পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭৪ ]


নিকা কৰে। আৰু পুৰণি দেহা মাহ হালধিৰে ধুই চিকন কৰে। মনৰ বাঞ্ছা এই, যেন ইয়াৰ লগে লগে পুৰণি সকলো ন হৈ ঠন ধৰে, যেন পুৰণি শৰীৰ আৰু পুৰণি জীৱন ন হৈ উঠে, যেন শৰীৰত নতুন বল আৰু নতুন উদ্যমৰ উদ্ভব হয়। মনৰ অভিলাষ এনেকুৱা। কিন্তু হায়! সময়ে একোকো ৰই থাকিব নিদিয়ে। সি তাৰ নিষ্ঠুৰ গতিৰে সকলোকে বুঢ়া আৰু পুৰণি কৰি নিব লাগিছে, শৰীৰৰ তেজ মঙ্গহ ক্ষয় কৰিব লাগিছে, আৰু আয়ুসটি তিল তিলকৈ কাটি নিব লাগিছে। নতুন বছৰে আছোক আমাক নতুন কৰক ছাৰি, এবছৰ পুৰণিহে কৰিলে। ষোল বছৰীয়া সোতৰত সোমাল, ষাঠি কলীয়াৰ ষাঠিৰ এক বাঢ়িল, আশি বছৰ আয়ুসৰ আজি অন্ত পৰিল। এটা বস্তু বছৰেক দেখিলোঁ, এতেকে সি পুৰণি হল, তাক চালে আৰু আনন্দ নালাগে। এটা বস্তু এবছৰ খালোঁ, সি আমনি লগালে, তাক খালে আৰু আগৰ সোৱাদ নাপাওঁ। চন্দ্ৰ সূৰ্য্যৰ ৰূপ হৰিল, সিহঁতক দেখিলে আগৰ দৰে নাচন নোলায়। খোৱা বস্তুৰ সোৱাদ হৰিল, সিহঁতলৈ আক হেপাহ নাই। সকলোৱে পুৰণি হল, সকলোৰে সোৱাদ লুকাল। তেনেহলে নতুন বছৰ কিহৰ?

 নতুন বছৰ কেৱল এটা মনৰ সংস্কাৰ। এই সংস্কাৰে পুৰণি বছৰকো নবত্ব দিয়ে। ন বছৰ পৰিলে ন ভাব ওলায়, ন অভিলাষ জন্মে আৰু ন উদ্যমৰ উদ্ভব হয়। ন বছৰত পুৰণি কৰ্ম্মৰ লেখ জোখ হয়, আৰু তাকে সেই কৰ্মৰ এটা আধ্যা বুলি ধৰি ন বছৰত ন আধ্যা আৰম্ভ কৰে। বেপাৰীয়ে পুৰণি বছৰৰ আয় উৎপন্ন গোটাই ন বছৰত নকৈ লেখ ধৰে। ৰজাই