নোহোৱা, জাঁজিত উটি অহা পীতাম্বৰ তেতিয়াৰ পৰা কাকতী
হৈছে। সেই পীতাম্বৰে সৈতে ( মোৰ ফাললৈ চাই ) ই
অজ্ঞানে মোক সমান পাতিছে নহয়। মই হাজাৰো দুখত
পৰোঁ, মোক কাকতীৰ ঘৰৰ বুলি কোনে নকব, সাতোলাই
হয়! হয়! বুলি শলাগিলে, আৰু কলে ‘বপাদেও, দুখত পৰিলে
ডাঙ্গৰ মানুহ ভঙ্গা যায়নে? যি ডাঙ্গৰ, সি ডাঙ্গৰ।
মই কাকতীৰ ঘৰক ভালকৈ জানো। তেওঁলোকৰ তলি একেবাৰে উদং। বাপেকে মৌজাদাৰ হৈ যি অলপ ঘটিছিল পুতেকে আজি তিন বছৰে তাক ওৰসাং কৰিছে। এতিয়া তেওঁ কেৱল ধাৰতহে চলি আছে। তথাপি এই ধনীৰাম সাতোলাৰ নিচিনা হাই দি খোৱা ৰিং দি পলোৱা মানুহৰ উচতনিচত ধাৰৰ ওপৰত ধাৰ কৰি ফাকুৱা বৰসবাহ চলায়েই আছে। মই মাজে মাজে তেওঁক এই বিলাক ভাল মন্দ কৈ থাকোঁ, কিন্তু তেওঁ মোৰ কথালৈ কাণ নকৰে। তেওঁ মোক আদ্বলিয়া বুলি মোৰ কথা উৰাই দিয়ে। আজি ভালকৈ দু-আষাৰ মান শুনাম বুলি আকৌ মাত লগালোঁ, 'ৰূপাদেও, মই নাজিৰ দেউতাৰ মুখে শুনিলোঁ, আপোনাৰ ধাৰ বোলে তিনি হাজাৰ। ইমানবোৰ ধাৰনো আপুনি কেনেকৈ শুজিব খুজিছে? সিদিনা হুজুৰৰ টেকেলাই ঘৰৰ বয় বস্তু এটাই খিনি ৰাজলৈ উলিয়াইছিল, পাচে তীৰ্থেশ্বৰ গগৈৰ অনুগ্ৰহত জানিবা বহুখিনি নিলামত নুঠিল। সেই তো সেয়েই। ইফালে আকে তিনটা গোচৰ লাগিয়েই আছে, সেইসোপা ডিগ্ৰী হব লাগিলে আপোনাৰ