পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[১২]

নোৱাৰে! কওতেই কয়। শহুৰী খটা। বোৱাৰী আহি যে বেটীৰ নিচিনাকৈ খাটিব লাগে, ই আমাৰ লাজ। শাহ শহুৰে বোৱাৰীক নিজৰ জী যেন দেখা উচিত।

 নেওগ আৰু সন্দিকৈয়ে কথা কোৱাৰ সময়ত আমি চুকৰ পৰা সভ্যবিলাকৰ ৰেহ্ ৰূপ চাই আছিলোঁ। ৰাজখোৱাও এজন সভাৰ সভ্য। তেখেত বস্তৃতাৰ কথা বিলাকত মান্তি হোৱ। নাছিল যেন বোধ হৈছিল। তেখেতে আৰম্ভৰ পৰা অন্তলৈকে বহা ঠাইতে উচ্ পিচাই আছিল,এবাৰ মূৰ খজুৱাইছিল, এবাৰ হাত মোহাৰিছিল, এবাৰ ভৰি মোহাৰিছিল। নেওগ বহিলতে তেখেত একে চাবে উঠি থিয় হল,আৰু খঙ্গত ৰঙ্গা হৈ দাৰি শিয়ৰাই কবলৈ ধৰিলে,--“সভ্য সকল! ফুকনৰ বক্তৃতা শুনি আপোনালোকে সকলোৱে শলাগিলে, কিন্তু মই শলাগিব নোৱাৰোঁ। বস্তৃতাত অৱশ্যে তেখেতে ভাষাৰ চতুৰালি আৰু চিন্তাৰ গভীৰতা দেখাইছে, সঁচা। কিন্তু তাৰ পৰা তেখেতৰ দূৰদৰ্শিতাৰ চিনাকি পোৱা নাযায়, তেখেতে আমাৰ ভিতৰুৱা কথা প্ৰোঢী কৰি বিদেশীৰ আগত আমাৰ লাজ আনিলে (ছি ছি শব্দ)। ই বুদ্ধিমানৰ কথা নহয়। ”

 এই কেই আষাৰ কথা কৈ ৰাজখোৱা বহিল, আৰু কপিবলৈ ধৰিলে। ইফালে আৰু কেও নুঠা দেখি এইবাৰ সভাপতি স্বয়ং থিয় হল, আৰু তেখেতৰ প্ৰাচীন সোহাত খনি ওপৰলৈ তুলি কবলৈ ধৰিলে;–সভ্য ডাঙ্গৰীয়া বিলাক! ফুকন ডাঙ্গ-ৰীয়াৰ কথাকেই আষাৰ যে শলাগিব লগীয়। তাৰ কোনো ভুল নাই। আমাৰ চকুত নপৰা বা আমি পাহৰি থকা দোষ