পকায়। ( চাপৰি ) এই অসমৰ তিৰোতাৰ কাম। তাৰ
পাচত শিকনি। তেওঁলোকৰ শিকনি অদ্ভুত। অমুকীৰ লগত
দন্দ, তাইৰ ঘৰলৈ লৰা গল, এতেকে তাৰ পিঠিত চেঁই
বন্ধাকৈ এছাৰি লগা লৰাই জাপ মাৰোঁতে পৰিল, লগা
এক বাঘ ঢকা লৰাই তেওঁৰ গুপ্ত কথাৰ ভেদ ভাঙ্গিলে,
এতেকে তাক মাৰি জোল কৰ।। ইফালে আকৌ বপা
তাইক গালি পাৰি দিয়াঁ, তাক চৰ মাৰি দিয়াঁ, দেউতাৰৰ
পেৰাৰ ৰূপ এটকা মনে মনে লৈ আহাঁ, তাইহঁতৰ হাহিনী
জনী ঘৰলৈ আহিছে, বপা। তাইক মাৰ মাৰি মাৰাঁ, মোৰ
পোনাই ফাঁকি দিব জানে, আসৈ মাতিব জানে, আহাঁ এটি
চুমা দিয়াঁ। ( সজ সজ শব্দ ) এনেকুৱা পাঠ লৰাই দিনে
ৰাতি আওৰাব লাগে। ( চাপৰি )
বান্ধন বাঢ়নতো অসমীয়া তিৰোতাৰ শিক্ষা ডাঙ্গৰ। চাউল সিজিল নে নাই, আৰু কচু সিজিল নে নাই তাক ভালকৈ জানে। আমি অসমত যি কেই জনা নামজ্বল ৰান্ধনী লগ পাইছোঁ, তেওঁলোকৰ বিদ্যা খৰিচা আৰু মাটি মাহতেই শেষ। খৰিচাৰ আঞ্জাখন জুতিত তুলিব পাৰিলেই তেওঁ বৰ ৰান্ধনী। ত্ৰেতাৰ পৰা এতিয়ালৈকে অসমত একে আঞ্জাই চলি আছে। সেই কোমোৰাৰ আঞ্জা, সেই খৰিচাৰ আঞ্জা অসমৰ ঘৰে ঘৰে ভোজত আৰু নিত ভোজনত সদায় লগ পাবা। খাহি পহু ৰন্ধাৰো নিয়ম আজিলৈকে লৰচৰ নহল। ( চাপৰি ) অসমীয়া ৰান্ধনীৰ মনে গঢ়া আঞ্জা, আমি এখনো খাবলৈ পোৱা নাই। ( চাপৰি ) মাক বা বুঢ়ী মাকে যি আঞ্জা ৰান্ধিছিল