পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[৩]

বিপ্লৱ উপস্থিত। অসমীয়াৰ বিলাই বিপত্তি দেখিলে, অসমীয়া ভাষাৰ আলাই আথানি দেখিলে, কোনো হাদয়শীল অসমীয়াই চকুৰ লো সামৰিব নোৱাৰে। অসমীয়াৰ দুখ কুলায় পাচিয়ে নধৰে। এনেকুৱা বিপদকালত এই কেন্দ্ৰসভা স্থাপিত হোৱাত যে অসমৰ কিমান উপকাৰ হৈছে, তাক মই হে নালাগে চাৰিমুখীয়া ব্ৰহ্মায়ো বৰ্ণাই ওৰ পেলাব নোৱাৰে। অসম দেশৰ আৰু অসমীয়া ভাষাৰ উন্নতি সধাই কেন্দ্ৰসভাৰ অকল উদ্দেশ্য। ডেকালৰাবিলাকে যদিও এই কামত হাত দিছে, সিহঁতৰ বুদ্ধি কুমলীয়া বাবে তাত পূৰ্ণৰূপে কৃতকাৰ্য্য লভিব পৰা নাই। এই বৃদ্ধ সভ্যমণ্ডলীয়ে তেওঁবিলাকৰ সুপক্ক বুদ্ধি আৰু সুসিদ্ধ বিদ্যা দৌৰাই অসমীয়া ভাষাক যে উন্নতি মৈটাৰ আগৰ খাপত তুলিব পাৰিব তাত তিলমাত্ৰও সন্দেহ নাই। ইমান দিন অসমীয়া ভাষা আৰু অসম দেশ মাউৰা ল'ৰাৰ নিচিনা নিছলা হৈ আছিল। এতিয়া কেন্দ্ৰসভাই ধুই পখালি, সজাই পৰাই সিহঁতক দহজনৰ ভিতৰত এজন কৰি তুলিব। আজি আমাৰ সভাৰ প্ৰথম অধিবেশন, বিশেষতঃ বেলিয়েও তেওঁৰ পোহৰ সামৰি পাটত বহিবলৈ কাৰবাৰ কৰিছে। এতেকে ময়ো আপোনালোকত মেলানি লৈ আজিৰ নিমিত্তে বক্তৃতা সামৰি সভাৰ বাকী কাৰ্য্য কৰিবলৈ আপোনা- লোকক অনৰোধ কৰিলো। ( চাপৰি )

 সভাপতি ডাঙ্গৰীয়াই বক্তৃতা সামৰি আসন ললত কাকতী ডাঙ্গৰীয়া থিয় হল, আৰু ধীৰে ধীৰে কবলৈ ধৰিলেঃ—হে সভ্য সকল! আমি সততে দেখিবলৈ পাওঁ যে কেতবিলাক