেতৰ বাকী কথা খিনি শুনিবলৈ আমাৰ মন উত্ৰাৱল হৈ আছে। আজি যেন তেখেতে বিষয়টি শেষ কৰি আমাৰ মনৰ খুদুঁৱনি নিবাৰণ কৰে, এই মোৰ অনুৰোধ।

 সভাপতি বহিলতে ৰাজখোৱা থিয় দিলে, আৰু চকু মুদি অলপমান পৰ কিবা ভাবিলে, এবাৰ মূৰত হাত বুলালে, পাচত দুয়োখানি হাত কঁকালত দি বুকু ফিন্দাই সভা পাতিলৈ নিৰীক্ষণ কৰি কবলৈ ধৰিলেঃ—সভ্য সকল! আপোনালোকে কেন্দ্ৰসভাৰ নিয়ম উলঙ্ঘি মোক যে দুদিনকৈ বক্তৃতা কৰি বলৈ দিছে, এই বাবে মই আপোনালোকৰ নথৈ শলাগ লৈছোঁ। [ ২২ ] মোৰ আলোচনাৰ বিষয়টি যেনে লাগতিয়াল তেনে দীঘল। কিন্তু তাৰ সৰহভাগ কথা সিবাৰেই কোৱা হৈছে। অসমীয়া মাইকীয়ে কি আলাপ কৰে, কি মেল কৰে, আৰু কি কাম কৰে এটাইবিলাক বিশেষকৈ বৰ্ণোৱা হৈছে। তেওঁলোকৰ ৰান্ধন-বাঢ়নৰ নিয়ম কেনে তাকো কোৱা হৈছে, আৰু শেষত তেওঁলোকৰ হাতৰ চিৰা পিঠা পায়স আদি মিষ্টান্ন খুৰাই আপোনালোকক বিদায় দিয়া হৈছিল। ( চাপৰি ) এতেকে আমাৰ তিৰোতাই কি প্ৰণালীত আলাপ কৰে; আৰু তেওঁ- লোক ৰান্ধন-বাঢ়নত, বা পিঠা পৰমান্ন কৰাত কিমান চতুৰ; তাৰ ভালকৈ সম্ভেদ পাইছে (চাপৰি ) ইয়াৰ বাজে মোৰ আৰু যি বক্তব্য আছে তাক আজি সংক্ষেপে নিবেদন কৰি বিষয়টি সামৰিবৰ মনস্থ কৰিছোঁ।

 আপোনালোকে অৱশ্যে জানে যে আন আন সভ্য দেশৰ তিৰোতা বিলাকে লিখা পঢ়া শিকে, কিছুমানে বিশ্ববিদ্যালয় জয় কৰি বি, এ, এম এৰ ধ্বজা উৰায়, সভা সমিতিত উপস্থিত হৈ সাৰুৱা বক্তৃতা কৰে, গধুৰ পুথি লিখে, আৰু কিছুমানে বাতৰি কাকতো চলায়। কিন্তু আমাৰ দেশত তেনে কথা ন ভূত ন শ্ৰুত; হোলোঙ্গাৰে কাণ খজুৱাৰ নিচিনা অদ্ভুত। আমাৰ তিৰোতাৰ সৰহ ভাগৰেই কখৰ লগত চিনাকি নাই। কিন্তু সেই বুলি তেওঁ বক্তৃতা কৰাত নিচেই অপৈণত বুলি নাভাবিব। এখন দন্দ লগাই দিলে তেওঁৰ মুখৰ পৰা সুমধুৰ বাক্যৰ লালী নিছিগা হয়। দন্দত তেওৰ ভাষাৰ লালীত্য আৰু শব্দৰ মাধুৰ্য্য দেখিলে কালিদাসেও বিস্ময় মানে, তদুৰপ [ ২৩ ] ফঁকৰা পটন্তৰৰো সোঁত বয়। তেও তৰ্ক শাস্ত্ৰতো বিচক্ষণ নিজে দোষ কৰি ঢাকিবলৈ বা গিৰিয়েকৰ গাত দিবলৈ যেতিয়া গিৰিয়েকেৰে সৈতে তৰ্ক পাতে, তেতিয়া দেখিলে, তেওঁ যে পঢ়িব নাজানে ই কথা কোনে কব পাৰে? অসমীয়া তিৰোতাৰ ভিতৰত দুই চাৰি জনী বৰ চোকা ৰকমৰ কবিও পোৱা যায়।। তেওঁলোকে আকাশৰ তৰা আৰু পাতালৰ বাসুকীক যোৰাই, বা বিয়াত দৰা কন্যাৰ, আৰু হোমৰ বাপু দেউৰ ধেমেলিয়া নাম থৈ নিমিষতে সুললিত গীত ৰচিব পাৰে। লিখিব নাজানে দেখি বাতৰি কাকতখন চলাব নোৱাৰে হয়, কিন্তু সেই বুলি তেওঁলোকে কোনো কথাৰ বাতৰি নোপোৱাকৈ নাথাকে। উজনিত টিলিকি মাৰিলে নামনিত আগেয়ে বুজ পায়। চুবুৰিৰ ভালমন্দ নিতৌ দুপৰীয়া মাৰলত বখ্যা ব্যাখ্যি হয়।। একোজনী বাতৰি যোগোৱাত ইমান পাৰ্গত যে মাইকীৰ সমাজত তেওঁ আসাম গেজেট উপাধি পায়, আৰু সকলোৰে মান সৎকাৰৰ পাত্ৰী হয়।। এওঁলোকৰ বিদ্যা ইমান বিলাক, কিন্তু একাধলিৰ পোন্ধৰ পয়চা খৰচ গলে পেৰাত কি থাকিল, তাক সুধিলে আথাউনি সাগৰত পৰে। ( চাপৰি ) তেওঁলোকে এনে বিধৰ কথা শিকাটো মাইকীৰ পক্ষে যুগুত নহয় বুলি। কয়। তেওঁলোকৰ বিবেচনাত মাইকী হলেই আজলী আৰু আঁকৰী হব লাগে।। ৰূপটকাৰ পইচা কিমান হয় মই না- জানো এইবুলি তেওঁলোকে বৰাই কৰে; আৰু যি জনীয়ে জানে তেওঁক সাত ঘাটৰ চেঙ্গেলী বুলি নিন্দা কৰে। (চাপৰি) মোৰ এই কেই আষাৰ কথাৰ পৰা, অসমৰ কোনো তিৰোতাই [ ২৪ ] লিখা পঢ়া নিশিকে বুলি নাভাবিব। দুজনী এজনীয়ে কিতাপ কাকত খৰচি নোৰোৱাকৈ মাতিব পাৰে, আৰু দুজনী এজনীয়ে পঢ়াশালিত পঢ়ি মহলা দিয়ে, খ্যাতিও পায়। এওঁলোকেই আমাৰ মহিলা মণ্ডলীৰ ৰত্ন। ( চাপৰি )

 লিখা পঢ়াত আমাৰ তিৰোতাৰ এই অৱস্থা। এতিয়া সোধোঁ তেওঁলোকৰ এনেকুৱা অৱস্থা হোৱাৰ কাৰণ কি? তেওঁলোক আন দেশৰ তিৰোতাৰ নিচিনা জনা বুজা বা পণ্ডিত নহয় কিয়? আন দেশৰ তিৰোতাৰ নিচিনা সজ আলাপ কৰিব নাজানে কিয়? ৰান্ধন বাঢ়নত পাৰ্গত নহয় কিয়? এই অৱস্থাৰ বাবে কোন জগৰীয়া? মোৰ বিবেচনাত জগৰ আমাৰ। আমাৰ তিৰোতা আমাৰ অধীন। আমি যেনেকৈ চলাও তেওঁলোক তেনেকৈ চলে, আৰু যেনেকৈ ৰাখোঁ তেনেকৈ থাকে। পাচত, আমি তেওঁলোকৰ শিক্ষাৰ কিবা ব্যবস্থা কৰিছো নে? মানুহে এক শিকে দেখি আৰু এক শিকে লেখি। পিচে, দেখি শিকিবলৈ তেওঁলোকৰ কোনটো সুচল আছে? বুকুত ৰিহা লবৰ দিন ধৰি আমি তেওঁলোকক পোহনীয়া শালিকীৰ নিচিনা সজাত ভৰাই আৰ বেৰ দি থৈ দিওঁ। কেতিয়াবা বাজলৈ এৰি দিলেও, এহতীয়া ওৰণিৰে তেলশালিৰ বলদৰ নিচিনাকৈ চকু বান্ধি আৰু চাৰি ফালে চাৰিটা বৰজাপিৰে চন্দ্ৰ সূৰ্য্যই নেদেখাকৈ পঠাওঁ। ( সজ সজ শব্দ ) জানোচা তেওঁ কাৰবাক দেখে, জানোচা তেওঁক কোনোবাই দেখে, এই ভয়ে চিৰকাল আমাৰ পাচ নেৰে।। এই ভয়তে আমি তিৰোতাক সজাৰ শালিকী, নাদৰ ভেকুলি [ ২৫ ] কৰিলোঁ। তিৰোতাক এই দৰে ৰাখি আমি তেওঁলোকৰ দেখি শিকাৰ মূৰ মাৰিছো। লেখি শিকাৰ পটন্তৰো তেনেকুৱা। ছোৱালী পঢ়াবলৈ আমি কত কেই জন অধ্যাপক ৰাখি দিওঁ কেই জনী ছোৱালীয়ে পঢ়াশালিত পঢ়ে। ছোৱালীক পঢ়ো- ৱাটো আমি দোষৰ কথা বুলিহে বিবেচনা কৰোঁ। পঢ়িলে ছোৱালী ৰচকী আৰু লাহতী হয়। বৰুৱাৰ জীয়েক লিখা পঢ়া শিকি লাহতী হৈছে, তেওঁ নিকা কাপোৰ নহলে মলিয়ন কাপোৰ নিপিন্ধে, আখলত তেলীচাই লাগিলে চাবোন খাৰণি লগায়, আৰু উপন্যাস পঢ়ে আৰু বাতৰি কাকত পঢ়ে। এনেকুৱা আচৰণ আমি গৰ্হিত বুলি ধৰোঁ। আমাৰ বিবেচনাত তিৰোতা নেজ-গুবৰুৱা গাই, বা লেটিলোৱা গাহৰি যেন হব লাগে। তেওঁলোকৰ গাৰ গোন্ধত খালৰ যখিনী আৰু গছৰ পিশাচনী পলাব লাগে! কিয়নো সুতিৰী গেন্ধেলী ই ডাকৰ বচন, ( চাপৰি ) গাত কেচেমা কেচেম গোন্ধ নাথাকিলে তেওঁ কেতিয়াও সুতিৰী ( চাপৰি ) হব নোৱাৰে। তিৰোতাৰ গাত নিকা কাপোৰ; আৰু তিৰোতাৰ নিকা ভৰি হাত আমাৰ চকুৰ কুটা দাঁতৰ শাল, আমি তাক কদাপি সহিব নোৱাৰোঁ। আমি আৰু তৰ্ক কৰোঁ যে লিখা পঢ়া শিকিলে ছোৱালী মই- মত হয়; শাহ শহুৰক নমনা হয়, আৰু গিৰিয়েকক উলাই কৰে। আমাৰ বিবেচনাত ছোৱালীয়ে পুৱা-গধূলি দুয়ো বেলা দণ্ডৱৎ দি সেৱা কৰিলেহে স্বামীক মান্য কৰা হয়, শাহুৱেকৰ ভৰি ধুৱাই পাদোদক খালেহে শাহুক ভক্তি কৰা হয়। ঘৰৰ তিৰোতা জনীৰ পূজাৰ থলি হবলৈ আমাৰ পৰম হাবিয়াস। [ ২৬ ] পূজা ফেৰি হেৰাব বুলি আমি সদায় শঙ্কিত। এই শঙ্কাৰ পৰাই আমি আমাৰ তিৰোতা বিলাকক চকুত সাঁফৰ লগাই থৈছোঁ। এইবিলাকতো সামান্য ওজৰ, ইয়াৰ ওপৰঞ্চিও টান ওজৰ আছে। পঢ়িবলৈ শিকিলে বোলে ছোৱালীৰ চৰিত্ৰ ভালে নাথাকে। যি দেশত স্ত্ৰী শিক্ষা চলিত আছে, তাৰ তিৰোতা বিলাক ধৈয়ালী, আৰু অসমৰ বিলাক লাজুকী—সাক্ষাৎ লজ্জা ৱতী লতা। ছোৱালীয়ে লিখা-পঢ়া শিকিলে এনে বিলাক বিপৰ্যয় ফল ধৰে, এই আমাৰ বুজ, এই বুজৰ পৰা আমি ছোৱালীক লিখা-পঢ়া শিকিবলৈ নিদিওঁ, দিলেও শ্যমন্ত হৰণৰ ওপৰে নহয়। ( চাপৰি ) এতিয়া আপোনালোকে বিবেচনা কৰি কওক এনে বিলাক তিৰোতাই গৃহস্থালি চলোৱাত পাৰ্গত হব পাৰে নে কি। তেওঁলোকে নিজৰ বুদ্ধিৰে এটি কামো সুৱলাকৈ কৰিব নোৱাৰে। সেই দেখি যি গৃহস্থালিৰ ভাৰ তিৰোতাৰ হাতত, সেই গৃহস্থালি অচিৰে তল যায়। আমি গৰুৱালি কৰি আমাৰ তিৰোতাক অজ্ঞান আন্ধাৰত বান্ধি থৈ নিজে তাৰ ফল ভোগ কৰিবলৈ লাগিছোঁ, আৰু দেশখনক এনে দুৰৱস্থাত পেলাইছোঁ। ( চাপৰি )

 বস্তৃতা শেষ কৰি ৰাজখোৱা বহিলত সভাপতি ডাঙ্গৰীয়াই উঠি বক্তৃতাৰ ওপৰত যাৰ যি মন্তব্য আছে প্ৰকাশ কৰিবলৈ সভ্যবিলাকক অনুৰোধ কৰিলে। সন্দিকৈয়ে আগৰ পৰাই উঠে উঠোঁকৈ অছিল। সভাপতিয়ে অনুৰোধ কৰি বহিলত তেওঁ একে চাবে উঠি থিয় হল; আৰু বাওঁহাতখন কঁকালত থৈ গাত ঢুলনি লগাই কবলৈ ধৰিলেঃ—সভ্য ডাঙ্গৰীয়া [ ২৭ ] সকল! ৰাজখোৱা ডাঙ্গৰীয়াই আমাৰ তিৰোতাৰ ঘুনবিলাক দেখালে হয়, কিন্তু তেওঁলোকৰ গুণৰ কথা এটিও নকলে। আমাৰ তিৰোতাৰ যেনে দোষ আছে, তেনে হটি এটি গুণো আছে। তেওঁলোকে সজ আলাপ নাজানিব পাৰে, লিখা পঢ়া নাজানিব পাৰে, ভাল ৰান্ধন নাজানিব পাৰে, কিন্তু বোৱন কাটনত অসমীয়া তিৰোতাক কেও চেৰ পেলাব পৰা নাই। একোজনীৰ হাতৰ কাপোৰ দেখিলে বিস্ময় মানিব লাগে। দুখীয়া গৃহস্থীত ঘৈনীয়েই লৰা চোৰালী আদি ঘৰৰ পৰিয়ালক তাতে বৈ কাপোৰ যোগায়। গৰাকীয়ে কাপোৰত ধন ভাঙ্গিবই নালাগে। ইয়াৰ বাজেও আমাৰ তিৰোতা বিলাক কামিলা। মতা বিলাক যদিও সৰপা, তিৰোতাই কিন্তু আঠোপৰে কাম কৰে। দুখীয়াৰ ঘৈনীয়ে ঘৰত ৰান্ধে বাঢ়ে, বয় কাটে, পথাৰত ৰুই দাই গিৰিয়েকক সহায় কৰে।। আমাৰ মাইকীৰ এই বিলাক গুণ অৱশ্যে প্ৰশংসাৰ যোগ্য। ( চাপৰি )

 বৰাও কেন্দ্ৰ সভাৰ এজন সভ্য। এওঁ বৰ সাত্ত্বিক লোক। এওঁ দিনটোৰ ভিতৰত অতি কমেও ন বাৰ মান গা ধোৱে তিতা কাপোৰে ভাত খায়, মালা জপে, আৰু গুৰু সেৱা নকৰাকৈ পানী টোপো ভিতৰ নকৰে। এওঁৰ আৰ্থিক অৰস্থাও ৰৰৈয়া। আগেয়ে এওঁ দুখীয়া আছিল, পাচত ককায়েক মৰি- লত এখান উইল উলিয়াই হুজুৰত গোচৰ কৰি ককায়েকৰ সম্পত্তি এটাইখিনি পাইছে। ককায়েকৰ এটি ১২ বছৰীয়া, ল'ৰা আৰু তাৰ মাক আছিল। তেওঁলোকে সম্পতি নাপালে। ল'ৰাৰ মাকৰ হুনু স্বভাব বৰ ভাল নাছিল সেই দেখি গিৰি[ ২৮ ] য়ৈকে সেই কথা উইলত লিখি তেওঁক লাৰু লৰাটিক বঞ্চিত কৰি তেওঁৰ লাকটি পাকটি যি আছিল, এটাইখিনি ভায়েকক দি গৈছে। ল'ৰাটি এতিয়া মোমায়েকৰ ঘৰত। বৰাই জানিবা সেই সম্পত্তিকে চলাই গৃহস্থালি কৰি আছে। সন্দিকৈ বহিলতে, এওঁ থিয় হল আৰু বাওঁহাতত এডুখৰী চাৰি আঙ্গুলীয়া টোকা লৈ সোঁহাত ওপৰলৈ তুলি কবলৈ ধৰিলে —-ডাঙ্গৰীয়া সকল। ডেকাল'ৰাৰ মতি বুদ্ধি লৰচৰ ভয় দেখি- বলৈ ভাল। কিন্তু আমাৰ ৰাজখোৱ ডাঙ্গৰীয়াৰ বয়স মোৰ মনে তিনি কুৰি পোন্ধৰৰ কম নহয়।। তেখেতে যে এই বয়সত চাহাব হব : ই কথা আমাৰ সপোনৰ বাতৰি। তেখেতৰ কথা ধৰিব লাগিলে আমি এটাই বিলাক চাহাব হব লাগিব; আৰু আমাৰ ঘৰৰ বুঢ়ী কেই জনীকো গন পিন্ধাই বিবী কৰিব লাগিব। আমাৰ তিৰোতা বিলাকে দীঘলীয়া মাছিয়াত দীঘল হৈ ঠেং টোৰ ওপৰত ঠেংটো তুলি লাহৰী মনোমতী পঢ়ি থাকিলে ৰাজখোৱাৰ মনত ভাল। ৰাজখোৱাৰ জীয়েক এজনীও নাই, নাইবা তেখেতৰ গাভৰু জীয়েক লিখিকা পাঠিকা হৈ চুবুৰীয়া ডেকালৈ প্ৰিয়তম বুলি চিঠি লিখিলে ভাল পাবনে? ( টোকা খনলৈ চাই ) ৰাজখোৱাই আৰু কৈছে যে আমাৰ তিৰোতাই ভাল আঞ্জা ৰান্ধিব নাজানে। তেখেতে আজিকালি ,আমাৰ পুৰণি সাতাম পুৰুষীয়া লফাৰ টেঙ্গা আৰু কোমোৰাৰ জালুকীয়া লোপ কৰি বঙ্গলুৱা পোলাও কোৰ্ম্মাত ধৰিছে হবলা। আমাৰ তিৰোতাই সেই বিলাক ৰান্ধিব নাজানে হয়। কিন্তু ৰাজ- খোৱাই তেখেতৰ গৃহিনীৰ হাতৰ লফাৰ আঞ্জা টকালি পাৰি [ ২৯ ] খোৱা নাই নে? ইয়াকে বোলে খাই অশলাগ কৰা। আমাৰ। তিৰোতাক এতিয়া কোৰ্ম্মা কট্‌লেট শিকিবলৈ কৰিম খামচামাৰ হাতত পেলাই দিব নোৱাৰো। ৰাজখোৱাই আমাৰ পিঠাও ভাল নাপাই। তেখেতক খীৰমোহন চন্দ্ৰপুলী লগা হৈছে।। আমি হল আমাৰ ফেনীৰ সোৱাদ পাহৰিব নোৱাৰো। ফেনীৰ আগত বগুৱা খাৰমোহন কি? ৰাজখোৰা ডাঙ্গৰীয়াই আমাৰ তিৰোতা বিলাকক কি কৰিব দিয়ে মই হলে বুজিব পৰা নাই।

 এই কেই আষাৰ কথা কৈ বৰা ডাঙ্গৰীয়া বহিল। তেওঁৰ পাচত কেও নুঠা দেখি সভাপতি ডাঙ্গৰীয়া থিয় হল আৰু কবলৈ ধৰিলেঃ—সভ্য ডাঙ্গৰীয়া সকল! ৰাজখোৱা ডাঙ্গৰীয়াৰ কথা কেই আষাৰ মোৰ বিবেচনাত শলাগিব লগীয়া। আমাৰ তিৰোতা বিলাক যে কোনো বিষয়তে আন আন সভ্য দেশৰ তিৰোতাৰ যুৰীয়া নহয় তাক মিছা বুলিবলৈ টান। বৰা ডাঙ্গৰীয়াই ৰাজখোৱাৰ কথা কেই আষাৰৰ মৰ্ম্ম ভালকৈ বুজা নাই। ৰাজখোৱাই আমাৰ তিৰোতা বিলাকক বিবী কৰিবলৈ নকয়, তেওঁবিলাকক শিক্ষা দিবলৈহে কৈছে। তিৰোতা বিলাকে যাতে ভালকৈ গৃহস্থালি চলাব জনা হয় তাৰে কাৰো বাৰ কৰিবলৈহে ৰাজখোৱাই কয়। আমাৰ তিৰোতাই যে একো নাজানে ই নিশ্চয় কথা। তিৰী নায়কীয়া ঘৰৰ যে অধোগতি হয় এই কথা আমি সদাই দেখিবলৈ পাওঁ। আমাৰ তিৰোতা আন দেশৰ তিৰোতাৰ নিচিনা শিক্ষিত আৰু জনা বুজা হলে কেতিয়াও এনেকুৱা নহল হেঁতেন। আজি আৰু [ ৩০ ] গধূলি হল, মই আপোনালোকক সৰহ পৰ নাৰাখোঁ, আজিলৈ সভা সম্বৰণ কৰিলোঁ। ( চাপৰি )

——
[ ৩১ ]
পঞ্চম অধিবেশন।
বিষয়—অসমৰ জন সংখ্যা।

 ইয়াৰ ভিতৰত কেন্দ্ৰসভাৰ দুই তিনি বাৰ অধিবেশন হৈ গল, কিন্তু তাত আমি উপস্থিত নাছিলোঁ। প্ৰত্যেক অধি- বেশনৰ আগেয়ে মানুহক একোখন জাননীৰে সভা হব বুলি জনোৱা হয়।। সেই জাননী আমি বাৰে পতি পাই আছোঁ, আৰু জাননী পালেই সেই বাৰ যাম বুলি মনে মনে ভাবি থওঁ কিন্তু মূৰকত যাবলৈ আজৰি নাপাওঁ। এবাৰ যাম বুলিলোঁ ল'ৰাটোৱে আহি “চিলা কৰি দে, চিলা কৰি দে” বুলি নেৰাতেই পৰিল, সেই দিনা তাৰ চিলাটো সাজি দিওঁতেই গল, সভালৈ আৰু যোৱা নহ'ল। আৰু এদিন জাননী পাই, যাম বুলি আছিলোঁ, পাচে দুই নৌ বাজোতেই ফুকন, কাকতী , ৰাজখোৱা, বৰুৰা গোটেই জাকেই ওলালহি, ওলাই দবাৰ খেল পাতিলে, সেই দিনাও সভালৈ যোৱা নহল।। এই দৰে সভায় পতি একোটা বন ওলায়, একোটা আসোঁৱাহ ওলায়। গতিকে এই কেইবাৰ সভা চাবলৈ যাব পৰা নাছিলোঁ। সিদিনা আকৌ জাননী পালো, কিন্তু সেই দিনাও যাবলৈ যাত্ৰা কৰি ওলাওঁতেই আমাৰ টঙ্কেশ্বৰ বৰুৰা আহি পালে। তেওঁক হুনু সোণেশ্বৰ মজিন্দাৰ বৰুৱাৰ সবাহত অপমান কৰিলে। আন বিলাকক বৰ বৰ চৰুতকৈ প্ৰসাদ দিছিল, কিন্তু তেওঁক [ ৩২ ] দিছিল মলাত, আৰু লাড়ুও তেওঁৰ ভাগত অলপ। তেওঁ এই বিলাক কথা কৈ বৰ বেজাৰ কৰিলে, ইয়াকে শুনি থাকোঁতে বহু ত পলম হ'ল। পাচে তেওঁ উঠি গলত সভালৈ যাও যে সভা বহি আৰণি পুৰণি হৈছে, সভাপতিয়ে সভা আৰম্ভ কৰি দি বক্তাক বক্তৃতা দিবলৈ অনুৰোধ কৰিছে। মই গৈ প্ৰথমে বহিবৰ ঠাইকে পোৱা নাছিলোঁ, পাচত শ্ৰীধৰ গগৈয়ে অনুগ্ৰহ কৰি তেওঁৰ ওচৰতে অলপ ঠাই দিলে, তাতে বহিলোঁ।

 এইবাৰ বক্তৃতা দিবৰ পাল আছিল হাজৰিকাৰ এওঁ এজন অতি প্ৰাচীন লোক, বয়সত চাৰিকুৰি সাতৰ কম নহয়। চুলি, দাড়ি, ভুৰূ সকলো পকি শুভ্ৰ হৈছে। এওঁ এজন পণ্ডিত লোক বুলি প্ৰখ্যাত। যদিও বয়স ইমান বেচি, সকলো কৰ্ম্মতে আগ। ইংৰাজী লিখা পঢ়াও কিছু জানে। তাহানি বাপেকৰ দণ্ডিত হুনু তেওঁ ফাৰ্চিও পঢ়িছিল, সেই দেখি ফাৰ্চিও অলপ জানে। সভাপতি বহিলতে এওঁ থিয় হ'ল, দুবাৰ খেকাৰিলে, চেলেঙৰ আঁচলেৰে মুখ মুছিলে আৰু চকু মুছিলে। পাচে এখন হাত কঁকালত থৈ আৰু সিখন ওপৰলৈ তুলি ধীৰে ধীৰে গহীন সুৰেৰে কবলৈ ধৰিলে, ডাঙ্গৰীয়া সকল! আজিৰ সভাত বক্তৃতা দিম বুলি গাত লৈ মই জানিবা কোৰে কাটি শনিহে চপাই লৈছিলোঁ। ( চাপৰি ) আজি মাহেক মোৰ এই চিন্তাই মনৰ পৰা গুচা নাই। সভাত কি বিষয়ে বক্তৃতা দিম, খাওঁতে শোঁতে কেৱল এই চিন্তাই মনক খুন্দিয়া খুন্দিকৈ আছে। মনত হাবিয়াস এই যে সভাত এটা বৰ ধেমেলীয়া [ ৩৩ ] কথা উলিয়াই সভ্যবৃন্দৰ পেটু ছিগা হাঁহি তুলি উগ্ৰ বক্তা নাম লওঁ, কিন্তু তেনে কথা আজি মাহেকেও ভাবি নাপালোঁ। অসমৰ যেনি চাওঁ, কেৱল দুখৰ কথাহে দেখিবলৈ পাওঁ। ( চাপৰি ) সেই দেখি ৰ’ লগা কথা কৈ বক্তা নাম লোৱাটো মোৰ ভাগ্যত নঘটিল।। আজি আপোনালোকক মই দুখৰ বাতৰিহে দিবলৈ ওলাইছোঁ। ( সজ সজ শক ) ডাঙ্গৰীয়া সকল! আপোনালোক এটাইবিলাক দেশ হিতৈষী লোক, নাইবা এই বৃদ্ধ বয়সত পাটীৰ সুখ পৰিহাৰ কৰি, এখন সভা পাতি, তাত দেশৰ মঙ্গলা মঙ্গলৰ কথা আউটি প্ৰাচীন শিৰৰ প্ৰাচীন মগজু উতলাবলৈ কেতিয়াও মান্তি নহলহেঁতেন।। অসমৰ উন্নতি আপোনালোকৰ হাদয়ৰ কামনা। ( চাপৰি ) কিন্তু উন্নতি কৰিব কেনেকৈ? উন্নতি কৰিব কাৰ? মানুহ নহলে জাৰণি, বননি। আৰু কাঠনিৰ উন্নতি কৰিব নে? ( চাপৰি ) অসম দেশ নিচেই সৰু দেশ। দীঘলে পুতলে ডাঙ্গৰ হলেও প্ৰজাৰ সংখ্যা নিচেই তাকৰ। আগৰ কালত যে অসমত কেতিয়াবা সৰহ প্ৰজা আছিল, এনেও নহয়। যি অলপ অচৰপ আছিল তাৰে আকৌ কেতখিনি সংহৰিলে মানে, কেতখিনি সংহৰিলে মটকে, বাকী আছিল কেৱল লাই আৰু লেচাই। ইংৰাজ ৰজাৰ আমোল পৰিবৰ পৰা অসমত তেনেকুৱা কোনো বিপ্লব মিলা নাই। সেই দেখি লাই আৰু লেচাইৰ বংশ পৰিয়াল বাঢ়ি ঘৰ ভৰিব বুলি আশা কৰিছিলো কিন্তু কনা বিধতাৰ এনে ব্যৱস্থা যে আমাৰ এই ক্ষুদ্ৰ আশাও পূৰ নহল। (সজ সজ শব্দ) অসমীয়াৰ পৰিয়াল বাঢ়ি সৰহ হওক ছাৰি, দিনক দিনে টুটিহে [ ৩৪ ] যাব লাগিছে।। চৰকাৰী কাকত মতে অসমত মৰে সৰহ, ওপজে অলপ, দুহাজাৰ উপজিলে আঢ়ৈ হাজাৰ মৰে। মৰণৰ সংখ্যা সৰু ল'ৰা ছোৱালীৰ ভিতৰতেই বেচি। আন দেশৰ ব্যৱস্থা বেলেগ, তাত সৰহ ওপজে, অলপ মৰে। অসমত নো এনেকুৱা কিয় হয়? ( চাপৰি ) কেলৈ আমাৰ লৰা ছোৱালী ইমানকৈ মৰে? মই প্ৰশ্নটো কৰাত কেইজনমান সভ্যই হাঁহিছে। হয়, সিবিলাকে হাঁহিব পাৰে, কিয়নো সিবিলাকৰ বিবেচনাত মৰণ জীৱন বিধিৰ নিবন্ধ, তাত মানুহৰ হাত নাই। কিন্তু মই সোধোঁ, যে ইউৰোপ আৰু আমেৰিকা আদি সভ্য দেশৰ ল'ৰা ছোৱালীৰ মৰণ কম কিয়? সেই বোৰ দেশৰ মৰণ জীৱনৰ কাকতো আপোনালোকে দেখিছে। পাচে, তাত ল'ৰা ছোৱালীৰ মৰণ কিমান দেখিছে? সিহঁত বৰণত বগা হৈ মৰণন হাত এৰাইছে নে কি? ( চাপৰি ) নে যমৰজাই সিহঁতক কৃপা কৰিছে? আমাৰ টেটুৰ পৰা হলে তেওঁ হাতকে নাদাঙ্গে। কলা মানুহলৈ তেওঁৰ কিবা পুৰণি খিয়াল আছে নে কি? ( চাপৰি ) অসমীয়া মাইকী যে ল'ৰা ফুকুৱাত বগা মাইকীতকৈ অপাকৈত এনে কথা ও কোনো চকু থকা মানুহে কব নোৱাৰে। একোজনীয়ে ১৪/১৫ টাৰ কম নকৰে। পিচে, তাৰ ভিতৰত কেইটা ডাঙ্গৰ হৈ অসমীয়াৰ সমাজ বঢ়ায়? পোন্ধৰটাৰ ভিতৰত পাঁচোটা থাকিলেও বাপেক মাকে পৰম ভাগ্য বুলি মানে। ( চাপৰি )

 ল'ৰা ছোৱালী সম্বন্ধে আমাৰ মনত এটি গুপ্ত বিশ্বাস আছে। বিশ্বায়টি এই যে আমাৰ যিমান ল'ৰা ছোৱালী ওপজে তাৰ [ ৩৫ ] ভিতৰত যমৰ এটা বাপতীয়া ভাগ আছে। ( চাপৰি ) আমি মহা ধৰ্ম্মিষ্ঠ মানুহ, লোকৰ হক ভাগত হাত দিব নোখোজোঁ। বগা বঙাল টেঙ্গৰ প্ৰবঞ্চক; সেই দেখি সিহঁতে যমৰ ভাগৰো চহা কাটে। কিন্তু ঢিলা পালে যে ঠিলা টানকৈ মাৰে, ই কথা আমাৰ মনত নাই। ( চাপৰি ) বগা বঙ্গাল টান মানুহ, সিহঁতক বলে নোৱাৰি যমে সেই ভাগৰ স্বত্ত্ব আগধৰি এৰি দিছে, আমাক ঢিলা পাই, আমাৰ ল'ৰা ছোৱালীৰ ভাগটো এৰিব নোখোজে, এই আচল কথা। কিন্তু ডাঙ্গৰীয়া সকল! মই হলে যমক দুষিব নোৱাৰোঁ, আমাৰ ল'ৰা ছোৱালী নমৰিব যদি মৰিব কাৰ? আমাৰ ঘৰত ল'ৰা উপজিয়েই পায় কি? ভিজা মাটি আৰু আন্ধাৰ ঘৰ। মাকৰ গৰ্ভ অৱশ্যে ভিজা আৰু আন্ধাৰ, আৰু তাৰ ভিতৰতেই ল'ৰা বাঢ়ে। এতেকে গৰ্ভৰ আন্ধাৰে আৰু ভিজা ঠায়ে লৰাক সুজে বুলি কব পাৰে। কিন্তু সেই আন্ধাৰে আৰু ভিজা ঠায়ে যে পৃথিবীতো তাক সুজিব এনে কথা ঠাৱৰ কৰি কব নোৱাৰি। ( চাপৰি ) জেকা আৰু আন্ধাৰ ঘৰ জীৱনৰ পথ্য বুলি চবক সুশ্ৰুত কতো পোৱা নাযায়। তোৰ পিচত বায়ু। লৰাৰ নতুন কুমলীয়া হাওঁ- ফাওঁলৈ আমি কেনে বায়ু যতনাই থওঁ। থু, খেকাৰ, ভেকুৰা মাটি, গেলা তামোলৰ বাকলি, কেটেহা কাপোৰ আৰু আলান্ধু আদি নানাবিধ মচলাৰে ভাৱনা দি এনে বায়ু, যুগুত কনি থওঁ যে তাৰ এটা নিশ্বাস ললেই সকলো ৰোগৰ গুটি ল'ৰাৰ ভিতৰলৈ যায়। ( সজ সজ) এই আমাৰ ল'ৰা ছোৱালীৰ জন্ম কাহিনী : পাচত সিহঁত ডাঙ্গৰ দীঘল হয় কেনেকৈ তাকো [ ৩৬ ] এবাৰ ভাবি চাওক। এই সম্বন্ধে আমাৰ আৰ্হি নন্দ আৰু যোশোদা। ( চাপৰি ) তেওঁলোকৰ তনয় শ্ৰীকৃষ্ণক তেওঁলোকে যি প্ৰণালীত ডাঙ্গৰ কৰিছিল আমিও আমাৰ ল'ৰাক সেই প্ৰণালীত ডাঙ্গৰ কৰোঁ। কৃষ্ণই মাটি খাইছিল, আৰু ধূলিত বাগৰিছিল, সেই দেখি আমাৰ ল'ৰাকো খামোচে খামোচে মাটি খাবলৈ আৰু গেৰেকণিত লেটি লবলৈ এৰি দিওঁ। ( চাপৰি ) ল'ৰালৈ আমাৰ বৰ মৰম, কেনেবাকৈ ভোকত দুখ পাই বুলি আমি চিন্তি পাৰ নাপাওঁ। ল'ৰাইতো এবাৰ অকলৈ খায়েই তদুপৰি বায়েকৰ লগত এগৰাহ. পেহীয়েকৰ লগত এগৰাহ আৰু মাকৰ লগত এগৰাহ খাবলৈ পায়।। এই দৰে খাওঁতে খাওঁতে ল'ৰাতো স্বভাৱতে এটা ক্ষুদ্ৰ ৰাক্ষস হয়েই, ইফালে শ্ৰীটিও বিতোপনহৈ পৰে, পেটটি ডাঙ্গৰ, ডিঙিটি চিঞা, আৰু হাত ভৰিৰ গাঠি কেইটাই সাৰ হয়। ইয়াৰ ওপৰঞ্চিও পেটত কোৰ সঁজীয়া জ্বৰ খাপৰিয়ে বাহ লয়। ( চাপৰি ) একোটা ল'ৰা দেখিলে তাক মানুহৰ ল'ৰা বুলিব নোৱাৰি সাক্ষ্য পিশাচ টো জানিব। গাত সাতবৰণীয়া চেকা লগা কাপোৰ, ডিঙ্গিত টাটৰি, পিঠিত একাঙ্গুলীয়া ওখল; মূৰৰ মলি স্বভাৱতে চটা বান্ধি এৰি নগলে এৰুৱাই দিওঁতা নাই। নাকত শেঙ্গুনৰ টেপা, কোৱাৰিত লালাউটিৰ ৰেখা, বুকুত গাখীৰ কলৰ প্ৰলেপ সততে ল'ৰাৰ নুগুচে। ( চাপৰি ) পানীৰে সৈতে ল'ৰাৰ কেতিয়াবা কাচিত হে দেখা সাক্ষাৎ হয়। ইয়াৰ বাজেও ভূত পিশাচক ভয় দেখুৱাবলৈ ডিঙ্গিত, বাউসিত, কাণত, কঁকালত জৰীৰ বোজা। এই জৰীত যে কিমান কালৰ শেঙ্গুন, খেকাৰ, ঘাম, [ ৩৭ ] আৰু মেলি লাগি পিঠা বান্ধি থাকে তাৰ ঠিক নাই। এই আমাৰ ল'ৰাৰ অৱস্থা। ( চাপৰি ) এনে অৱস্থাতে যে এটাইবোৰ নমৰি দুই চাৰিটা ডাঙ্গৰ হয়, ই কেৱল মানুহৰ জীউ বৰ লেটেকা দেখিহে। এনেকুৱা ল'ৰা ছোৱালী পৃথিবীত থকাতো যদি যমে শুধা ভাত খায়, তেনেহলে তাক দীঘলকণীয়া গাধহে বুলিব পাৰি। ( চাপৰি )

 কাকতীও কেন্দ্ৰ সভাৰ এজন লেখৰ সভ্য। এওঁ অস- মীয়াৰ পুৰণি নিয়ম এটিও এৰা নাই। খোৱা শোৱা আদি ক্ৰিয়াকৰ্ম্ম এটাইখিনি এওঁ পুৰণি নিয়ম মতে কৰে। চতৰ বিহুৰ নাচন বাগন অসমৰ পৰা তুলি দিবৰ কথা হোৱাত, তাক ৰাখিবলৈ মুখিয়াল হৈ হজুৰত দৰখাষ্ট দিছিল আৰু সেই বাবে এওঁ এজন পৰম দেশ হিতৈষী লোক বুলি প্ৰখ্যাত। হাজৰিকা বহিলত এওঁ থিয় হল আৰু খঙত কপনি তুলি কবলৈ ধৰিলে-— ডাঙ্গৰীয়া সকল! হাজৰিকা ডাঙ্গৰীয়াই আজি আমাক আচৰিত কথা শুনালে, তেখেতে ঈশ্বৰৰ বিষয় খন গোটাই কাঢ়ি ললে যেন বোধ হয়।। এতিয়াৰ পৰা তেখেতহে মাৰণ তাৰণৰ গৰাকী হ'ল ( চাপৰি আৰু হাঁহি ) তেখেতে পৰিষ্কাৰ থাকি ইহকালৰ বৈভব আৰু পৰকালৰ মোক্ষ উভয়কেই লাভ কৰিব খুজিছে। লেতেৰা হৈ থাকে দেখিহে আমাৰ ল'ৰা- ছোৱালীবোৰ মৰে? কিয়? ভাৰতৰ আন আন দেশৰ ল'ৰা ছোৱালীবোৰক কিবা সোণৰ সফুঁৰাত ভৰাই থয় নে কি? ( চাপৰি ) সিহঁতৰো চোন নাকত “শেঙ্গুনৰ টেপা”, “কোৱাৰিত লালাউটিৰ ৰেখা” বুকুত “গাখীৰ কলৰ প্ৰলেপ ” [ ৩৮ ] থাকে, ( চাপৰি ) পিচে, সেই বোৰ ল'ৰা ছোৱালী গোটেই মৰি ঢুকাইছেনে? দিনক দিনে চোন বাঢ়িহে যাবলৈ লাগিছে। হাজৰিকা যদিও বয়সত বুঢ়া, চামুচধাৰী, চেলেউ থোৱা চাহাব হবলৈ তেখেতৰ এতিয়াও হেপাহ গুচা নাই। ( চাপৰি ) সেই দেখিহে তেখেতৰ ল'ৰা কেইটাক একেবাৰে বিলাতী চাহাব। কৰিছে। হাজৰিকা ডাঙ্গৰীয়া আঢ্যৱন্ত মানুহ, তেখেতে ল'ৰা ছোৱালীক আপডালত ৰাখিব পাৰে। কিন্তু সকলোৰে ভাগ্য তো তেনে ৰৰৈয়া নহয়। দুখীয়া মানুহে ল'ৰা চিকোনাই দিন কটালে হাজৰিকাই সিহঁতক খাবলৈ পেনচন দিবনে? হাজৰিকাই আমাৰ ঘৰবোৰ আন্ধাৰ আৰু ভেটি জেকা বুলি নিন্দিছে, কিন্তু বৰ চাহাবৰ বঙ্গলাৰ নিচিনা বঙ্গলা সাজিবলৈ আমাৰ সমৰ্থ নাই। সন্দিকৈ--আজিৰ সভাত বক্তৃতা দিবৰ মোৰ সমূলি মন নাছিল কিন্তু কাকতীৰ কথা কেই আষাৰ শুনি নুঠি থাকিব নোৱাৰিলোঁ। বৰচাহাবৰ বঙ্গলাৰ নিচিনা বঙ্গলা সাজিবলৈ বোলে তেখেতৰ সমৰ্থ নাই। হাজৰিকাই জানো সকলো অসমীয়াক বঙ্গলা সাজি থাকিবলৈ কলে? কিয়, সৰু ঘৰ জানো দুখন খিৰিকি কাটি পোহৰ কৰিব নোৱাৰি? ( চাপৰি ) সৰু ঘৰৰ জানো ভেটি ওখ কৰিব নোৱাৰি? অসমীয়া মানুহে এই ফেৰা কাম কৰিও গা ভালে ৰাখিব নোখোজে। তাকে কোৱাত আকৌ কাকতীৰ খং ( চাপৰি )।

 বৰুৱা— ডাঙ্গৰীয়া সকল! কাকতীয়ে কয় যে ভাগ্য ৰৰৈয়া নহলে ল'ৰাক পৰিষ্কাৰে ৰাখিব নোৱাৰি। এই আষাৰ কথা তেখেতৰ মই বুজিব নোৱাৰিলোঁ ( চাপৰি )। দুখীয়া মানুহে [ ৩৯ ] ল'ৰা ছোৱালীৰ গা ধুৱাই দিলে জানো সিহঁতৰ কতবা কিবা দইন পৰে? ইউৰোপ আমেৰিকাত জানো দুখীয়া মানুহ নাই? ( চাপৰি ) পিচে, সিহঁতে লৰা ছোৱালীক কেনেকৈ পৰিষ্কাৰে ৰাখে? ঘৰৰ ঘৈনীয়ে যিখিনি পৰ মিনাইৰ মাকৰ আৰু ঘিনাইৰ ঘৈনীয়েকৰ নাক মুখ ব্যাখা কৰি কটায়, ( চাপৰ ) সেইখিনি পৰত লৰা ছোৱালীক ধুৱাই পখালি নিকা কৰিব পাৰে। ( চাপৰি ) মন থাকিলে মানুহে স্বৰ্গলৈকো যাব পাৰে বুলি কয়। ( চাপৰি ) ল'ৰা ছোৱালী পৰিষ্কাৰে ৰখাটো বৰ টান কথা নহয়। আচল কথা আমি মলি প্ৰিয় জাতি, ( চাপৰি ) মলি নহলে আমি থাকিবই নোৱাৰোঁ। ল'ৰাৰ মুখত মাটি, গাত ধূলি নাথাকিলে আমাৰ চকুত তাৰ ধুনেই নোলায়। ( চাপৰি )

 এই কেই আষাৰ কথা কৈ বৰুৱা বহিলত সভাপতি ডাঙ্গৰীয়া উঠিল, আৰু কোনোবা সভ্যই সভাক মন্তব্য নিবেদন কৰিবনে নকৰে সুধিলে। পাচে কেওঁ নুঠা দেখি সভাপতিয়ে নিজে কবলৈ ধৰিলে—ডাঙ্গৰীয়া সকল! আমাৰ দেশত যে দিনক দিনে জনসংখ্যা কমি যাবলৈ লাগিছে; ই সঁচা কথা। মৰণ জীৱনত অৱশ্যে মানুহৰ হাত নাই, তথাপি শাস্ত্ৰত বাচি খাবলৈ আৰু জাগি শুবলৈ কৈছে ( চাপৰি )। সদাই পৰি- স্কাৰে থাকিলে হে মানুহ দীৰ্ঘায়ুস হয়, ইয়াক কেওঁ মিছা বুলিব নোৱাৰে ( চাপৰি )। পৰিষ্কাৰে থকা খোৱা জাতি বিলাকৰ ভিতৰত মৰণ সততে কম দেখা যায়। হাজৰিকাৰ কথা কেই আষাৰ অৱশ্যে শলাগিব লগীয়া। ( চাপৰি ) আমি মলিক মলি যেন নাভাবোঁ। লেতেৰাকৈ ৰখাৰ নিমিত্তেহে বহুত [ ৪০ ] ল'ৰাই অকালত প্ৰাণ হেৰুৱায়। ( চাপৰি ) কাকতী ডাঙ্গৰীয়াই ভাৰতৰ আন আন দেশৰ পাটন দিছে। ভাৰতৰ আন আন দেশতো ল'ৰা ছোৱালীৰ মৰণৰ সংখ্যা কম নহয়। ইউৰোপ আৰু আমেৰিকাৰ লগত ৰিজাই চালেই আচল কথা ধৰা পৰে। ( চাপৰি ) ইউৰোপৰ ল'ৰা শত দুজন মৰিলে ভাৰতৰ ল'ৰা শত চাৰি জনকৈ মৰে। কিন্তু আসামৰ নিচিনা জানিবা সিবোৰ দেশত জন্মৰ সংখ্যাতকৈ মৰণৰ সংখ্যা সৰহ নহয়। তাৰ কাৰণ আছে। সেই বোৰ দেশ অসমৰ নিচিনা জেকা দেশ নহয়। কোনোবা থলৰ এফালে যদি জেকা এফালে ওখ আৰু শুকান, গতিকে মুঠতে তাতো মৰণৰ সংখ্যা জন্মতকৈ সৰহ হব নোৱাৰে। বঙ্গদেশৰ কোনো কোনো অঞ্চল অসমৰ নিচিনা জেকা, সেই দেখি তাত অসমৰ নিচিনা মৰণো সৰহ। অসম গোটেই খন জেকা দেশ বুলি সকলোৱে জানে। ইয়াত মানুহ অৱশ্যে বেচি সাৱধানে থাকিব লাগে ( চাপৰি )। মলি মানুহৰ শৰীৰৰ পক্ষে এবিধ বিহ, তাক আমি অন্তৰেৰে ঘিনাব লাগে। মলিলৈ আন্তৰিক ঘৃণা নুপজিলে তাৰ হাতৰ পৰা আমি উদ্ধাৰ নাপাও হঁক। ( চাপৰি ) এতিয়া গধূলি হল, আপোনালোকক আৰু সৰহ পৰ নাৰাখোঁ, আজিকৈ সভা সম্বৰণ

কৰা গল। ( চাপৰি ) [ ৪১ ]
ষষ্ঠ অধিবেশন।
বিষয়—কিমাশ্চাৰ্য্যমতঃ পৰং।

 এদিন গধূলি ফুৰিবলৈ যাওঁতে এডাল আহঁত গছত আৰি দিয়া এখন জাননী দেখা পালোঁ। জাননীত বৰ বৰ আখৰেৰে “কেন্দ্ৰসভাৰ অধিবেশন” লিখা আছিল বুলি ওচৰ চাপি গৈ পঢ়ি চালত জানিব পাৰিলোঁ যে কাতি মাহৰ এদিনৰ দিনা কেন্দ্ৰ সভা বহিব, আৰু তাত ওপৰত লিখা বিষয়ে শ্ৰীযুত উগ্ৰদেৱ শৰ্ম্মা ভট্টাচাৰ্য্য, বিদ্যানিধি বি বা, বি বি, বি মা, ত চ, ডাঙ্গৰীয়াই বক্ততা দিব। বিদ্যানিধি ডাঙ্গৰীয়াৰ নাম বহুত দিনৰ পৰা শুনিছোঁ , কিন্তু মানুহ জনক হলে দেখা নাছিলোঁ৷। তেখেতে কেন্দ্ৰসভাত বক্তৃতা দিব বুলি শুনি বৰ ৰং পালোঁ। সভাৰ দিনা আন কাম পাচ কৰি ভাল এডখৰি ঠাই লৈ বহিবৰ নিমিত্তে দুই নৌ বাজেোঁতেই, সভালৈ গৈছিলোঁ, কিন্তু গৈ দেখোঁ যে আমাতকৈও আগেয়ে অনেক মানুহ আহি সভা ঘৰ ভৰি আছে। সভাপতিও আহিছে, আৰু আসনত বহি ওচৰত বহা সভ্যবিলাকৰে সৈতে আলাপ কৰি আছে। বিদ্যানিধি ডাঙ্গৰীয়া তেতিয়ালৈকে অহা নাছিল। আমি দুখনমান তামোল খাবৰ পৰ বহি থকাৰ পিচত তেখেত ওলালহি। তেখেত সভা ঘৰ সোমোৱা মাত্ৰেই সভাৰ সভ্যমণ্ডলীয়ে চাপৰি বজাই থিয় হল; আৰু সভাপতি ডাঙ্গৰীয়াই উঠি গৈ তেখেতক আদৰি আনি আসনত বহুৱালে। [ ৪২ ]  বিদ্যানিধিৰ বয়স আমাৰ অনুমানত তিনি কুৰিৰো ওপৰহে হব, কিন্তু মানুহ জন হলে ডাঠে আছে। সুন্দৰ থুলন্তৰ পুৰুষ, চুলি এগছ দুগছ মাথোন পকিছে, দাঁত এটিও সৰা নাই, মুখ পৰিষ্কাৰ, ডাৰি গোঁফ খুৰুৱা। কপালত ৰঙ্গাচন্দনৰ ৰেঘা। গাত চোলা নাই, উত্তৰী চেলেং খন মাথোন, লগুণত গঁড় খড়গৰ আঙ্গঠি।

 বিদ্যানিধি ডাঙ্গৰীয়াই আসনত বহি সভা ঘৰটিৰ চাৰিউ ফালে চকু ফুৰাই চালে। তাৰ পাচত কেন্দ্ৰসভা স্থাপয়িতা ডাঙ্গৰীয়া কেইজনৰ উৎসাহ বহুদৰ্শিতা আৰু দেশহিতৈষিতাৰ প্ৰশংসা কৰিলে। এই দৰে আলাপ অভ্যৰ্থনা হৈ যোৱাৰ পাচত, সভাপতি ডাঙ্গৰীয়া তেখেতৰ নিয়োজিত আসনৰ ওচৰলৈ গৈ থিয় হ'ল, আৰু সোঁহাত খনি ওপৰলৈ তুলি কবলৈ ধৰিলে — ডাঙ্গৰীয়া সকল, আজি আমাৰ পৰম ভাগ্য; আজি অসম দেশৰ খ্যাতনামা পণ্ডিত প্ৰবৰ শ্ৰীযুত উগ্ৰদেৱ শৰ্ম্মা ভট্টাচায্য বিদ্যানিধি ডাঙ্গৰীয়া স্বয়ং সভাত উপস্থিত। ( চাপৰি ) তেখেতৰ আগমনত কেন্দ্ৰসভা পবিত্ৰ হল, ( চাপৰি ) আৰু আশা কৰোঁ যে ইয়াৰ পৰা কেন্দ্ৰসভাৰ নায়ক বিলাকৰ উৎসাহ ভবিষ্যতলৈ বৃদ্ধি হব। বিদ্যানিধি ডাঙ্গৰীয়াক অসমৰ সকলোৱে জানে, তথাপি নিয়ম ৰক্ষাৰ নিমিত্তে ডাঙ্গৰীয়াৰ বিষয়ে দুই আষাৰ মান চিনাকি বচন কবলৈ আগ বাঢ়িলোঁ।

 ডাঙ্গৰীয়াসকল! বিদ্যানিধি অসমদেশৰ অমূল্য কহিনুৰ, এখেৰ তুল্য পণ্ডিত আমাৰ দেশত আগেয়ে ওলোৱা নাই। এখেত সংস্কৃত ভাষাৰ মাক বাপেক বুলি কলেও বঢ়াই কোৱা [ ৪৩ ] নহয়। এখেত পাণিনি, মুগ্ধবোধ, কলাপ আদি ব্যাকৰণত যেনে অতুল্য, বেদ শাস্ত্ৰতো তেনে অতুল্য। এখেৰ ব্যাকৰণ বোধ দেখি আচৰিত মানি মহাৰাষ্ট্ৰ দেশৰ বাল মনোহৰজি তিলক মহাশয়ে বৰ উচ্চ দৰুৰ শলাগণিপত্ৰ দিছে। বেদৰ বিচাৰত সন্তুষ্ট হৈ মাদ্ৰাজৰ ভাই মেঘবৰ্ণ ৰাও, অযোধ্যাৰ শ্ৰীশ্ৰীপ্ৰেমজি পেটেৰিয়া কাশীৰ শ্ৰীশ্ৰীহৰলাল ডণ্ডক নৈয়ায়িক আৰু বঙ্গদেশৰ শ্ৰীচণ্ডী- প্ৰসাদ শাস্ত্ৰী মহাশয়কে আদি কৰি অনেক প্ৰসিদ্ধ পণ্ডিত সকলে বিস্ময় মানি শলাগণি পত্ৰ দিছে। ( চাপৰি ) এখেতৰ পিতৃদেৱো এজন সংস্কৃতজ্ঞ পণ্ডিত আছিল, আৰু তত ঘৰতে টোল পাতি চুবুৰীয়া লৰাক সংস্কৃত পঢ়াইছিল। ৱিদ্যানিধিৰ সংস্কৃত বিদ্যাৰ পাতনি এই টোলতে হয়। পাচত কোচবিহাৰ নদীয়া আৰু কাশী আদি ঠাইলৈ গৈ তত নানা শাস্ত্ৰ শিক্ষা কৰি পাৰ্গতালি লাভ কৰে, আৰু বিদ্যাবাগীশ, বিদ্যাবিনোদ, বেদান্ত বাগীশ, বিদ্যাসাগৰ, তৰ্কচঞ্চু আদি বহুত ডাঙ্গৰ ডাঙ্গৰ খ্যাতি প্ৰাপ্ত হয়। এখেতৰ মুখৰ পৰা অলপ উপদেশ বচন শুনিবলৈ আমাৰ বহুত দিনৰ পৰা হাবিয়াস আছিল। ( চাপৰি ) সেই দেখি বিদ্যানিধি ডাঙৰীয়াক কেন্দ্ৰসভাৰ পৰা পত্ৰ পঠিয়াই নিমন্ত্ৰণ কৰি অনা হৈছে। তত প্ৰথমে আহিব নোৱাৰিব বুলি উত্তৰ দিছিল, পাচে দ্বিতীয় পত্ৰৰ অনুৰোধত আজি কৃপা কৰি উপস্থিত হৈছে। এতিয়া ডাঙ্গৰীয়াই এই সভাত এটি বক্তৃতা দি সমাগত সভ্যমণ্ডলীৰ হাবিয়াস পূৰণ কৰক ( চাপৰি ) আৰু কেন্দ্ৰসভাৰ সভ্য সকলক ভবিষ্যতলৈ উৎসাহিত কৰক। (চাপৰি)

 সভাপতি ডাঙ্গৰীয়া বহিলত বিদ্যানিধি, ডাঙ্গৰীয়া আসন [ ৪৪ ] এৰি থিয় হল, আৰু হাত দুখনি উত্তৰীৰ তলত বুকুৰ ওচৰত থুপুৰিয়াই লৈ কিছুমান পৰ চকু মুদি আছিল,ওঁং,তৎ,সৎ শব্দ ফুটাই উচ্চাৰণ কৰি চকু মেলিলে, হাত দুখন তললৈ এৰি দিলে, আৰু সভাপতিৰ ফাললৈ মুখ কৰি গভীৰ সুৰত গম্ভীৰ ভাবে মাত লগালেঃ—ভো ভো মহৎ মৰ্য্যাদাবিশিষ্ট ভদ্ৰবংশতিলক ডাঙ্গৰীয়া বৃন্দ! এই (নিজৰ গালৈ টোৱাঁই ) অভাজনক আজি আপোনা সকলে যিৰূপ অভ্যৰ্থনা কৰিছে, অভাজন তদ্ৰুপ অভ্যৰ্থনাৰ যথাৰ্থ যোগ্যপাত্ৰ নহয়। ই কেৱল আপোনালোকৰ মহৎ হৃদয়ৰ চিনাকি। এই আদৰ অভ্যৰ্থনাৰ ঋণ পৰিশোধ কৰিবলৈ যে মই কোনোবা কালত সমৰ্থবান্ হম, এনে আশা মোৰ হৃদয়ত স্থাপন কৰিব নোৱাৰো। মোৰ প্ৰতি ঈদৃশ সম্মান প্ৰদৰ্শন কৰি আপনালোকে কেৱল মোক ঋণপাপৰ চিৰবন্ধনত পেলালে। আপোনালোকে নিজগুণে সেই বন্ধন মোচন কৰিব, এই মোৰ ঐকান্তিক আশা। ( চাপৰি আৰু সজ সজ শব্দ ) ডাঙ্গৰীয়া বৃন্দ! সভাপতিৰ পাতনি বক্তৃতাত প্ৰকাশ যে আপোনালোকে মোৰ মুখৰ পৰা উপদেশ বচন শুনিবলৈ হাবিয়াস কৰি মোক নিমন্ত্ৰি আনিছে। ( চাপৰি ) কিন্তু এই অভাজন যে এই বিজ্ঞমণ্ডলীক উপদেশ দিবৰ পাত্ৰ মোৰ এনে বিশ্বাস নাই, তথাপি আপোনালোকৰ অনুৰোধ ৰক্ষাৰ নিমিত্তে দুই আষাৰ মান কবলৈ অগ্ৰসৰ হলোঁ।

 মোৰ বক্তৃতাৰ বিষয় কিমাশ্চৰ্য্যমতঃপৰং। এই বচন আষাৰ অৱশ্য মহাভাৰতৰ, সেই দেখি আপোনালোকে মহাভাৰতৰ কথা কম বুলি ভাবিব পাৰে। কিন্তু মই মহাভাৰতৰ কথা কবলৈ [ ৪৫ ] ওলোৱা নাই। মানুহৰ নিত্য নৈমিত্তিক কৰ্ম্মকাব্যৰ ভিতৰতো অনেক আচৰিত কথা আছে। তাৰে এটাহে আপোনালোকৰ আগত নিবেদন কৰিম। ডাঙ্গৰীয়া সকল! যালৈ আমাৰ বৰ মৰম তাক আমি ছকুৰি বছৰ বা তদুৰ্দ্ধকাল জীয়াই থাকিবলৈ আশীৰ্ব্বাদ কৰোঁ। ছকুৰি বছৰ পৰমায়ু হওক, এই আশীৰ্ব্বাদ সকলোৱে আশীৰ্ব্বাদৰ শ্ৰেষ্ঠ বুলি বিবেচনা কৰে। এই আশী ৰ্ব্বাদত মানুহ বৰ সন্তুষ্ট হয়।। কিন্তু এই দৰে আশীৰ্ব্বাদ কৰিলে মৰম কৰাই হয় নে খিয়াল কৰাই হয়, মই ঠাৱৰাব পৰা নাই। মুঠ কথাত, ছকুৰি বছৰ জীয়াই থাক বুলি আশীৰ্ব্বাদ নকৰি যদি এই দৰে কোৱা যায়, “তুমি তিনি মূৰীয়া হোৱা, তুমি লাখুটিত ভিৰ নিদিয়াকৈ উঠিব নোৱাৰা হোৱা, তোমাৰ দাঁত এটিও নাইকিয়া হওক; ( চাপৰি আৰু হাঁহি ) তোমাৰ গোটে ইটো গা সোতোৰা পৰক,” তেনেহলে কেইজন মানুহ সন্তুষ্ট হব? মোৰ বিবেচনাত এনেকুৱা আশীৰ্ব্বাদত মানুহ সন্তুষ্ট হওক ছাৰি, সি আশীৰ্ব্বাদ দাতাৰ দাঁত বা শিৰ বা উভয়কে নভঙ্গাকৈ ( চাপৰি ) এৰি নিদিয়ে। অথচ গলিত নখদন্ত আৰু বলিত শৰীৰ কেৱল ছকুৰি বছৰ পৰমায়ুৰ ফল মাত্ৰ। ইয়াক শুনিলে মানুহৰ ক্ৰোধ হয় কিয়? মানুহে দীৰ্ঘায়ুস বাঞ্ছা কৰে, কিন্তু তাৰ ফলৰ কথা শুনিলে ক্ৰোধত বাউল হয়। ই বৰ আচ- ৰিত কথা। কিমাশ্চৰ্য্যমতঃপৰং। (চাপৰি আৰু আনন্দৰ কোৰ্হাল)

সভা আকৌ নিজম পৰিল।। বিদ্যানিধি ডাঙ্গৰীয়াই সভ্য- সকলৰ ফালে মুখ কৰি আকৌ আৰম্ভ কৰিলে। সভাসদ ডাঙ্গৰীয়া সকল।! দীৰ্ঘ জীৱনৰ অভিলাস মনুষ্য মাত্ৰৰেই আছে, [ ৪৬ ] কিন্তু এই অভিলাষ যে সকলো মনুষ্যৰ পক্ষে সঙ্গত এনে বোধ নহয়। একেইতো দীৰ্ঘজীৱন দুখৰ স্ৰোত। ( চাপৰি ) বেচি দিন জীয়াই থাকিলে সাংসাৰিক জীয়াতুৰ ডাঙ্গৰ ভাগ লবলগীয়া হয় আৰু তাৰ ওপৰঞ্চিও জৰাজনিত যাতনা পুঞ্জৰ হাতত পৰিব লাগে। দীৰ্ঘ জীৱনৰ ইমান কষ্ট, তদপি মানুহ দীৰ্ঘ জীৱনৰ লালসী। কিয়? উত্তৰ এই যে আয়ুস দীঘল হলে সংসাৰত সৰহ কাম কৰিব পাৰি। এই উত্তৰ অনেকে নামানিব পাৰে। সিবিলাকে কব পাৰে যে দীৰ্ঘজীৱন অভিলাষ কৰাৰ এই কাৰণ নহয়। জীৱনৰ প্ৰতি মানুহৰ বৰ মৰম আৰু মৰণলৈ মানুহৰ বৰ ভয়, সেই দেখি মানুহে বহুত দিন জীয়াই থাকিবলৈ বাঞ্ছা কৰে। অথবা ইয়াকো কব পাৰে যে সংসাৰত যাতনা থাকিলেও উপভোগৰ সামগ্ৰীও বহুত আছে। মানুহে সেই বোৰৰ ভোগ এৰি যাব নোখোজে। সেই দেখি দীৰ্ঘায়ুস হবলৈ বাঞ্ছা কৰে। ( চাপৰি ) হয়, দীৰ্ঘজীৱনলৈ অভিলাষ কৰাৰ ইও এটা কাৰণ হব পাৰে, কিন্তু এই কাৰণত কোনো যুক্তি নাই ( সজ সজ শব্দ ) ই কেৱল অজ্ঞানীৰ অযুগুত কামনা; এই হেতুত কেও তোমাক দীৰ্ঘায়ুস দিবলৈ সন্মত নহয়। তুমি এই হেতু দেখুৱাই “ঈশ্বৰৰ আদালত”ত দীৰ্ঘায়ুস দাবি কৰিব নোৱাৰা। ( চাপৰি ) আকৌ কেৱল অজ্ঞানীয়ে হে যে দীৰ্ঘায়ুস বাঞ্ছে এনেও নহয় বৰ বৰ জ্ঞানী মানুহেও দীৰ্ঘজীবী হবলৈ বাঞ্ছা কৰে। জ্ঞানী শ্ৰেষ্ঠ ঋষি মুনি সকলেও দীৰ্ঘজীবী হবলৈ বাঞ্ছা কৰিছিল। পিচে, এওঁ লোকেও মৰণৰ ভয়ত বা ভোগৰ লোভত এনে বাঞ্ছা কৰি- ছিলনে? কেতিয়াও নহয়। এওঁলোকে ভোগ কৰক ছাৰি [ ৪৭ ] ভোগশূন্য বনস্থলিত বাস কৰিছিল ( চাপৰি ) মৰণৰ ভয় কৰক ছাৰি মৃত্যুৰাজ যমকো ইতিকিং কৰিছিল। এওঁলোকে দীৰ্ঘ- জীৱন বাঞ্ছা কৰাৰ হেতু এই যে সৰহ দিন জীয়াই থাকিলে সংসাৰত সৰহ কাম কৰিব পাৰিব। অনেক মুনিয়ে যোগৰ বলত দীৰ্ঘজীবী হৈ দীৰ্ঘ চিন্তা, দীৰ্ঘ ধ্যান কৰি সংসাৰৰ তত্ত্ব আবিষ্কাৰ কৰিছিল, আৰু সেই বিষয়ে অনেক শাস্ত্ৰ লিখি থৈ গৈছে। আচল কথা, যি কৰ্ম্মী মানুহ সি দীৰ্ঘজীবী হবলৈ বাঞ্ছা কৰিলে ৰজে। কিন্তু যি নিষ্কৰ্মা, কেৱল ভক্ষণৰ মুখমাত্ৰ, সি তেনে বাঞ্চা কৰিলে হাস্যাস্পদ হয়। (সজ সজ শব্দ ) অৰণ্যৰ ইকৰাই দীৰ্ঘজীৱন বাঞ্ছা কৰিলে কোনে ভাল বুলিব? বৰং বৃদ্ধ ইকৰা দূৰীভুত হৈ ন গজালিক ঠাই দিয়াহে উচিত, কাৰণ তেনে হলে ইকৰা বংশৰ উন্নতি হয়। নিষ্কৰ্মা মানুহো ইকৰাৰ নিচিনা। সিহঁতেও যথা সময়ত আঁতৰ হৈ কামিলা মানুহলৈ ঠাই কৰা উচিত কিন্তু উদ্ভিদ ৰাজ্যত ইকৰাৰ জীৱন যেনে, আম কঠালৰ জীৱন তেনে নহয়।। আম কঠালৰ পক্ষে দীৰ্ঘ জীৱন বাঞ্ছনীয়, কাৰণ সিহঁত দীৰ্ঘায়ুস হলে সংসাৰত সৰহ কাম কৰিব পাৰে অৰ্থাৎ সৰহ ফল যোগাব পাৰে। ( চাপৰি ) সেই দৰে যদি মানুহো সংসাৰ- ক্ষেত্ৰত আম কঠাল হব পাৰে ( চাপৰি ) তেনেহলে তাৰ জীবন দীৰ্ঘ হোৱা বাঞ্চনীয়। মুঠ কথা, যাৰপৰা সংসাৰে কোনো বিনিময় নাপায় বা পোৱা শেষ হৈছে, তেনে মানুহৰ সংসাৰত থাকিবলৈ কোনো অধিকাৰ নাই। ( সজ সজ শব্দ ) কিন্তু, ডাঙ্গৰীয়া সকল! যাৰ থাকিবলৈ অধিকাৰ নাই, তাৰহে থাকিবলৈ হেপাহ ডাঙ্গৰ। ( চাপৰি ) যি কেবল সংসাৰৰ বোজা মাত্ৰ, [ ৪৮ ] যি নিজৰ বা আনৰ উপকাৰৰ অৰ্থে এটি কামো কৰা নাই, বা কৰিব নোৱাৰে, তাৰহে সংসাৰত থাকিবলৈ হেপাহ ডাঙৰ। সি দীৰ্ঘায়ুস লভিবলৈ তেত্ৰিশ কোটি দেৱতা গোটাই পূজা কৰে ( চাপৰি ) গুৰু, পুৰুহিত, ভকত, মহন্ত, সকলোৰে আশীৰ্বাদ লয়। সি এবাৰ ভাবি নাচায় যে তাৰ জীৱন মৰণ সংসাৰৰ পক্ষে একে কথা। আৰু নিজৰ পক্ষেও জীৱনটো তাৰ এটা আহুকাল মাথোন। সি দিন কটাবলৈ উপাই নাপাই লোকৰ পদূলি শুঙ্গি ফুৰে আৰু টোটক লগাই ফুৰে ( চাপৰি ) দিন নাযায়, ৰাতি নুপুৱায় বুলি সদাই ওজৰ কৰে। অথচ সিয়েহে আকৌ দীঘল জীৱনৰ লালসী। দিন নাযায় বুলি দেও পাৰি ফুৰা মানুহে জীৱনটো ঢুকাই বুলি ভাবি পাৰ নাপায়। ই বৰ আচৰিত কথা। কিমাশ্চৰ্য্যমতঃপৰং। ( চাপৰি আৰু আনন্দৰ কোৰ্হাল )

 বক্তৃতা শেষ কৰি বিদ্যানিধি ডাঙ্গৰীয়াই আসন গ্ৰহণ কৰিলত সভাপতি ডাঙ্গৰীয়া থিয় হল, আৰু মানুহৰ হায় মাৰি- বলৈ অলপ পৰ ৰৈ আছিল। যেতিয়া সভা আকৌ নিজম পৰিল, সভাপতি ডাঙ্গৰীয়াই সোঁহাত মূৰৰ ওপৰলৈ তুলি সভাৰ ই মূৰৰ পৰা সি মূৰলৈ শুনাকৈ পঞ্চমত মাত লগালে --সভ্য ডাঙ্গৰীয়া সকল! কেন্দ্ৰসভা স্থাপিত হবৰ পৰা ইয়াত সৰু বৰ অনেক বক্তৃতা হৈছে, কিন্তু বিদ্যানিধি ডাঙ্গৰীয়ািৰ বক্তৃতাৰ নিচিনা সাৰুৱা বক্তৃতা এটিও হোৱা নাছিল। ( চাপৰি ) বিদ্যানিধিৰ বক্তৃতাৰ প্ৰত্যেক ফাঁকি, প্ৰত্যেক শব্দ, প্ৰত্যেক আখৰ তত্ত্ব জ্ঞানেৰে পৰিপূৰ্ণ। এই বক্তৃতাৰ পৰা সভাৰ অনেক [ ৪৯ ] সভাৰ জ্ঞান নেত্ৰ মেল খাব। প্ৰকৃত পক্ষে যি লোকে নিজৰ বা নিজ পৰিয়ালৰ উন্নতিৰ নিমিত্তে চেষ্টা নকৰে, বা সমাজৰ হিতৰ বা সমাজৰ উন্নতিৰ নিমিত্তে কৰ্ম্ম নকৰে, তাৰ জীৱন ইকৰা জীৱনৰ নিচিনা অসাৰ, সেই জীৱনত সংসাৰৰ সকাম নাই। এতেকে সেই জীৱন থকা নথকা সমান। যি দীৰ্ঘ ভাৱনৰ লালসী সি আগে সংসাৰ ক্ষেত্ৰৰ আম কঠাল হবলৈ চেষ্টা কৰা যুগুত। নিষ্কৰ্মা মানুহে যথাৰ্থ পক্ষে সময় কটাবৰ উপাই নাপায়, দিন নাযায়, ৰাতি নুপুৱাই বুলি সিহতে সদায় ওজৰ কৰে। এনেকুৱা মানুহে যে দীৰ্ঘায়ুস হবলৈ বাঞ্চা কৰে, ই বাস্তৱতে বৰ আচৰিত কথা। এতিয়া আৰু গধূলি হ'ল, আমি পূজ্যপাদ বিদ্যানিধি ডাঙ্গৰীয়াক তেখেতৰ জ্ঞানগৰ্ভ অমূল্য বক্ততাৰ বাবে শত সহস্ৰ ধন্যবাদ দি আজিলৈ সভা সম্বৰণ কৰিলোঁ। ( চাপৰি )

 সভা ভাগিলত সভাৰ বহুত ডাঙ্গৰীয়াই বিদ্যানিধি ডাঙ্গৰীয়াৰ পদ ছুই প্ৰণাম কৰিলে আৰু মাজে মাজে এই দৰে কেন্দ্ৰসভাত দুই এটা বক্তৃতা দিবলৈ খাটনি লগালে। বিদ্যানিধি ডাঙ্গৰীয়াই হাঁহি মুখেৰে সকলোকে সমাদৰ কৰি সভাপতি ডাঙ্গৰীয়াৰ লগত ওলাই গল। আমি সকলোৰে পাচত সভাঘৰৰ পৰা ওলালোঁ, ওলায়েই সভাঘৰৰ ওচৰত থকা কঁঠাল জোপা দেখি বিদ্যানিধিৰ কথা আষাৰ আকৌ মনত পৰিল, আৰু মনত ধিক্কাৰ লাগিল। আমি এই কঁঠাল গছ ডালতকৈও নীচ। হাঁয়! হাঁয়! কেতিয়ানো আমি সংসাৰ ক্ষেত্ৰৰ আম কঁঠাল হম!

——
[ ৫১ ]
 
দ্বিতীয় ভাগ ।
 
[ ৫৩ ]

মৰিলেও প্ৰাণী জীৱন্মুক্ত হব। কিহ এই বুঢ়ীৰ মন্ত্ৰণাত পৰি ব্যাসদেৱে তেওঁৰ হাবিয়াসৰ বাৰাণসী নিজে গঢ়ি নিজে সংহৰিলে। যি বাৰাণসীত প্ৰাণ এৰিলে মনুষ্যৰ পুনৰ্জন্ম নহলহেঁতেন, সেই বাৰাণসী এতিয়া অৰণ্যময়। তাত মনুষ্য বাস নকৰে। তাত মৰিলে গাধৰ পেটত জন্ম পাব লাগে বুলি প্ৰবাদ আছে। বুঢ়ীৰ চক্ৰত পৰি ব্যাসদেৱে নিজে গঢ়া বাৰাণসীক সেই মৰ্ম্মে শাপ দিছিল। পুৰাণত কয় যে স্বামীৰ গৌৰৱ ৰক্ষা কৰিবলৈ স্বয়ং ভগৱতীয়েই বুঢ়ীৰূপ ধৰিছিল, হব পাৰে! কিন্তু ইয়াত আমাৰ কথা এই যে সৰ্বশক্তিমতী ভগৱতীয়েও বুঢ়ী হৈহে কথাত জিকিব পাৰিছিল। এতেকে ইয়াকো বুঢ়ীৰ খ্যাতি বুলি হে ধৰিব লাগে।

 কলিযুগত অৱশ্যে তেনেকুৱা উজ্বল খ্যাতিৰ বুঢ়ী ওলোৱা নাই, কিন্তু সেই বুলি আজিকালিও বুঢ়ীক একেবাৰে উলাই ইতিকিং কৰি উৰাব নোৱাৰি। বুঢ়ী নহলে কবি মণ্ডলিৰ হাহাকাৰ, আৰু নাট উপন্যাস নিৰস হয়। নায়িকাৰ বাতৰি নায়কক কবলৈ কোঁৱৰৰ সন্দেশ কুঁৱৰীক দিবলৈ বুঢ়ীৰ নিচিনা ৰঞ্জিত লোক নাই। সেই দেখি নাট নাটিকাত মালিনী বুঢ়ী গোৱালনী বুঢ়ী অলেখ পোৱা যায়। পুথি এৰি সমাজত ধৰিলেও বুঢ়ীৰ প্ৰয়োজন বহুত আছে। বুঢ়ী নহলে গাঁও নচলে। কুটনী বুঢ়ীৰ অবিহনে ধৈয়াল ডেকা নিগমে মৰে। নাম পাতিলে নাম লগাতী বুঢ়ী, আৰু বিয়া পাতিলে কুলাবুঢ়ী সদায় গাৱঁত

প্ৰয়োজন হয়। [ ৫৪ ]
সুখৰ আৰ্হি।

 পুহমাহৰ ভৰ জাৰ। ইফালে ৰাতি প্ৰায় এঘাৰটা, তেও জাহাজৰ দেখাদেখি নাই। নিয়ম মতে হলে দহ বজাতেই জাহাজ আহি ঘাট পাব লাগে কিন্তু আমাৰ দুৰ্কপালৰ গুণত এঘাৰ বজাতো জাহাজ আহি নাপালে। জাহাজ আহিব বুলি পুহমহীয়া জাৰত, ব্ৰহ্মপুত্ৰৰ বালিত বহি পৰ দিছোঁ। নৈৰ ফেৰফেৰীয়া বতাহে ইফালে হাড়লৈকে ভেদিছে; জাৰত লৰা মানুহৰ নিচিনা ওঠৰ কাঁপনি উঠিছে। যদিও মূৰৰ তালুৰ পৰা ভৰিৰ তলুৱালৈকে বিলাতী কাচনে কাচিছিলোঁ, তেও ব্ৰহ্মপুত্ৰৰ মাজনিশাৰ বতাহৰ আগত সি আমাক একো সহায় কৰিব নোৱাৰিলে। মুকলিত আৰু বহুত পৰ থাকিব নোৱাৰি দূৰৈত থকা এটা ঘৰলৈ গলোঁ। ঘৰটো নকৈ সাজিজে মাথোন। চাল চাইছে, আৰু বেৰ চাৰি। খন দিছে, কিন্তু বেৰ লিপা হোৱা নাই। মোৰ লগত লগৰীয়া আৰু দুজন আছিল আমি এটাইবিলাকে ব্ৰহ্মপুত্ৰৰ হাড়ভেদী বতাহৰ পৰা সেই ঘৰটোত আশ্ৰয় ললোঁ। মুকলিত থকাতকৈ ঘৰৰ ভিতৰত অলপ সুযোগ হৈছিল যদিও, আমাৰ ওঠৰ কঁপনি, আৰু বুকুৰ কঁপনি গোটেই গুচা নাছিল। সি যেইবা নহওক, ঘৰটোৰ ভিতৰত আৰু এঘন্টা অপেক্ষা কৰিলোঁ; তেও জহাজ আহি নাপালে গতিকে, নিশা সেই জাহাজ পাবৰ আশাত জলাঞ্জলি দি নিশাটো কত থাকি কটোৱা যাব তাৰ মীমাংসা কৰিবলৈ ধৰিলোঁ। যি ঠাইত আমাৰ এই বিপদ, সেই ঠাইত [ ৫৫ ] আমাৰ চিনাকি লোক এজনো নাই। যেই সেই মানুহৰ ঘৰলৈ গলে, বিশেষতঃ ইমান বেচি নিশাত, থাকিবলৈ নিদিব পাৰে। এই নানা কাৰণে জাহাজ ঘাটৰ জাহাজ বাবুৰ ঘৰতে এবাৰ টুকুৰিয়াই চাবলৈ প্ৰস্তাৱ কৰা হল। মোৰ বন্ধু দুজন এই প্ৰস্তাবত মান্তি হোৱাত আমি কেউজন ঘৰটিৰ পৰা ওলাই জাহাজ বাবুৰ অফিচলৈ ৰাওণা হলোঁ। তাত দেখোঁ যে চাকি জ্বলি আছে। বাবুজনে কিবা লিখিবলৈ লাগিছে। আমি গৈ প্ৰথমে জাহাজৰ বাতৰি সুধিলোঁ। বাবুৱে কলে যে জাহাজ দহবজাতে সেই খিনি পাবৰ কথা, কিন্তু ইমান নিশালৈকে যেতিয়া আহি নাপালে, আৰু আহিবৰ বৰ ভৰষা নাই, বিশেষতঃ নৈত এতিয়া লাহে লাহে কুঁৱলি উঠিবলৈ লাগিছে। বাবুজনক কথাবাৰ্ত্তাত বৰ ভাল পালোঁ। নিশাটো আমি তেওঁৰ অফিচত পৰি থাকিব পাৰিমনে নোৱাৰিম বুলি তেওঁক সুধিলোঁ। তেওঁ দেখোঁ খপ কৰে সম্মত হল আৰু আমি শুবলৈ এটা ঘৰ দেখুৱাই দিলে। ঘৰটোত সোমাই চালোঁ, তাত এখন খাট আছে, খাটত এখন দলিচা পৰা আছে। এনে ব্যবস্থা দেখি আমাৰ মনত বৰ ৰং লাগিল।। আমি তিনিও জনে সেই খাটতে বাগৰ দিলোঁ। মোৰ লগৰীয়া দুজন বয়সত মোতকৈ সৰু, মই বুঢ়া মানুহ। খাটত বাগৰ দিয়া মাত্ৰেই তেওঁলোক দুজনে নিতত হল। মোৰ হলে টোপনি অহা নাই, জানোচা ৰাতি কেতিয়াবা জাহাজ ওলায় হি আৰু আমাক এৰি যায়। এই বোৰ ভাবি চিন্তি পৰি আছোঁ।

 আমি শোৱা কোঠালিৰ দক্ষিণে ঘৰটোৰ আৰু এটা কোঠাঠি আছে। তাত জুই ধৰি কোনোবা এজনে পুঁৱাই আছে, আৰ [ ৫৬ ] নিজে নিজে কিবা কিবি বকি আছে এনেতে আৰু এজন মানুহ আহি সোমাল। সিহঁত দুইৰো ভিতৰত যি কথাবাৰ্তা হল তাৰ পৰা বুজিলোঁ যে আগৰ জন মানুহ সেই জাহাজ অফিচৰেই চাকৰ আৰু দ্বিতীয় জন দেওৱানী আদালতৰ টেকেলা। টেকেলা জনে কৰবাত মাল ক্ৰোকী পৰোৱানা জাৰি কৰি সেই নিশা জাৰত কঁপি কঁপি ওলাইছেহি। টেকেলা আহি পোৱাৰ কিছুমান পৰৰ পাচত দুয়োজনে বহি জলপান খাবৰ দিহা কৰিলে। সেই নিশা, জুইৰ ওচৰত বহি জলপানৰ বাটি আগত লৈ সিহঁত দুই জনে যিবিলাক মন্তব্য প্ৰকাশ কৰিলে, তাৰ সংক্ষিপ্ত বিবৰণ অলপ কোৱা যাব।
 জাহাজৰ চাকৰ—তুমি এই ৰাতি ইমান হাবিৰ মাজেদি। কেনেকৈ আহিলা?
 দেওৱানী টেকেলা—এই ৰাতি! এই ৰাতি নাহিলে হয় নে? কালিলৈ মোকৰ্দ্দমাৰ দিন, পৰোৱানা জাৰিৰ ৰিপোৰ্ট নিদিলে নচলে। সেই দেখি মৰণত শৰণ দি কথমপি এই খিনি ললোহি।
 জা চা—মই ভাবিছিলোঁ মোৰ হে সুখ নাই, দুপৰ নিশালৈ জাহাজ আহিব জাহাজ আহিব বুলি ৰৈ থাকিব লাগে। কোনবা দিনা জাহাজ আহে, কোনবা দিনা বা নাহেই, তেও মই ৰাতি তিনি বজালৈ জপৰ জপৰ মাৰি থাকিব লাগে। এতিয়া দেখো টেকেলা বিলাকৰো সেই দুখ।

 এই দৰে সিহঁতে কথা পাতি ক্ৰমে গৈ সুখীয়া কোন, দুখীয়া কোন, ভোগ কি, কোনে ভোগ কৰিবলৈ পায়, এই বোৰ বিষয়ৰ

আলোচনাত পৰিল, মই মনে মনে সিহঁতৰ কথা শুনি আছিলোঁ, [ ৫৭ ]
খ্যাতিমতী বুঢ়ী।

 বুঢ়ীৰ খ্যাতি যুগে যুগে, কলিযুগত, সত্য যুগত. ত্ৰেতাত বা দ্বাপৰ যুগত সকলো কালত খ্যাতিমতী বুঢ়ী আছে। এক বুঢ়ীৰ খ্যাতি ৰামায়ণত গায়।। তেওঁৰ প্ৰতাপ ভাৰতৰ সকলোৱে জানে। তেওঁৰ তিনি কুৰি সাত মেৰীয়া মন্ত্ৰণাত ৰাজপুত্ৰ ৰামচন্দ্ৰই ৰাজ্যভাৰ লবলৈ এৰি চকুৰ লো টুকি অৰণ্যলৈ ওলাই গৈছিল; বুঢ়া দশৰথ ৰজাই প্ৰাণ এৰিছিল, বুঢ়ী কৌশল্যাৰ বুকু ফাটিছিল। হাঁয়! হাঁয়! এই বুঢ়ীয়ে এদিন অযোধ্যা পুৰিত কি দুৰ্ঘোৰ বিপদ নিমিলাইছিল। মৰমৰ কোঁৱৰ পাটত বহিব, অযোধ্যাবাসীৰ উলহ মালহ, হাতী, ঘোৰা, সৈন্য সামন্ত আৰু পুৰবাসী নৰনাৰী সকলো সাজি পাৰি তদকাৰ, নগৰত হুলস্থূল, ঘৰ নিৰন্তৰে উৎসৱ। এনে সময়ত বুঢ়ীৰ বজ্ৰবাণীয়ে ইন্দ্ৰৰ বজ্ৰ তুল্য হৈ উৎসাহত উল্লাসিত অযোধ্যাপুৰিক একে তিলে জঁই পেলালে। হাঁহিময় অযোধ্যা আন্ধাৰ হল। উলহ-মালহ হাহাকাৰত পৰিল। জনকবালা জানকীয়ে ৰাজপাটৰ সুখ সম্ভোগ পৰিহৰি, ৰাজৰাণীৰ বেশ থৈ, যোগিনীৰ ভেশ ধৰি, বাকলি-বসন ৰামচন্দ্ৰৰ অনুগামিনী হল। ই কেৱল এই টামটিঙ্গালী বুঢ়ীৰ কুমন্ত্ৰণাৰ ফল।

 দ্বাপৰ যগতে এজনী বুঢ়ী ওলাইছিল। এওঁৰ বাস মথুৰাত। এওঁৰ খ্যাতি অযোধ্যাৰ জনাতকৈ একাঠি চৰা। এওঁ ৰসজ্ঞ, [ ৫৮ ] ৰূপজ্ঞ আৰু চতুৰালিৰ আৰ্হি, টেঙ্গৰালিৰ তিলক। টেটনটামন শ্ৰীকৃষ্ণকো ধমনা কুঁজ দেখুৱাই মুহিছিল। এওঁৰ মোহিনিত পৰি, ব্ৰজপুৰ পৰিহৰি, শ্ৰীমতীৰ সঙ্গ এৰি, বৃন্দাবনৰ শ্ৰীহৰি মথুৰাত বন্দি হৈছিল। এই বুঢ়ীৰ মন্ত্ৰণাত নন্দ যশোদাৰ। বিনন্দ বিলাস গৃহস্থালি চুৰ্চু মৈ হৈছিল, ৰাধাৰ প্ৰাণ শূন্য হৈছিল, গোপ গোপিনীয়ে বিৰহ ভুঞ্জিছিল, আনন্দময় বৃন্দাবন বিষাদময় হৈছিল। এওঁৰ আঠুৱা তলীয়া ভুলনিৰ গুণত শ্ৰীকৃষ্ণই মৰমৰ যশোমতী আৰু প্ৰণয়ৰ শ্ৰীমতী দুয়োকো পাহৰিছিল। এওঁ জাতত চন্দন যোগাঁতী, ৰূপত কুঁজীধামনী। এই গুণেৰেই ৰূপহী ৰাধিকাৰ প্ৰণয় পুতলা, ব্ৰজৰ দুলাল, শ্ৰীকৃষ্ণক বশ কৰিছিল। এওঁ বোলে ত্ৰেতা যুগত লঙ্কাৰ ৰজা ৰাৱণৰ ভনীয়েক আছিল, তেতিয়া নাম আছিল শূৰ্পনখা। তেতিয়াও এওঁৰ খিতাপ কম নাছিল। দণ্ডুকা প্ৰবাসী ৰাম লক্ষণক পতি কৰিবলৈ যতন কৰোঁতে এওঁৰ নাক কাণ কটা গৈছিল। কিন্তু ভক্তবৎসল ৰামচন্দ্ৰই এওঁৰ ভক্তিত সন্তুষ্ট হৈ জন্মান্তৰত প্ৰেম দিবলৈ মান্তি হৈছিল। সেই দেখি দ্বাপৰত আহি এওঁ কৃষ্ণবল্লভা হ'ল। সি যেইবা নহওক, এওঁ যে বুঢ়াকালত কুঁজক আহুদি কৰি কৃষ্ণক মুহিছিল, এই অদ্ভুত খ্যাতি যুগযুগান্তৰলৈ পৰি থাকিব।

 আৰু এক বুঢ়ী আছিল কাশীত। এওঁৰ অৱতাৰ সত্য যুগত। এওঁ ফাং পাতি তপস্বী প্ৰধান ব্যাসদেৱৰ বহুদিনৰ তপস্যাৰ ফল নাশ কৰিছিল। পপীয়াৰ মুক্তিৰ দুৱাৰ মোক্ষভূমি বাৰাণসী মহাদেৱে থাপনা কৰাৰ পাচত উগ্ৰ তপস্বী ব্যাসদেৱেও তেনেকুৱা এখন বাৰাণসী পাতিছিল, আৰু সঙ্কল্প কৰিছিল যে তাত [ ৫৯ ] আৰু সিহঁতৰ কথাৰ পৰা আজি আমাৰ সাধাৰণ তৰপৰ সুখ দুখৰ ভাব আৰু ভোগৰ ভাব কেনেকুৱা তাক বুজিব পাৰিম বুলি বেচি মনযোগেৰে শুনিবলৈ ধৰিলোঁ।

 দে, টে—সুখীয়ানো কোন আছে? মই হাকিম বিলাককে সুখীয়া বুলি ভাবিছিলোঁ, পাচে ভাবি চাওঁ তেওঁলোকো সুখীয়া নহয়, পুৱাৰপৰা গধূলিলৈ মূৰপুতি লেখি তত নাপায়। তদুপৰি ওপৰৰ পৰা, সামান্য বিষয়াৰ দৰে ডাবি হুকি, গালি গৰিহণা মাজে মাজে খাব লাগে।

 জা, চা— মই দেখাত আমাৰ গোঁসাই আৰু মহন্ত বিলাকেই সুখীয়া, তেওঁ লোকৰ কৰিবলৈ একো নাই। কেৱল শিচ্‌ ফুৰি পইচা আনে, আৰু মজা কৰি খাই বহি থাকে।

 দে, টে—এ! তেওঁলোকনো দুখ। শিচ ফুৰাটো জানো কম কথা, ই গাওঁৰ পৰা সি গাওঁলৈ, সি গাঁওৰ পৰা ই গাওঁলৈ টকৌ টকৌ কৰে ফুৰি থকাতো নিচেই সহজ নহয়। তাতে আকৌ কেতিয়াবা দুপইচা পায়, কেতিয়াৰা বা নাপায়েই। কত গোসাঁইৰ কত মহন্তৰ ঘৰত খোৱাৰ কষ্ট দেখা পাইছোঁ।

 জা, চা— এৰাভাবি চালে সংসাৰত কেওঁ সুখীয়া নাই, কেৱল এক মহাৰাণী ( তেতিয়া ভাৰতেশ্বৰী ভিক্‌টৰিয়া বৰ্ত্তমান আছিল ) মাথোন সুখীয়া।

 দে, টে—ওঁ, তাকে কোৱা যদি শুনো। সংসাৰত কেৱল মহাৰাণী মাত্ৰ সুখীয়া। তেওঁ জোতা মোজা পিন্ধি দিব্য আসনত বছি থাকে, কৰোঁতাই কৰে ধৰোঁতাই ধৰে, তেওঁ হাত লৰাবই নালাগে। [ ৬০ ] জা, চা—মহাৰাণীয়ে চাগৈ আন বস্তু নাখায়েই, সদায় আঠা গাখীৰ, মালভোগ কল, চেনি দুয়ো বেলা খায়। ইয়াৰ এই কথা শুনি মোৰ মনে মনে হাঁহি উঠিল। দে টে—তুমি একোকে নাজানা হে। মহাৰাণী যে মেম, তেওঁ গাখীৰ কল নাখায়। এই বুলি টেকেলাই হাঁহিবলৈ ধৰিলে আৰু কলে, মহাৰাণীয়ে জানো কল খায়, মহাৰাণীয়ে জানো গাখীৰ খায়? তেওঁ দেৱতাৰ নিচিনা, ভোগো দেৱতাৰ নিচিনা কৰে। খাবৰ সময়ত সোণৰ বাটিত সন্দেশ, ৰূপৰ বাটিত বতচা আনি আগত থয়। তাৰে মন গলে কেতিয়াবা এটা খায়। জ, চা—নোখোৱাবোৰ একা? নোখোৱাবোৰ চাগৈ পাৰিষদ সকলে খায়। দে, টে--খায় তে৷৷ তুলসীৰ লগত কল পটুৱাৰো মুক্তি হয়। দেৱতাৰ লগত থাকিলে দেৱভোগৰ ভাগ পোৱাটো একো আচৰিত কথা নহয়।

 এই দৰে মেল পাতি পাত সিহঁতে জলপান খালে, তামোল ধপাত খালে, খাই লৈ টেকেলা জন শুলে। জাহাজৰ চাকৰেও শুবৰ কাৰবাৰ কৰিবলৈ ধৰিলে। সিহঁতৰ কথা শুনি প্ৰথমে যদিও মোৰ হাঁহি উঠিছিল, সিহঁত নিস্তব্ধ হলত, মনত বৰ বেজাৰ লাগিল, আৰু বোধ হল অসমীয়াক যে এলেহুৱা বোলে বুলিব পায়। সিহঁতৰ বিবেচনাত একো নকৰি হাত সাবটি বহি থাকিবলৈ পালেই সুখ, আৰু কাম কৰিব লগা হলে দুখ।

 দ্বিতীয়তঃ সিহঁতৰ ভোগৰ ভাব চাওক। সন্দেশ আৰু বতচাৰ তুল্য উপাদেয় সামগ্ৰী সিহঁতৰ বিবেচনাত পৃথিবীত নাই। ইয়াৰ পৰা বুজি লওক আমাৰ সামান্য তৰপৰ মানুহ বিলাক কিমান তলত আছে আৰু কিমান অজ্ঞ। এই বিলাক দুখৰ [ ৬১ ] ভাৱনা ভাবি থাকোতেই জাহাজৰ মাত শুনিলোঁ, গুনি লৰা- লৰিকৈ উঠি জাহাজলৈ গলো। কিন্তু কথাটো আজিলৈকে মোৰ মনত আছে।

⸺⸺
[ ৬২ ]
জীৱনৰ ছয়ঋতু।

 বছৰত ছটা ঋতু। বহাগৰ পৰা চতলৈকে বছৰৰ বাৰ মাহক সমানে ছয় ভাগ কৰি, এক এক ভাগক একোটা ঋতু বোলে। বহাগ জেঠ গ্ৰীষ্ম, আহাৰ শাওন বৰ্ষা, ভাদ আহিন শৰৎ ইত্যাদি ক্ৰমে দুই দুই মাহে এক এক ঋতু। ক্ৰম অনুসাৰে গ্ৰীষ্ম ঋতু সকলোৰে প্ৰথম, তাৰ পাচত বৰ্ষা, তাৰ পাচত শৰৎ, তাৰ পাচত হেমন্ত, তাৰ পাচত শীত, আৰু সকলোৰে শেষত বসন্ত ঋতু পৰে। ঋতু বোৰৰ নাম যেনে ভিন ভিন, লক্ষণো তেনে ভিন ভিন। গ্ৰীষ্ম ঋতুত জহ আৰু বৰ্ষাত বৰষুণ হয়।। শৰৎ ঋতুত নদীৰ পানী গছৰ পাত শুকাই যায়! হেমন্তত হিম পৰে আৰু গছ, লতা, হাবি, বন সকলো বাঢ়িবলৈ এৰি মুজুৰা পৰি থাকে। শীতত সকলো চেঁচা পৰি ঠেৰেঙ্গা হয়। বসন্তত সকলো বস্তুৱেই ঠন ধৰে। গছে ন পাত মেলে আৰু ফুলে; এই ঋতুত প্ৰকৃতি ফল ফুলেৰে জাতিষ্কাৰ হৈ পৰে। কালৰ যেনে ঋতু আছে, শৰীৰৰো তেনে ঋতু আছে। কিন্তু শাৰীৰিক ঋতুৰ ক্ৰম বেলেগ। শৰীৰত সৰ্বপ্ৰথমে বৰ্ষা ঋতুৰ আগমন হয়। বৰ্ষাত যেনে বৰষুণৰ পানীয়ে সকলো ঠাই বোকা কৰি ঘিনলগা আৰু লেতেৰা কৰে, সেই দৰে কেচুৱা কালত মানুহেও দিনটোৰ ভিতৰত এক কম একুৰিবাৰ ক্ষুদ্ৰ শৌচ বৰ শৌচ কৰি লেতেৰা হৈ থাকে। বৰ্ষাত মেঘৰ ঢেৰেকনি আছে, সেই দৰে কেচুৱাৰো চেৰেঙ্গা কাণ তাল লগা কান্দোন আছে। বৰ্ষাত নেৰা নেপেৰা কেন[ ৬৩ ] কেনায়া বৰষুণ হয়, কেচুৱায়ো শাওন মাহৰ বৰষুণৰ নিচিনা সৰু . সূতা কটা যেন কুন-কুন, মুন-মুন কৰি কান্দি থাকে। পৃথিবীত বৰ্ষাৰ অধিকাৰ দুমাহ মাথোন কিন্তু শৰীৰত অনেক দিন। বৰ্ষা উকলি গলে শৰীৰত গ্ৰীষ্ম পৰে, অৰ্থাৎ ল'ৰাই ফুকলীয়া অৱস্থা এৰাই চেমনীয়া হলে তাৰ তেতিয়া গ্ৰীষ্ম কাল হয়। গ্ৰীষ্ম কালৰ জহত মানুহে যেনে চট্‌ফটাই থাকে, চেমনীয়া লৰাও তেনে চটফটীয়া হয়। সি এক্ষন্তক শাঁত হৈ থাকিব নোৱাৰে, পোক লগা গৰুৰ নিচিনা ধৰফৰাই ফুৰে। চিঞৰি, চেকুৰি জপিয়াই নিজে নিজে সি হাৰা শাস্তি হয়। গ্ৰীষ্ম ঋতুৰ ৰ'দ চোকা হয় আৰু ছাতি বা জাপি নোলোৱাকৈ কলৈকো যাব নোৱাৰি। চেমনীয়া ল'ৰাকো লগৰীয়াৰূপী জাপি লগত নিদি- য়াকৈ কলৈকো এৰি দিব নোৱাৰি। যৌবন জীৱনৰ বসন্তকাল, এই কালত পৃথিবী যেনে ফুলে পাতে জাতিষ্কাৰ হয়, মানুহৰ শৰীৰো সেই দৰে জাতিষ্কাৰ হয়। বসন্তত কাঁইটীয়া বননিও শুৱনী হয়, তিনিশ বাৰ কুৰি খোৰোং থকা, ওঠৰ কুৰি টেমুনা ওলোৱা, ধোন্দোলা গছো ধুনীয়া হয়। সেইদৰে গাভৰু কালত কুঁজা, কুঁজী, ফেঁচা, ফেঁচী, অন্ধলা, আন্ধলী, ধেন্দেলা ধেন্দেলী, শেঙুনটেপা, শেঙুনটেপী, পেটুৱা, পেটুলী, খৰে-খোৱা, ফাঁপৰে ধৰা ইত্যাদি নৰনাৰী সকলোৱে নপ ধৰি চিলচিলীয়া হয়। তেজৰ বেগ তীব্ৰ হয় আৰু নতুন বৰণ ধৰে। বসন্ত ঋতুত পৃথিবীৰ জীৱজন্তু সকলো আনন্দত উতলি উঠে। যৌবনতো সেই দৰে মানুহ আনন্দত বিভোল হয়। বসন্ত উকলি গলে জীৱনত হেমন্তকাল পৰে। হেমন্ত ঋতুত পৃথিবীৰ তৰু, লতা, [ ৬৪ ] বন, পৰ্বত সকলো হিমৰ তাপত নিশ্চল হয় আৰু বাঢ়ল এৰে। জীৱনৰ হেমন্তও ঠিক তেনেকুৱা। এই কালত মানুহৰ তেজ শক্তিৰ বঢ়া টুটা নাই, সকলো থিৰ মাৰে। শৰীৰৰ হেমন্ত বৰ দীঘল। হেমন্ত কালেই মানুহৰ কাৰ্য্যৰ কাল, হেমন্তকালেই জীৱনৰ প্ৰধান কাল। বসন্তৰ উদ্ধতালিৰ পাচত হেমন্তৰ গহিনালি উপস্থিত হয়।। এই কালত মানুহ উতনুৱা গুচি গম্ভীৰ হয়, খৰ গুচি ধীৰ হয় আৰু উগ্ৰ গুচি মৃদু হয়। পৃথিবীত যেনেকৈ হেমন্ত কালত ছেগাচোৰোকা ৰ'দ আৰু বৰষুণ হৈ বতৰ ঘনেপতি পৰিবৰ্ত্তন নহয়, শৰীৰৰো সেই দৰে হেমন্ত কালত কোনোৰূপ পৰিবৰ্ত্তন নহয়।। আজি টপটপীয়া কালি লেৰেলা, এনেকুৱা পৰিবৰ্ত্তন জীৱনৰ গ্ৰীষ্ম বৰ্ষাতহে দেখা যায়।। হেমন্তৰ অন্তত জীৱনৰ শৰৎ ঋতু পৰে। পৃথিবীত শৰৎ শুকনিৰ কাল। শৰীৰ শৰতো শুকনিৰ কাল। তেতিয়া শৰীৰৰ সকলোৱে শুকনি ধৰে। লোদোৰা হাত ভৰি শুকাই গৈ ঠাৰি যেন হয়, গাৰ মঙ্গহ শুকাই সোতোৰা পৰে, চিকচিকীয়া দাঁত সৰি সোলা হয়, চুলি পকি বগা হয়, আৰু নিপোটল গাল শুকাই গৈ মুখৰ দুই কাষত দুটি পুখুৰি ওলায়। চকু কোটৰত সোমায় আৰু ললিত মাতৰ মূৰ ভাগি কঠুৱা হয়। পৃথিবীৰ শৰৎ ঋতুত নৈ, বিল পুখুৰি আদি শুকাই টটঙ্গা হয়, সেইদৰে শৰীৰৰো ৰস তেজ শুকাই যায়। শৰতৰ অন্তত শীত আৰম্ভ হয়। শৰীৰৰ এই ঋতুক মৃত্যু বোলে। মৃত্যুৰ শীতত তপত শৰীৰ ঠেৰেঙ্গা হয়, চলন্তা শৰীৰ অচল হয়। পৃথবীৰ শীতত মানুহে লৰচৰ কৰিব নোখোজে, কিন্তু শৰীৰৰ শীত ঋতু ইমান [ ৬৫ ] টান য়ে, তেতিয়া মানুহৰ লৰচৰ কৰিবৰ ক্ষমতা একেবাৰে লয় পায়। এই ঋতুত কোনোৱে ভেকুলিৰ নিচিনা মাটিৰ তলত ঠাই লয়, কোনোৱে বা অগ্নিকুণ্ডত প্ৰবেশ কৰে। কিন্তু শীতৰ প্ৰতিকাৰ কোনো ঠাইত নাপায়, যেনে শীত তেনেই থাকে। শৰীৰৰ শীত ঋতুৰ প্ৰতিকাৰ আজিলৈকে কোনেও আবিষ্কাৰ কৰিব পৰা নাই। অনন্তকাল মাটিৰ হেচাত থাকিও বা জুইত সমূলে দগ্ধ হৈও চেঁচা শৰীৰ তপত হব নোৱাৰে। পৃথিবীত শীত গৈ ঘুৰি আকৌ বসন্ত পৰে। কিন্তু শৰীৰৰ শীত গৈ আকৌ বৰ্ষা নপৰে। কোনো কোনো লোকে পৰে বুলি কয়, কিন্তু প্ৰমাণৰ অভাবত তাক আমি শপত খাই সঁচা বুলিব নোৱাৰো।

⸺⸺
[ ৬৬ ]
ভকতীয়া ব্যাকৰণ।

 তাহানি লৰাকালিতে বোপায়ে মোক পঢ়াশালিত পঢ়িবলৈ দিছিল। মই এবছৰৰ ভিতৰত প্ৰথম ভাগ শেষ কৰি দ্বিতীয় ভাগ লৈ ভাবিছিলোঁ যে, এইখন কিতাপ শেষ হলেই মোৰ পঢ়াশলীয়া জীৱন শেষ হব। কিন্তু দ্বিতীয় ভাগ শেষ হওঁ হওঁ হলত আৰ তাৰ মুখে শুনিবলৈ পালো, বোলে দ্বিতীয় ভাগৰ পাচত আকৌ তৃতীয় ভাগ এখন আছে। আৰু হেনো তেতিয়া তাৰ লগে লগে কিবা ব্যাকৰণো পঢ়িৰ লাগিব। বিয়াকৰ্ণৰ নাম মই ইয়াৰ আগেয়েও শুনিছিলোঁ। সেই কিতাপখন মানুহে বৰ টান বুলি কৈছিল। মোৰ পক্ষে দ্বিতীয় ভাগেই বৰ টান। ফলা পঢ়োঁতে ওজাদেৱে কেইডাল এছাৰি মোৰ পিঠিত চিঙিছে তাৰ লেখ-জোখ নাই, তেও এতিয়াও মাজে মাজে খোকোজা লাগেহে। ব্যাকৰ্ণৰ নাম শুনি ভয়ত মোৰ বুকু কঁপি আছিল; আৰু ভাবিছিলোঁ যে ব্যাকৰ্ণ শিকোঁতে পিঠিৰ ছাল এডুখৰিও থাকিবৰ নহয়। কিন্তু ঈশ্বৰৰ এনে মহিমা যে, মোৰো দ্বিতীয় ভাগ শেষ হল, আৰু ইফালে বোপায়েও জহনীত পৰি ৰাম বুলিলে। আয়ে বৰকৈ কান্দিছিল কিন্তু মই হলে বোপাই মৰাত ৰক্ষা পৰা যেন পাইছিলোঁ। সি যেইবা নহওক বোপাই ঢুকুৱাৰ পাচত মই পঢ়াশালি এৰি হালত ধৰিলোঁ। ক্ৰমে বিয়া বাৰু কৰাই গৃহস্থালি কৰি আছোঁ, ল'ৰা ছোৱালীও চাৰি পাঁচুটি হৈছে।

 কোৱঁৰগাওঁৰ শইকীয়াচুকত মোৰ মোমাইৰ ঘৰ। মই এবাৰ [ ৬৭ ] মোমাইৰ ঘৰলৈ গৈ তাত এমাহমান আছিলো। মোমাইৰ পদূ- লিৰ আগতে এটি পঢ়াশালি আছে। এদিন দেখিলো, পঢ়াশালি চাবলৈ এজন বাবু আহিছিল। তেওঁ পঢ়াশালিৰ ওজাজনক বৰকৈ ডবিয়ালে, কিয় ডবিয়ালে মই তাৰ একো বুজ নাপালোঁ। বাবুজন কিছুমান পৰৰ পাচত ঘোঁৰাত উঠি গুচি গল আৰু পঢ়া- শালিও ছুটি হল। মই এটা ল'ৰাক লগ ধৰি ওজাদেৱক কিয় ডবিয়ালে বুলি সুধিলোঁ। দি উত্তৰত কলে যে বাবুজন ইনিচ্‌ - পেক্টৰ তেওঁবিলাকক ব্যাকৰ্ণৰ কথা সুধিছিল, ল'ৰাবিলাকে একো কব নোৱাৰিলে। সেই দেখি লৰা বিলাকক ব্যাকৰ্ণ ভালকৈ শিকোৱা নাই বুলি ডবিয়াইছিল।। ব্যাকৰণৰ নাম শুনি মোৰ পুৰণি কথা মনত পৰিল, আৰু ল'ৰাটোক সুধিলোঁ “বপা, ব্যাকৰ্ণ বস্তুটো কি?” সি কলে বোলে ব্যাকৰণ এখন পুথিৰ নাম তাক পঢ়িলে ভাষাৰ তত্ত্ব পোৱা যায় কোনটো কথা কেনেকৈ কব লাগে তাক জানিব পাৰি। আৰু ইয়াত বাজেও বহুত কথা শিকিব পাৰি। সি আৰু কলে যে, পুথি খন হলে বৰ টান, সকলোৱে তাক বুজিব নোৱাৰে। পাচদিনা দেখিলোঁ, ওজা দেৱে হাতত এছাৰি লৈ পঢ়াশালিত পঢ়াবলৈ লাগিছে, আৰু মাজে মাজে একোটা ল'ৰাক ধৰি আনি সেই এছাৰিৰে পাৰেমানে মৰিয়াইছে, ল'ৰাই ডেডাউৰি পাৰি গোটেই খন পঢ়াশালিত খলকনি লাগাইছে। মোৰ ব্যাকৰ্ণ পঢ়িব লগীয়া নহল, নাইবা মোৰো কুমলীয়া পিঠিত এই দৰে এছাৰি জাৰিলে হেঁতেন। মোৰ মনত এই দৰে ভয় লাগিছিল যদিও, ব্যাকৰ্ণৰ তত্ত্ব লবলৈ মোৰ বৰ মন গৈছিল। [ ৬৮ ] এই ঘটনাৰ এবছৰ মানৰ পাচত এদিন মই ৰুকুনী গাৱলৈ মহ কিনিবলৈ গৈছিলোঁ। মোৰ হাল খন, তাৰে এটা মহ চবকা লাগি মৰিল। আৰু এটা মহ নহলে নচলে দেখি পুৱাই দুটামান খাই ওলাই গৈছিলোঁ, আৰু দিনৰে দিনটো মহ বিচাৰি ফুৰিছিলো, কিন্তু মহ হলে পোৱা নগল। ঘূৰি ঘৰলৈ আহিবৰ সময়ত বাটতে ৰাতি হ'ল। সেই দেখি তাতে এঘৰ মানুহৰ ঘৰত আলহী চাপিলোঁ। মই যোৱাৰ আগেয়ে আৰু এজন মানুহ মোৰ দৰে আলহী চাপিছিল। গিৰিহঁতে দুইকো এটা মুকলি ঘৰত বহা দিলে। খাবলৈ সিধাপাতিও দিব খুজিছিল। কিন্তু আমি আৰু তাত ভাত ৰান্ধি খাবলৈ মান্তি নহলোঁ, লগতে অলপ যি ই-সি আছিল, তাকে খাই শুই থাকিলোঁ। মাঘৰ মাহ, ৰাতি জাৰ, ফুৰি ফুৰি মোৰ বৰ ভাগৰ লাগিছিল, সেই দেখি পৰিলতে টোপনি আহিল। পাচত পুৱতী নিশা যে সাৰ পাওঁ, জাৰত গা একেবাৰে ঠেৰেঙ্গা লাগিছে। মই উঠি বহিলোঁ, আৰু সিজন মানুহক মাত লগালোঁ। তেৱোঁ জাৰত থাকিব নোৱাৰি কোচমোচ খাই আছে। মই মাতিলত তেওঁ একেচাবে উঠিল। গিৰিহঁতে পাৰি শুবলৈ আমাক বহুত ধানখেৰ দিছিল, তাৰে জুই ধৰি পুৱাবৰ মনেৰে জুই বিচাৰো যে সাঁজতে ধৰা জুইৰ ফিৰিঙ্গতি দুই চাইটা ছাইৰ মাজত আছিল, তাৰেই অহো পুৰুষাৰ্থ কৰি জুই ধৰিলোঁ। জুইৰ ওচৰত বছি তামোল-ছালি খাই কথা বতৰা হৈ দুয়োজন বহি আছোঁ। কথাৰ মাজত সিজন মানুহে হাঁহি মাৰি এটা ফকৰা গালে,— [ ৬৯ ]

লেহেতীয়াই বুজে কিবা যুবতীৰ কোল।
বৰলাই পায় কিবা ব্যাকৰ্ণৰ মোল।

 এই কথা শুনি মোৰ মনৰ পুৰণি খু-দুৱনি দুনাই উক দিলে। মই তেওঁক সুধিলো, “ককাই। তুমি যে ফকৰাটো মাতিলা , তাৰনো অৰ্থ কি? ব্যাকৰ্ণনো কিহক বোলে?” মোৰ প্ৰশ্নৰ উত্তৰত তেওঁ কলে যে, ব্যাকৰ্ণ কি তেওঁ আগেয়ে নাজানিছিল, পাচত এজন ভকতে হেনো এটা পদ গাই তাৰ অৰ্থ বুজাই দিছিল। এই বুলি পদটো মোক গাই শুনালে। যিবিলাক লোকে ব্যাকৰণ নাজানে, তেওঁলোকৰ নিমিত্তে পদটো ইয়াতে তুলি দিয়া হল।

"শুনা শুনা শুনা শিশু শুনা পুতি মন।
থিৰ মনে শুনা কাক বোলে ব্যাকৰণ॥
ব্যা শব্দৰ অৰ্থ বিয়া, কৰাই কৰণ।
বিয়া কৰালেই শিক্ষা হয় ব্যাকৰণ।।
পণ্ডিতে উচ্চাৰে ব্যা অপণ্ডিতে বিয়া।
আচলতে ভেদাভেদ একো নাইকিয়া॥
ব্যাকৰ্ণৰ আদিতে বৰ্ণ বগা নে কলীয়া।
ওৰণি গুচালে দেখি নিকা নে মলীয়া॥
স্বৰবৰ্ণ নাক মুখ চুলি আৰু কাণ।
ভৰি হাত ব্যঞ্জন বৰ্ণ মান অভিমান।।
বৰ্ণ আধ্যা পাৰ হলে সন্ধিত পৰিবা।
প্ৰথমে তেতিয়া দিশ ধুঁৱলি দেখিবা।।

[ ৭০ ]

স্বৰ সন্ধি বৰ টান স্বজন পালন।
গৃহস্থালি ৰক্ষা আৰু ধন উপাৰ্জ্জন॥
যদি সুকলমে স্বৰসন্ধি পাৰ হলা।
তেনে হলে,বাৰ পাঁচ ‘দাওঁ' মাৰি দিলা॥
তেহেলৈ ভাৱনা নাই ব্যঞ্জনৰ ফালে।
খাহি-পহু হাহ-পাৰ গিলা হালে হালে॥
সন্ধিৰ সিফালে আছে আধ্যা কাৰকৰ।
জীৱনৰ কেন্দ্ৰ আৰু তত্ত্ব সংসাৰৰ।
যদি ভক্তিযোগ কৰি শিকা সেই খিনি।
তেনেহলে সংসাৰত হবা ধনী মানী॥
নাইবা বিভক্তি লাগি মিলাব আপালি।
লাং লাং থাং থাং হব গৃহস্থালি।
তেতিয়া কৰিবা কৰ্ম্ম কৰ্ত্তা নাম ধৰি।
খাস্তাং কনিবা ঘৰ অপকৰ্ম্ম কৰি॥
হয় অধিকৰণেৰে হবা আঢ্যৱন্ত।
কিম্বা অপাদান কৰি হবা সৰ্ববস্বান্ত॥
কাৰকৰ ভিতৰত সম্বন্ধটো টান।
জোঁৱাই বিচাৰি লোকে হেৰুৱাই মান।।
বিয়ৈ বিয়নী দুয়ো হৈ কৰণীয়া।
সৰ্বস্ব নিদিলে জীক নকৰায় বিয়া।
শেষত অপাত্ৰ ধৰে সুপাত্ৰ নেপাই।
কৰে কন্যা সম্প্ৰদান কৰি হাঁয় হাঁয়॥

[ ৭১ ]

ইয়াতকৈও আৰু টান আছে ব্যাকৰ্ণত।
ধাতু নামে এটি আধ্যা ৰাখিবা মনত।
সকলোৰে ধাতু বুজি চলা বৰ টান।
গণে গণে জনে জনে ৰপ হয় সমান॥
অহিভত কেওঁ কৰে তদ্ধিত প্ৰত্যয়।
হিত কৃতে নিন্দা কৰে এনে বিপৰ্য্যয়॥
কিন্তু অন্ত হলে আয়ু মৰণ কালত।
তদ্ধিত অকৃত লোকে নেৰাখে মনত॥
পাহৰে অকৃত কৃত চুবুৰীয়া জনে।
সমাস মিলনে মিলি কান্দে শোক মনে॥

[ ৭২ ]
নতুন বছৰ।

 বছৰ নতুন, কিন্তু পৃথিবী পুৰণি। চন্দ্ৰ পুৰণি, সূৰ্য্য পুৰণি, গ্ৰহ নক্ষত্ৰ পুৰণি, নদনদী পুৰণি, সাগৰ পৰ্ব্বত আকাশ সকলো পুৰণি। যি পৃথিবীত আমাৰ ককা, আজো ককা, আৰু আজোক- কাৰ আজো ককাকে বাস কৰি প্ৰাণ এৰিছে, সেই পৃথিবীয়েই আজিও চলি আছে। যি চন্দ্ৰক দেখি আমাৰ আজোককাৰ বাল্য মন আনন্দত উতলা হৈছিল, যি চন্দ্ৰক ধৰিবলৈ আজো ককাৰ ককাকে তেওঁৰ চালুকীয়া ক্ষুদ্ৰ হাত মেলিছিল, যি চন্দ্ৰক আজোককাৰ বুঢ়ীমাকে বাই বুলি সম্বন্ধ ধৰিছিল সেই চন্দ্ৰই আজিও ঘূৰিব লাগিছে। যি সূৰ্য্যই ককাৰ ককাকৰ শ্মশান শুকাইছিল, যি সূৰ্য্যই তেওঁৰ আজোবুঢ়ীমাকৰ পোৱাঁতী ঘৰ পোহৰাইছিল, যি সূৰ্য্যই ভীমৰ শৰশয্যাৰ ওপৰত কিৰণ বৰষিছিল, সেই সূৰ্য্যই আজিও উদয় আৰু অস্ত হব লাগিছে। যি নক্ষত্ৰক দেখি নাৰদে তৎ নাপাই তবধ হৈছিল, যি নক্ষত্ৰই বাল্মীকিৰ হাঁফলু দৰ্শন কৰিছিল, যি নক্ষত্ৰক আমাৰ আজোবুঢ়ীআইৰ বুঢ়ীমাকে খোপাত পিন্ধিবলৈ বিচাৰিছিল, সেই নক্ষত্ৰই আজিও অনন্ত আকাশত জিলিকিব লাগিছে। যি নদীত ককাৰ আজোককাকে সাঁতুৰি ধেমালি কৰিছিল, সেই নদীয়েই আজিও বব লাগিছে। যি পৰ্বতৰ প্ৰকাণ্ড আবৃত্তি দেখি আমাৰ একচ্ছী পুৰুষ বিলাকৰ দৰ্প কোঁচ খাইছিল, সেই পৰ্বতেই আজিও থিয় হৈ আছে। মুঠতে কব [ ৭৩ ] লাগিলে, সমস্ত জগত আৰু জগতৰ সমস্ত বস্তু সাতকলীয়া আওপুৰণি হৈছে। সময়েও জগতত ন বোলাব নোৱাৰে। সি বৰং জগতৰ আজোককা। সি সূৰ্যৰ মাকৰ বিয়া দেখিছে, চন্দ্ৰক কোলাত লৈ ডাঙ্গৰ কৰিছে, আৰু গ্ৰহ নক্ষত্ৰৰ মূৰৰ বীজ গুচাইছে। তেনেহলে নতুন বছৰ কি? বছৰ সময়ৰ এটা ভাগ মাথোন! এটা পুৰণি খুটাৰ আগ ডোখৰক বা গুৰি ডোখৰক ন বুলিব নোৱাৰি। বুঢ়া মানুহৰ কোনো এটা অঙ্গ বা অংশ ডেকাই নাথাকে। পুৰণি বস্তুৰ সকলো অংশই পুৰণি হয়। এতেকে পুৰণি সময়ৰ অংশ যে বছৰ, সিও অৱশ্যে পুৰণি।

 বহাগৰ মাহ অজি বা কালি ওপজা বস্তু নহয়। এই বহাগ যে কিমান বাৰ উদ্ভব হৈ স্থবিৰ কালৰ অনন্ত শৰীৰত লীন গৈছে, কোনে তাৰ সংখ্যা কব পাৰে? আমাৰ পিতামহ, প্ৰপিতামহ, বৃদ্ধ প্ৰপিতামহ সকলোৱে বহাগৰ বিহুৱান লৈছিল, সকলোৱে বহাগৰ চিৰা পিঠা খাইছিল, সাতবিহৰ সাত শাকী খাইছিল। সেই বহাগেই আজিও আহিছে। তেনেহলে বহাগ কিহৰ নতুন? মাহৰ পাচত মাহ আহে, একৰ পাচত দুই আহে, সেই বাবে পাচৰ মাহক বা পাচৰ দুইক নতুন বুলিব নোৱাৰি। এই দৰে বছৰৰ পাচত বছৰ আহে, কিন্তু সেই দেখি সি বছৰতকৈ ই বছৰক নতুন বুলিব নোৱাৰি। তথাপি লোকে ইয়াক নতুন বছৰ বোলে। ইয়াৰ কাৰণ কেৱল মনৰ হেপাহ, মনৰ হেপাহত মানুহে পুৰণিৰে ন বুলি মন পতিয়ায়। বহাগত পুৰণি মানুহেও ন কাপোৰ লয়, পুৰণি ঘৰ মছি বাৰি [ ৭৪ ] নিকা কৰে। আৰু পুৰণি দেহা মাহ হালধিৰে ধুই চিকন কৰে। মনৰ বাঞ্ছা এই, যেন ইয়াৰ লগে লগে পুৰণি সকলো ন হৈ ঠন ধৰে, যেন পুৰণি শৰীৰ আৰু পুৰণি জীৱন ন হৈ উঠে, যেন শৰীৰত নতুন বল আৰু নতুন উদ্যমৰ উদ্ভব হয়। মনৰ অভিলাষ এনেকুৱা। কিন্তু হায়! সময়ে একোকো ৰই থাকিব নিদিয়ে। সি তাৰ নিষ্ঠুৰ গতিৰে সকলোকে বুঢ়া আৰু পুৰণি কৰি নিব লাগিছে, শৰীৰৰ তেজ মঙ্গহ ক্ষয় কৰিব লাগিছে, আৰু আয়ুসটি তিল তিলকৈ কাটি নিব লাগিছে। নতুন বছৰে আছোক আমাক নতুন কৰক ছাৰি, এবছৰ পুৰণিহে কৰিলে। ষোল বছৰীয়া সোতৰত সোমাল, ষাঠি কলীয়াৰ ষাঠিৰ এক বাঢ়িল, আশি বছৰ আয়ুসৰ আজি অন্ত পৰিল। এটা বস্তু বছৰেক দেখিলোঁ, এতেকে সি পুৰণি হল, তাক চালে আৰু আনন্দ নালাগে। এটা বস্তু এবছৰ খালোঁ, সি আমনি লগালে, তাক খালে আৰু আগৰ সোৱাদ নাপাওঁ। চন্দ্ৰ সূৰ্য্যৰ ৰূপ হৰিল, সিহঁতক দেখিলে আগৰ দৰে নাচন নোলায়। খোৱা বস্তুৰ সোৱাদ হৰিল, সিহঁতলৈ আক হেপাহ নাই। সকলোৱে পুৰণি হল, সকলোৰে সোৱাদ লুকাল। তেনেহলে নতুন বছৰ কিহৰ?

 নতুন বছৰ কেৱল এটা মনৰ সংস্কাৰ। এই সংস্কাৰে পুৰণি বছৰকো নবত্ব দিয়ে। ন বছৰ পৰিলে ন ভাব ওলায়, ন অভিলাষ জন্মে আৰু ন উদ্যমৰ উদ্ভব হয়। ন বছৰত পুৰণি কৰ্ম্মৰ লেখ জোখ হয়, আৰু তাকে সেই কৰ্মৰ এটা আধ্যা বুলি ধৰি ন বছৰত ন আধ্যা আৰম্ভ কৰে। বেপাৰীয়ে পুৰণি বছৰৰ আয় উৎপন্ন গোটাই ন বছৰত নকৈ লেখ ধৰে। ৰজাই [ ৭৫ ] পুৰণি বিধি ব্যৱস্থাৰ ফলাফল ৰিজাই চাই ন বছৰত ন বিধি প্ৰচাৰ কৰে। খেতিয়কে পুৰণি বছৰৰ খেতি চপাই লৈ ন বছৰত ন খেতি আৰম্ভ কৰে। বৈজ্ঞানিকে পুৰণি বছৰৰ পুৰণি আবিষ্কাৰ পুৰণি উদ্ভাবন প্ৰয়োগ কৰি ন বছৰত ন আবিষ্কাৰ ন উদ্ভাবন কৰিবলৈ যত্নশীল হয়। শিকাৰু ল'ৰাই পুৰণি বছৰৰ পুথি তুলি থৈ ন বছৰত ন পুথি হাতত লয়। ইত্যাদি ক্ৰমে সকলোৱে ন বছৰত পুৰণি কথা সামৰি থয় আৰু নতুন কথাৰ আধ্যা মেলে।

 সকলোৰে ন বছৰ একে সময়তে নপৰে। ইংৰাজৰ ন বছৰ মাঘত, আমাৰ ন বছৰ বহাগত, চিনৰ ন বছৰ আহাৰত পৰে। নতুন বছৰ একোজন মহাপুৰুষৰ কীৰ্ত্তি। খৃস্টাব্দ যিচুখৃষ্টৰ কীৰ্ত্তি, শঁক শালিবাহনৰ কীৰ্ত্তি। এই দৰে প্ৰত্যেক জাতিৰে ন বছৰ সেই জাতিৰ কোনো এজন ৰজাই বা মহাপুৰুষে কৰা বস্তু। নতুন বছৰ কেতিয়াবা পৰিবৰ্ত্তনো হয়। এক যুগত যি দিনা ন বছৰ পৰে, অন্য এক যুগত সেই দিনা নপৰিবও পাৰে। বিক্ৰমাদিত্য ৰজাৰ এটি শঁক আছিল, সেই শঁক এতিয়া প্ৰায় লোপ হৈছে। ভাৰতত যদি ন বছৰৰ এনেকুৱা পৰিবৰ্ত্তন হয়, আন বিলাক দেশত নহবৰ কাৰণ নাই। এতিয়া যিবিলাক দেশত খৃষ্টাব্দ চলিত আছে, খৃষ্টৰ আগেয়ে সেই বিলাক দেশত অৱশ্যে অন্য অব্দ চলিত আছিল, আৰু সেই অনুসৰি সেই বিলাক দেশত নতুন বছৰো বেলেগ আছিল।

 নতুন বছৰ এটি কল্পনা, কিন্তু এই কল্পনা চিৰকাল আছে আৰু চিৰকাল থাকিব। যিমান দিন পৃথিবীত মানুহে থাকে [ ৭৬ ] সিমান দিন নতুন বছৰো থাকিব। ইয়াক লোপ কৰোতা বীৰ নাই। ই সহজ বিপ্লব, সহজ প্ৰলয় পাৰ হৈ আজিলৈকে পূৰ্বৰ প্ৰভাবে জগতক শাশন কৰিব লাগিছে। আমি যুক্তিৰে ইয়াক গুচাব নোৱৰোঁ, আৰু গুচাব নোখোজোঁও। ই এটি বছেৰেকীয়া অমৃতৰ বা। ইয়াৰ স্পৰ্শত মানুহে পুৰণি সংসাৰ ন যেন পায়, ইয়াৰ আগমনত পুৰণি হিংসা পৰিহৰি ন প্ৰণয় কৰ্ষণ কৰে। এনে উপকাৰী বস্তুক খেদিবলৈ চেষ্টা কৰিলে আদৰক নেওচন দিয়া যেন হয়। ন বছৰ যদিও এটা মনৰ ভ্ৰম, এই ভ্ৰমৰ গুণ বহুত। এনে ভ্ৰমক যুক্তিৰ পোহৰেৰে নেখেদি হিতৈষী তিমিৰেৰে পোষণ কৰা শ্ৰেয়স্। যত অন্ধকাৰে মঙ্গল কৰে, তাত পোহৰ দিয়া মূৰ্খৰ কৰ্ম্ম।

⸺⸺
[ ৭৭ ]
বিদ্যাধৰ বৰ কাকতীৰ ফাকুৱা৷

 সোমধৰ বৰকাকতী এজন প্ৰসিদ্ধ মানুহ আছিল। তেওঁক উপাসা নকৰোঁতা নগৰত কেওঁ নাছিল। তেওঁ দুকুৰি বছৰ মৌজদাৰী বিষয় কৰি বহুত ধন সম্পত্তিৰ অধিকাৰী হৈছিল। ধৰ্ম্মকৰ্ম্মতো তেওঁৰ অচলা মতি আছিল। ফাকুৱা, জন্মাষ্টমী, ৰাস আদি কৰি পূজা পাৰ্বণ তেওঁ এটাও বাকী নাৰাখিছিল। তদুপৰি বছৰে বছৰে ৰৈ বৈ যোৱাকৈ একোটা বৰসবাহ দিছিল, শেষ কালত তেওঁৰ অৱস্থা অলপ বেয়া হৈছিল, সঁচা, কিন্তু সেই বুলি বছেৰেকীয়া ক্ৰিয়াকৰ্ম্ম এটিও এৰা নাছিল।

 বৰকাকতী এতিয়া নাই। তেওঁ ঢুকাবৰ আজি তিনি বছৰ হ'ল। তেওঁৰ পুতেক বিদ্যাধৰ বৰকাকতীও বাপেকৰ নিচিনা ক্ৰিয়াবান লোক, বছৰে বছৰে বাপেকৰ নিচিনা ফাকুৱা কৰে, বৰসবাহ দিয়ে। বুঢ়াকাকতীৰ হাত অলপ টান আছিল, কিন্তু পুতেক তেনে নহয়। এওঁ ফাকুৱাত আৰু সবাহত মেলাহাতে খৰচ কৰে, সেই দেখি চুবুৰীয়াৰ মানত এওঁ এজন ঈশ্বৰ।

 বিদ্যাধৰ বৰকাকতীৰ কোনো বিষয় নাছিল। বাপেক মৰিলত বাপেকৰ মৌজাখন লবলৈ বৰ চাহাবৰ ওচৰত দৰখাস্ত দিছিল, কিন্তু চাহাবে মৌজাখন নিদিলে। এতিয়া বাপেকৰ যি সাই সম্পত্তি আছে তাকে চলাই এওঁ প্ৰবৰ্ত্তন কৰে। [ ৭৮ ]  এতিয়া মাঘৰ মাহ, জাৰো টান। ডেকা কাকতীয়ে, ৰাতি পুৱা চৰা ঘৰত জুইৰ ওচৰত ধঁপাত হুপি বহি আছে। ধনীৰাম সাতোলাও ওচৰত আছে। সি এডোখৰ খৰিত বহি জুই পুঁৱাইছে, আৰু কাকতীৰে সৈতে কিবা মেল পাতিছে। এনেতে জুইৰ গোন্ধ পাই ময়ো সেই খিনিত ওলালোঁগৈ। মোক দেখি কাকতীয়ে মাত লগালে, “কলৈ যা অ মনহৰি”। মই কলো ‘বপা ইয়ালৈকে আহিছোঁ। কালি ৰাতি মোৰ গৰুজনী নাহিল, এতিয়া পুৱা জানোচা ওলাইছে তাকে চাবলৈ আহিছিলোঁ। পাচে ওচৰতে হুমহুমীয়া জুই দেখি সোমালোঁ।’ এই বুলি ছিলিমটো তুলি লৈ খোঁচাৰি ধঁপাত লগাবলৈ ধৰিলোঁ।

 সাতোলাই কলে, ‘শুনিছেনে বপাদেও! মনহৰি ধপাত লগোৱাত বৰ পাকৈত, আহিয়েই পোনে ছিলিমটোহে লৈছে। এইবাৰ ফাকুৱাত ইয়াক ধঁপাত লগোৱা বাব দিব। কাকতীয়ে মূৰ দুপিয়াই ওঁ বুলি শলাগিলে, আৰু জুইত দোডোখৰ মান খৰি দি, মাত লগাই কলে, এৰা ই ধঁপাত লগালে বৰ জুতি হয়। সেই দেখি আহিলেই মই ধঁপাত লগাবলৈ পাচোঁ। আজি মই নোকোৱাকৈয়েই ধৰিছে। এই কথা কৈ সাতোলাক সুধিলে, ‘পাচে, তোমাৰ কথাটো মাজতে এৰিলা, পাচে সিহঁতে মোৰ কথা কি কলে?' সাতোলাই কাহ এটা মাৰি এতোলামান পকা খেকাৰ উলিয়াই ছাইত পুতিলে, আৰু ঘেৰঘুেৰাই মাত লগালে, “সিহঁতে আপোনাৰ কিটো কব? কিবা বেয়া কব পাৰেনে? ফাকুৱানো কাৰ ঘৰত ডাঙ্গৰ হয়? বৰুৱাৰ ঘৰত [ ৭৯ ] ঘট স্থাপনা কৰে, ফুকনৰ ঘৰতো তথৈবচ, ধুমধামেৰে যি হয় কেৱল আপোনাৰ ঘৰতহে। আপুনি এবাৰ ফাকুৱা নকৰক মাথোন, মূৰ দোঁৱাবলৈ ঠাই নাইকিয়া হব। সিহঁতে ইয়াকেহে কৈছিল। আপোনাক সিহঁতে মুখে ধৰে মানে প্ৰশংসিলে। কথাৰ মূৰতে মই ধপাত ছিলিম কাকতী বপাক দিলো, তেও ধোৱাখোৱা লৈ খাবলৈ ধৰিলে, আৰু কলে বুজিছা নে সাতোলা, মই ফাকুৱা এৰোঁহে বুলিছো, মই আৰু বলে নোৱাৰাত পৰিছো। এই কথা শুনি সাতোলাই চকু যোৰ ডাঙ্গৰকৈ মেলিলে আৰু কাকতীৰ ফালে চাই কলে “বপা দেও। ফাকুৱাটো আপুনি এৰোঁ বুলি কেনেকৈ এৰিব, পিতৃ- পুৰুষৰ ধৰ্ম্ম , তাক এৰিলে নো ভাল বুলিব কোনে? কাকতীয়ে কলে ‘এৰা। মই তাকো একোবাৰ ভাবোঁ। ধাৰে হওক ঋণে হওক, পিতাদেৱে পূজা ভাগ এৰা নাছিল। মইনো কেনেকৈ নকৰি থাকোঁ। আৰু সাতোলা! ঈশ্বৰৰো এফেৰি কৃপা আছে। সিবাৰ ৰূপৰ নাটনিত পৰি ‘শ্যামৰায়ক’ এনেই এটি সেৱা কৰি থব খুজিছিলো। পিছত ঈশ্বৰৰ ইচ্ছা, ঠিক সময়ৰ মূৰত ধনবৰে নিয়া ৰূপ কেই টকা দিলেহি, আৰু থানেশ্বৰ বৰুৱাক কওঁতে ৰূপ আঢ়ৈ কুৰি উলিয়াই দিলে। এওঁ বাঢ়ি নলও বুলিছে, মূল কেইটকা দিলেই হব। এই বাৰো সেই দৰে ঈশ্বৰে কেনেবাকৈ মিলাব। এই খিনিতে মই মাত লগালো, বপাদেও, ধাৰ কৰি আনিলেও ঈশ্বৰে মিলোৱা হয়নে? মোৰ এই কথা শুনি সাতোলা জিকজিকাই উঠিল। ইয়াৰ কথা এটা বেলেগ, ঈশ্বৰে নিদিয়াকৈ ই পায়! বুজিছে নে বপা [ ৮০ ] দেও, আপুনি একো শঙ্কা নকৰিব। যদি তেওঁৰ ইচ্ছা হয় ফাকুৱা আপোনা আপোনি হব।

 সাতোলোৰ কথা কেইষাৰ শুনি মোৰ গাত গোটেই জ্বৰ উঠা দি উঠিল। মই কথা সহিব নোৱাৰি আকৌ মাত লগালোঁ, এই দৰে ধাৰ কৰি কৰি ফাকুৱা কৰোতেই চাৰিঙ্গৰ পীতাম্বৰ কাকতী লাও লোৱা হল, এতিয়া তেওঁক কোনেও নোসোধে। মোৰ এই কথা কেইটা কাকতীৰ কাণত কাঁড় লগাদি লাগিল। তেওঁৰ নাকৰ আগ, কাণৰ আগ ৰঙ্গা পৰিল। তেওঁ মোৰ ফালে চকু পোন্দোৱাই, মুখ জোকাৰি জোকাৰি কলে, তই মোক চাৰিঙ্গৰ পীতাম্বৰ যেন দেখিছনে? তাৰ বাপেকে কাহানি কেইটা ফাকুৱা কৰিছিল অ? সি জানিবা ঠিকাদাৰ হৈ দুদিন মান ৰৰৈয়া হৈছিল, পাচে ওভতগোৰে নাচি ৰসাতললৈ গল। সিহঁতক সেই বোৰে শুজিব কেলৈ। ৰাজহংসক দেখি ঘন- চিৰিকাইও—এই খিনিতে সাতোলাই মাত লগালে, বাপাদেও! পীতাম্বৰনো কাকতী হল কাহানিৰ পৰা? চাৰিঙ্গৰ কুলধৰ কাকতীৰ ঘৰক মই জানো, পীতাম্বৰ হুনু তেওঁৰ একো বংশ নালাগে, তেনেহলেনো চাৰিঙ্গত আৰু কোন কাকতী আছে? 'এ। তুমি জনা নাইনে, সাতোলা! আজিকালি কাকতী কটকী বৰা বৰুৱা খিতাপ বজাৰত কিনিবলৈ পায়। ধন হলে তুমিও সাতোলা খিতাপ পেলাই দি বৰফুকন বৰবৰুৱা কিনি লব পাৰা। কাকতী আগেয়ে লেপেটা পাৰি বহি আছিল, পাচে কথাৰ বেগত উঠি বহিল, আৰু হাতৰ আঙ্গুলি জোকাৰি কবলৈ ধৰিলে, পীতাম্বৰে দুদিনমান ধনী বোলাইছিল নহয়, গুৰি-গছ [ ৮১ ] নোহোৱা, জাঁজিত উটি অহা পীতাম্বৰ তেতিয়াৰ পৰা কাকতী হৈছে। সেই পীতাম্বৰে সৈতে ( মোৰ ফাললৈ চাই ) ই অজ্ঞানে মোক সমান পাতিছে নহয়। মই হাজাৰো দুখত পৰোঁ, মোক কাকতীৰ ঘৰৰ বুলি কোনে নকব, সাতোলাই হয়! হয়! বুলি শলাগিলে, আৰু কলে ‘বপাদেও, দুখত পৰিলে ডাঙ্গৰ মানুহ ভঙ্গা যায়নে? যি ডাঙ্গৰ, সি ডাঙ্গৰ।

 মই কাকতীৰ ঘৰক ভালকৈ জানো। তেওঁলোকৰ তলি একেবাৰে উদং। বাপেকে মৌজাদাৰ হৈ যি অলপ ঘটিছিল পুতেকে আজি তিন বছৰে তাক ওৰসাং কৰিছে। এতিয়া তেওঁ কেৱল ধাৰতহে চলি আছে। তথাপি এই ধনীৰাম সাতোলাৰ নিচিনা হাই দি খোৱা ৰিং দি পলোৱা মানুহৰ উচতনিচত ধাৰৰ ওপৰত ধাৰ কৰি ফাকুৱা বৰসবাহ চলায়েই আছে। মই মাজে মাজে তেওঁক এই বিলাক ভাল মন্দ কৈ থাকোঁ, কিন্তু তেওঁ মোৰ কথালৈ কাণ নকৰে। তেওঁ মোক আদ্‌বলিয়া বুলি মোৰ কথা উৰাই দিয়ে। আজি ভালকৈ দু-আষাৰ মান শুনাম বুলি আকৌ মাত লগালোঁ, 'ৰূপাদেও, মই নাজিৰ দেউতাৰ মুখে শুনিলোঁ, আপোনাৰ ধাৰ বোলে তিনি হাজাৰ। ইমানবোৰ ধাৰনো আপুনি কেনেকৈ শুজিব খুজিছে? সিদিনা হুজুৰৰ টেকেলাই ঘৰৰ বয় বস্তু এটাই খিনি ৰাজলৈ উলিয়াইছিল, পাচে তীৰ্থেশ্বৰ গগৈৰ অনুগ্ৰহত জানিবা বহুখিনি নিলামত নুঠিল। সেই তো সেয়েই। ইফালে আকে তিনটা গোচৰ লাগিয়েই আছে, সেইসোপা ডিগ্ৰী হব লাগিলে আপোনাৰ [ ৮২ ] গৃহস্থালি একেবাৰে পানী হব। তেওচোন আকৌ ধাৰ কৰি ফাকুৱা কৰিবলৈ ওলাইছে।'

 মোৰ কথা শুনি কাকতী এইবাৰ একেবাৰে টিঙ্গিৰি তুলা যেন হল, আৰু চকু ৰঙ্গা কৰি মোৰ মুখৰ আগত সোঁ হাতৰ মুঠি জোকাৰি কবলৈ ধৰিলে, ‘তোৰ বৰ পীত বাঢ়ি গৈছে, তই আগতেই ইমানখিনি কথা শুনাৱ, তই মোৰ ওপৰত কিবা চৰদাৰ ওলাইছ নে কি? ( সাতোলাৰ ফাললৈ চাই ) ই মোৰ ঘৰতেই মোক অপমান কৰিলে। ই সদাই মোৰ বেয়াটোহে দেখে, বাটে ঘাটে যতে দেখে ততেই কেৱল মোৰ ধাৰৰ কথাহে উলিয়ায়। সিদিনা বৰুৱাৰে সৈতে ফুৰিবলৈ যাওঁতেও বাটত তেওঁৰ আগতেই ধাৰৰ কথা উলিয়াই ছিল। মই ই আদ্‌বলিয়া বুলি কথালৈ কাণ নকৰোঁ, কিন্তু ই মোক যতে ততে অপমান দিবলৈহে বিচাৰি ফুৰে।’ সাতোলাই কলে ‘হয় তো, এনেবোৰ কথা ভাল নহয়। ধাৰ নালাগে কাৰ? ডাঙ্গৰ মানুহ হলেই দোপোন দুকড়া ধাৰ থাকে; সিও এটা নিন্দাৰ কথানে? ইয়াৰ মুখ খনেই এনেকুৱা, ইয়াক ইয়ালৈ আহিব দিয়াই অযুগুত। এনেকুৱা মুখৰ যহত হে সিদিনা ফুকনৰ গতা খাই ওলাই আহিছে।'

 মই ভালকৈ জানো ধনীৰাম সাতোলা ৰান্ধনী উচটাই জোল খোৱা মানুহ। সিয়েই কুবুদ্ধি দি দি কাকতীৰ পুৰণি ঘৰখন খাস্তাং কৰিলে। সি যেতিয়াই এই দৰে মাত লগালে, মোৰ একেবাৰে জঁক উঠিল। মই কলোঁ, ফুকনে মোক নগতিয়াব কেলেই, মই হিতবুদ্ধি দিওঁ নহয়। তেওঁৰ টেঁটুৰ গুৰিলৈকে [ ৮৩ ] ধাৰ, ধাৰত কোনোবা দিনা ঘৈনীয়েকৰ মেখেলা খনো বেচা যায় হে লাগে। তেও পাঁচদিনীয়া দেবী পূজা এৰিব পৰা নাই। পূজাত গান লাগে, থিয়েটৰ লাগে, ঢুলীয়া লাগে। ঘৈনীয়েকৰ খাৰু বন্ধুৱা থৈ পূজাটো পাতিলে, মই তাকে কওতে মোক গতিয়ায়, মই বলিয়া, মই গাধ, মই আৰু কি নহওঁ। এখেতো ফুকনৰ পিড়াতেই বহিছে। সিবাৰ থানেশ্বৰ বৰুৱাৰ পৰা ৰূপ ধাৰ কৰি ফাকুৱা কৰিলে, ইবাৰ আকৌ এজনৰ পৰা কেই কুড়ি মান ধাৰ কৰক, ইফালে টেকেলাই ক্ৰোকৰ ‘পৰণা' লৈ নিতৌ আহে। মোৰ এই কথাত কাকতী জুই যেন হল, আৰু হঠাৎ কাৰে থাপ মাৰি মোৰ চুলিত ধৰিলে। ভাগ্যে যে আগদিনা চুলিবোৰ চুটিকৈ কাটিছিলো। মই উৰ্ফাল মাৰি এৰাই গৈ বাট ওলালোঁ, নাইবা সেই দিনাই আমাৰ ফালে পতং। কাকতীয়ে মোক ধৰিব নোৱাৰি এডোখৰ খৰি ফৰ্ম্মুটি মাৰি পঠিয়াইছিল, সিও কিবা সুভাগ্যৰ গুণত মোৰ গা ঢুকি

নাপালেহি। [ ৮৪ ]
বৰদৈচিলাৰ উপাখ্যান।

 চতৰ বিহু চাপি অহাত বৰদৈচিলাৰ কথা মনত পৰিল। বৰদৈচিলাক নিচিনা লোক নাই। যাৰ আম কঠালৰ বা তামোল পাণৰ বাৰি আছে, সিয়েই বৰদৈচিলাৰ মহিমা, বৰ- দৈচিলাৰ প্ৰতাপ ভালকৈ জানে। এক মুনিহে আওকালি নোপোৱা শালৰ খুটাৰে ঘৰ সাজিবলৈ যাৰ শক্তি নাই, সিও বৰদৈচিলাৰ ক্ষমতাৰ গম পায়। এওঁ গুৰিত পক্ষীবৰ জটায়ুৰ জীয়াৰী। সীতাক ৰাৱণে হৰি নিয়া কালত তেওঁক ৰাৱণৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ জটায়ুৱে তাৰে সৈতে তয়াময়া ৰণ পাতিছিল। সেই ৰণত জটায়ু প্ৰাণ এৰি বৈকুণ্ঠগামী হয়। তেওঁৰ দুটি আমাডিমা পুত্ৰ আছিল। এটি উড়নীয়া নৌহওঁতেই ঢুকায় ভায়েকটি কথমপি আনৰ আপডালত বৰ হৈ জটায়ুৰ বংশ উজ্জ্বল কৰিছিল। এওঁৰ ঔৰষত দুটি পুত্ৰ সন্তান জন্মে। পুত্ৰ দুটিৰ ভিতৰত এটিক তক্ষকে ভক্ষণ কৰে। বাকী পুত্ৰটি ডাঙ্গৰ দীঘল হৈ বাপেকৰ নিচিনা পক্ষী সমাজৰ ভিতৰত এজন লেখৰ পক্ষী হয়। এওঁৰ সন্তানৰ ভিতৰত এজনী ছোৱালী মাথো। ঘৰখনৰ ভিতৰত একে জনী ছোৱালী, সেই দেখি তাই মাক বাপেকৰ মনত আলাসৰ লাৰু আছিল। তাইক উলিয়াই দূৰৈত বিয়া দিবলৈ মাকৰ মত নাছিল, বাপেকে অনেকৰূপে বঢ়াই বুজাইও সন্মত কৰাব নোৱাৰিলে। এই নিমিত্তে ধঞ্জয় [ ৮৫ ] নামেৰে এটি ল'ৰা চপাই ৰাখে। জী জোঁৱাইৰ মুখ চাই কিছুমান দিনৰ পাচত বুঢ়া বুঢ়ীয়ে ইহলোক এৰি গল। তেতিয়া এওঁলোক উভয়ে সেই ঘৰকে ৰাখি ঢাকি মহাসুখে কাল বঞ্চিছিল, কিন্তু তেওঁলোকৰ সন্তান সন্ততি নোহোৱাত ধঞ্জয় বৰ চিন্তিত আছিল, আৰু সন্তানৰ নিমিত্তে নানা দেব দেৰীক পূজা অৰ্চনা কৰিছিল। তথাপি বহুত দিনলৈকে তেওঁ সন্তানৰ মুখ দেখা নাছিল। এওঁলোকৰ ঘৰ আছিল মৈনাক গিৰিত। এদিন নাৰদ ঋষি যজ্ঞলৈ সমিধ বিচাৰি মৈনাকলৈ যোৱাত ধঞ্জয়ে লগ পায়, আৰু তেওঁৰ সন্তান কেনেকৈ হব তাৰে উপাই সোধে। নাৰদে শিৱপূজা কৰিবলৈ বুদ্ধি দিয়ে। নাৰদৰ বুদ্ধি। ধৰি দুয়ো গিৰীয়েক ঘৈনীয়েকে শুদ্ধ চিত্তে এটি শিবপূজা কৰে। সেই পূজাৰ গুণত ধঞ্জয়ৰ ঘৈনীয়েকৰ গাত গৰ্ভ লক্ষণ দেখা দিয়ে। পাচত একুৰি এমাহ উকলি গলত তেওঁ এটি কণী প্ৰসৱ কৰে। কণী ভূমিস্থ হোৱা মাত্ৰেই পৃথিবীত তোলপাৰ লাগি গল। পাঁচৰাৰ ভইঁকপ হ'ল, আৰু দুৰ্ঘোৰ ধুমুহা হবলৈ ধৰিলে। ইফালে কণীৰ ভৰত মৈনাক বহিগৈ সাগৰৰ তল হ'ল। কণীটি কেৱল দেখা পোৱা হৈ থাকিল। এই ঘটনাত তেওঁলোক দুয়ো বিস্ময় আৰু বিবুদ্ধি হল। দুয়ো গোটখাই কণীটি সাগৰৰ পৰা উদ্ধাৰ কৰিবলৈ বহুত যত্ব, বহুত পুৰুষাৰ্থ কৰিলে তথাপি কণী লৰাবই নোৱাৰিলে। অৱশেষত আন একো উপায় নাপাই, আৰু অবাবত কাল নষ্ট নকৰি, ধঞ্জয় শীঘ্ৰে ইন্দ্ৰৰ তালৈ যাত্ৰা কৰিলে। তাত গৈ নিজৰ আপালি আটাই খিনি নিবেদি কলে যে, এবাৰ ঐৰাৱত গৈ মোৰ কণীটি [ ৮৬ ] পানীৰ পৰা নুতুলিলে আৰু আন উপায় নাই, তাহানি জটায়ুৰ লগত ইন্দ্ৰৰ বৰ মিত্ৰভাৱ আছিল, সেই কথা সুমৰি ইন্দ্ৰই ঐৰাৱতক যাবলৈ আদেশ কৰিলে। ঐৰাৱতে গৰাকীৰ আদেশ পাই, মহ| আস্ফোট কৰি, ধঞ্জয়ৰ লগত মৈনাকলৈ গল। বাটত যাওঁতে ঐৰাৱতে সুধিলে যে কণীত লগাবলৈ ভাল ফয় আছেনে নাই। ধঞ্জয়ে ফয় নাই বুলি কলত, ঐৰাৱতে তেওঁক বাসুকীৰ তালৈ পাচিলে, আৰু কলে যে তুমি বাসুকীক মই মতা বুলি মাতি আনাগৈ। ধঞ্জয় গৈ বাসুকীৰ আগত ঐৰাৱতৰ বাতৰি কোৱাত তেওঁ তৎক্ষণাৎ ওলাল, আৰু বেগাইজম আহি ঐৰাৱতৰ লগ ধৰিলে।। পাচত এটাই কেউজনে গৈ মৈনাক পালে। তাত বাসুকীয়ে নেজেৰে কণীটি মেৰাই ধৰি, মুখৰ ফালেৰে ঐৰাৱতৰ ডিঙিত মেৰ দিলে। ঐৰাৱতে কথমপি বহুত বল দি কণীটি টানি আনি সাগৰৰ পাৰত তুলিলে। তেতিয়া ধঞ্জয়ে কলে যে ইয়াত আৰু কণী থবৰ ঠাই নাই, একেবাৰে ৰৈৱতক গিৰিলৈ লৈ বলা, আমি তাতেহে বাহ লম। এই কথাত ঐৰাৱত আৰু বাসুকীয়ে কণী টানি নি ৰৈৱতক গিৰিত তুলি দি আহিল। এইদৰে ধঞ্জয়ৰ কণী উদ্ধাৰ হল কিন্তু মৈনাক আজিলৈকে সাগৰৰ তলতে থাকিল। আন আন পুৰাণ লিখক সকলে মৈনাক সাগৰসৎ হোৱাৰ অন্য কাহিনী কয়। কিন্তু তাক আমি বিশ্বাস নকৰোঁ। এই কাহিনী আমি বৰদৈচিলাৰ আপোন মুখৰ পৰা শুনিছো। কাৰবাৰ ইয়াত সন্দেহ হলে, তেওঁৰ যদি সাহ আছে, বৰদৈচিলা যাওঁতে আ আহোঁতে ঘৰৰ বাজ ওলাই সুধি চাব পাৰে।