পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৮৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৮০]


দেও, আপুনি একো শঙ্কা নকৰিব। যদি তেওঁৰ ইচ্ছা হয় ফাকুৱা আপোনা আপোনি হব।

 সাতোলোৰ কথা কেইষাৰ শুনি মোৰ গাত গোটেই জ্বৰ উঠা দি উঠিল। মই কথা সহিব নোৱাৰি আকৌ মাত লগালোঁ, এই দৰে ধাৰ কৰি কৰি ফাকুৱা কৰোতেই চাৰিঙ্গৰ পীতাম্বৰ কাকতী লাও লোৱা হল, এতিয়া তেওঁক কোনেও নোসোধে। মোৰ এই কথা কেইটা কাকতীৰ কাণত কাঁড় লগাদি লাগিল। তেওঁৰ নাকৰ আগ, কাণৰ আগ ৰঙ্গা পৰিল। তেওঁ মোৰ ফালে চকু পোন্দোৱাই, মুখ জোকাৰি জোকাৰি কলে, তই মোক চাৰিঙ্গৰ পীতাম্বৰ যেন দেখিছনে? তাৰ বাপেকে কাহানি কেইটা ফাকুৱা কৰিছিল অ? সি জানিবা ঠিকাদাৰ হৈ দুদিন মান ৰৰৈয়া হৈছিল, পাচে ওভতগোৰে নাচি ৰসাতললৈ গল। সিহঁতক সেই বোৰে শুজিব কেলৈ। ৰাজহংসক দেখি ঘন- চিৰিকাইও—এই খিনিতে সাতোলাই মাত লগালে, বাপাদেও! পীতাম্বৰনো কাকতী হল কাহানিৰ পৰা? চাৰিঙ্গৰ কুলধৰ কাকতীৰ ঘৰক মই জানো, পীতাম্বৰ হুনু তেওঁৰ একো বংশ নালাগে, তেনেহলেনো চাৰিঙ্গত আৰু কোন কাকতী আছে? 'এ। তুমি জনা নাইনে, সাতোলা! আজিকালি কাকতী কটকী বৰা বৰুৱা খিতাপ বজাৰত কিনিবলৈ পায়। ধন হলে তুমিও সাতোলা খিতাপ পেলাই দি বৰফুকন বৰবৰুৱা কিনি লব পাৰা। কাকতী আগেয়ে লেপেটা পাৰি বহি আছিল, পাচে কথাৰ বেগত উঠি বহিল, আৰু হাতৰ আঙ্গুলি জোকাৰি কবলৈ ধৰিলে, পীতাম্বৰে দুদিনমান ধনী বোলাইছিল নহয়, গুৰি-গছ