পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ৬৭ 1 মোমাইৰ ঘৰলৈ গৈ ভাত এমাহমান আাছিলো। মোমাইৰ পদূ লিৰ আগতে এটি পঢ়াশালি আছে। এদিন দেখিলো, পঢ়াশালি চাবলৈ এজন বাবু আহিছিল। তেওঁ পঢ়াশালিৰ ওজাজনক বৰকৈ ডবিয়ালে, কিয় ডবিয়ালে মই তাৰ একো বুজ নাপালে।। বাবুজন কিছুমান পৰৰ পাচত ঘোঁৰাত উঠি গুচি গল আৰু পঢ়া শালিও ছুটি হল। মই এটা লৰাক লগ ধৰি ওজাদেৱক কিয় । ডবিয়ালে বুলি সুধিলো। দি উত্তৰত কলে যে বাবুজন ইনিচ - পৌৰ তেওঁবিলাকক ব্যাকৰ্ণৰ কথা সুধিছিল, লৰাবিলাকে একো কব নোৱাৰিলে। সেই দেখি লৰা বিলাকক ব্যাকর্ষ ভালকৈ শিকোৱা নাই বুলি ডবিয়াইছিল। । ব্যাকৰণৰ নাম শুনি মোৰ পুৰণি কথামনত পৰিল, আৰু লৰাটোক সুধিলোঁ “বপা, ব্যাকৰ্ণ বস্তুটো কি ? সি কলে বোলে ব্যাকৰণ এখন পুথিৰ নাম তাক পঢ়িলে ভাষাৰ তৰ পোৱা যায় কোনটো কথা কেনেকৈ কব লাগে তাক জানিব পাৰি। অাৰু ইয়াত বাজেও বহুত কথা শিকিব পাৰি। সি আৰু কলে যে, পুথি । খন হলে বৰ টান, সকলোৱে তাক বুজিব নোৱাৰে। পাচদিনা দেখিলোঁ, ওজা দেৱে হাতত এছাৰি লৈ পঢ়াশালিত পঢ়াবলৈ লাগিছে, আৰু মাজে মাজে একোটা লৰাক ধৰি আনি সেই এছাৰিৰে পাৰেমানে । মৰিয়াইছে, লৰাই ডেডাউৰি পাৰি গোটেই খন পঢ়াশালিত খলকনি লাগাইছে। মোৰ ব্যাকৰ্ণ পঢ়িব লগীয়া নহল, নাইবা মোৰে৷ কুমলীয়৷ পিঠিত এই দৰে এছাৰি জাৰিলে হেঁতেন। মোৰ মনত এই দৰে ভয় লাগিছিল যদিও, ব্যাকৰ্ণৰ তত্ব লবলৈ মোৰ বৰ মন গৈছিল।