পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ২০ ]


তেৱোঁ আজিলৈকে তাকেই ৰান্ধি আছে। মঙ্গহত ঘিউ, বুট মাহত চেনি অসমীয়া ৰান্ধনীৰ মনত অদ্ভুত কথা। আটাগুৰিৰ ৰুটি হৈচবল নিদিলে ছিঙ্গিব নোৱাৰি। অসমীয়া ৰান্ধনীৰ মিষ্টান্নতো হাত আছে। তেওঁলোকে হেঁচা পিঠা. উৰহি পিঠা, খুতৰীয়া পিঠা, ঘিলা পিঠা, ফেনী পিঠা, চুঙ্গা পিঠা, টেকেলি পিঠা, জিলিপি আৰু হাজাৰ মুখী পিঠা ভালকৈ কৰিব জানে। পিঠাৰ প্ৰধান ফেনী। যিবাৰ ফেনীৰ আয়োজন, সেইবাৰ ঘৈনীৰ লচ্‌পচনী কিমান! কেইটা লগুৱাই টাঙ্গোন খায়, কেইটা লৰাই ঢকা খায়, তাৰ ঠাঠিকানা নাইকিয়া হয়। (চাপৰি)

 সভ্য সকল আজিৰ বন্ধুতা দীঘল হল। স্ত্ৰী-শিক্ষাৰ বিষয়ে ইমান কবলগীয়া কথা আছে যে ভালকৈ বৰ্ণালে ওঠৰ পৰ্ব্ব মহাভাৰত হয়।। কিন্তু মই আজিলৈ ইমানতে সামৰিলোঁ, ঈশ্বৰে সময় দিয়ে যদি আগলৈ আকৌ এই বিষয়ে আপোনা- লোকৰ আগত আষাৰ চেৰেক কথা নিবেদিম। আজিৰ বক্তৃ- তাটি স্ত্ৰীশিক্ষাৰ প্ৰথম আধ্যা বুলি ধৰিব।

 ৰাজখোৱা বহিলত সভাপতি ডাঙ্গৰীয়াই উঠি কলে—সভ্য সকল! আজিৰ বক্তৃতা আচলতে দীঘল হৈছে, তেও কথাৰ ওৰ ওলোৱা নাই। ওৰলৈকে নুশুনাকৈ কথাৰ ওপৰত মন্তব্য প্ৰকাশ কৰা অযুগুত। সেই নিমিত্তে মন্তব্য দিবলৈ আজি আপোনালোকক অনুৰোধ নকৰোঁ। এতিয়া গধূলি হল, আজিলৈ এই মানতে সভা সম্বৰণ কৰিলোহঁক। সভা ভাগিল, আমিও গুচি আহিলো। সিবাৰলৈ কি ওলায় তালৈহে বৰ ধাউতি থাকিল।