পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ৬০ ] জা, চা~মহাৰাণীয়ে চাগৈ আন বস্তু নাখায়েইসদায় আঠ৷ গাখীৰ, মালভোগ কলাচেনি দুয়ো বেলা খায় । ইয়াৰ এই কথা শুনি মোৰ মনে মনে হাহি উঠিল। দে টে—তুমি একোকে নাজানা হে। মহাৰাণী যে মেম, তেওঁ গাখীৰ কল নাখায় । এই বুলি টেকেলাই হাহিবলৈ ধৰিলে আৰু কলে, মহাৰাণীয়ে জানো কল খায়, মহাৰাণীয়ে জানে৷ গাখীৰ খায় ? তেওঁ দেৱতাৰ নিচিনাভোগো দেৱতাৰ নিচিনা কৰে। । খাবৰ সময়ত সোণৰ বাটিত সন্দেশ, ৰূপৰ বাটিত বতচা আনি আগত থয় । তাৰে মন গলে কেতিয়াবা । এটা খায়। জ, চা-নোখোৱাবোৰ এক ? নোখোৱাবোৰ চাগৈ পাৰিষদ সকলে খায় । দে, টে--খায় তে৷৷ তুলসীৰ লগত কল পটুৱাৰো মুক্তি হয়। দেৱতাৰ লগত থাকিলে দেৱভোগৰ ভাগ পোৱাটো একো আচৰিত কথা নহয় । এই দৰে মেল পাতি পাত সিহঁতে জলপান খালে, তামোম ধপাত খালে, খাই লৈ টেকেলা জন শুলে। জাহাজৰ চাকৰেও শুবৰ কাৰবাৰ কৰিবলৈ ধৰিলে। সিহঁতৰ কথা শুনি প্রথমে যদিও মোৰ হাঁহি উঠিছিল, সিহঁত নিস্তব্ধ হলত, মনত বৰ বেজাৰ লাগিল, আৰু বোধ হল অসমীয়াক যে এলেহুৱা বোলে বুলিব পায় । সিহতৰ বিবেচনাত একো নকৰি হাত সাবটি বহি থাকিবলৈ পালেই স্থখ, আৰু কাম কৰিব লগ৷ হলে ছুখ । দ্বিতীয়তঃ সিহঁতৰ ভোগৰ ভাব চাওক। সন্দেশ আৰু বতচাৰ তুল্য উপাদেয় সামগ্রী সিহঁতৰ বিবেচনাত পৃথিবীত নাই । ইয়াৰ পৰা বুজি লওক আমাৰ সামান্য তৰপৰ মানুহ বিলাক কিমান তলত আছেআৰু কিমান অজ্ঞ । এই বিলাক ডুখৰ