পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৭৯ ]


ঘট স্থাপনা কৰে, ফুকনৰ ঘৰতো তথৈবচ, ধুমধামেৰে যি হয় কেৱল আপোনাৰ ঘৰতহে। আপুনি এবাৰ ফাকুৱা নকৰক মাথোন, মূৰ দোঁৱাবলৈ ঠাই নাইকিয়া হব। সিহঁতে ইয়াকেহে কৈছিল। আপোনাক সিহঁতে মুখে ধৰে মানে প্ৰশংসিলে। কথাৰ মূৰতে মই ধপাত ছিলিম কাকতী বপাক দিলো, তেও ধোৱাখোৱা লৈ খাবলৈ ধৰিলে, আৰু কলে বুজিছা নে সাতোলা, মই ফাকুৱা এৰোঁহে বুলিছো, মই আৰু বলে নোৱাৰাত পৰিছো। এই কথা শুনি সাতোলাই চকু যোৰ ডাঙ্গৰকৈ মেলিলে আৰু কাকতীৰ ফালে চাই কলে “বপা দেও। ফাকুৱাটো আপুনি এৰোঁ বুলি কেনেকৈ এৰিব, পিতৃ- পুৰুষৰ ধৰ্ম্ম , তাক এৰিলে নো ভাল বুলিব কোনে? কাকতীয়ে কলে ‘এৰা। মই তাকো একোবাৰ ভাবোঁ। ধাৰে হওক ঋণে হওক, পিতাদেৱে পূজা ভাগ এৰা নাছিল। মইনো কেনেকৈ নকৰি থাকোঁ। আৰু সাতোলা! ঈশ্বৰৰো এফেৰি কৃপা আছে। সিবাৰ ৰূপৰ নাটনিত পৰি ‘শ্যামৰায়ক’ এনেই এটি সেৱা কৰি থব খুজিছিলো। পিছত ঈশ্বৰৰ ইচ্ছা, ঠিক সময়ৰ মূৰত ধনবৰে নিয়া ৰূপ কেই টকা দিলেহি, আৰু থানেশ্বৰ বৰুৱাক কওঁতে ৰূপ আঢ়ৈ কুৰি উলিয়াই দিলে। এওঁ বাঢ়ি নলও বুলিছে, মূল কেইটকা দিলেই হব। এই বাৰো সেই দৰে ঈশ্বৰে কেনেবাকৈ মিলাব। এই খিনিতে মই মাত লগালো, বপাদেও, ধাৰ কৰি আনিলেও ঈশ্বৰে মিলোৱা হয়নে? মোৰ এই কথা শুনি সাতোলা জিকজিকাই উঠিল। ইয়াৰ কথা এটা বেলেগ, ঈশ্বৰে নিদিয়াকৈ ই পায়! বুজিছে নে বপা