বছৰ নতুন, কিন্তু পৃথিবী পুৰণি। চন্দ্ৰ পুৰণি, সূৰ্য্য পুৰণি, গ্ৰহ নক্ষত্ৰ পুৰণি, নদনদী পুৰণি, সাগৰ পৰ্ব্বত আকাশ সকলো পুৰণি। যি পৃথিবীত আমাৰ ককা, আজো ককা, আৰু আজোক- কাৰ আজো ককাকে বাস কৰি প্ৰাণ এৰিছে, সেই পৃথিবীয়েই আজিও চলি আছে। যি চন্দ্ৰক দেখি আমাৰ আজোককাৰ বাল্য মন আনন্দত উতলা হৈছিল, যি চন্দ্ৰক ধৰিবলৈ আজো ককাৰ ককাকে তেওঁৰ চালুকীয়া ক্ষুদ্ৰ হাত মেলিছিল, যি চন্দ্ৰক আজোককাৰ বুঢ়ীমাকে বাই বুলি সম্বন্ধ ধৰিছিল সেই চন্দ্ৰই আজিও ঘূৰিব লাগিছে। যি সূৰ্য্যই ককাৰ ককাকৰ শ্মশান শুকাইছিল, যি সূৰ্য্যই তেওঁৰ আজোবুঢ়ীমাকৰ পোৱাঁতী ঘৰ পোহৰাইছিল, যি সূৰ্য্যই ভীমৰ শৰশয্যাৰ ওপৰত কিৰণ বৰষিছিল, সেই সূৰ্য্যই আজিও উদয় আৰু অস্ত হব লাগিছে। যি নক্ষত্ৰক দেখি নাৰদে তৎ নাপাই তবধ হৈছিল, যি নক্ষত্ৰই বাল্মীকিৰ হাঁফলু দৰ্শন কৰিছিল, যি নক্ষত্ৰক আমাৰ আজোবুঢ়ীআইৰ বুঢ়ীমাকে খোপাত পিন্ধিবলৈ বিচাৰিছিল, সেই নক্ষত্ৰই আজিও অনন্ত আকাশত জিলিকিব লাগিছে। যি নদীত ককাৰ আজোককাকে সাঁতুৰি ধেমালি কৰিছিল, সেই নদীয়েই আজিও বব লাগিছে। যি পৰ্বতৰ প্ৰকাণ্ড আবৃত্তি দেখি আমাৰ একচ্ছী পুৰুষ বিলাকৰ দৰ্প কোঁচ খাইছিল, সেই পৰ্বতেই আজিও থিয় হৈ আছে। মুঠতে কব
পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৮০
অৱয়ব