লাগিলে, সমস্ত জগত আৰু জগতৰ সমস্ত বস্তু সাতকলীয়া আওপুৰণি হৈছে। সময়েও জগতত ন বোলাব নোৱাৰে। সি বৰং জগতৰ আজোককা। সি সূৰ্যৰ মাকৰ বিয়া দেখিছে, চন্দ্ৰক কোলাত লৈ ডাঙ্গৰ কৰিছে, আৰু গ্ৰহ নক্ষত্ৰৰ মূৰৰ বীজ গুচাইছে। তেনেহলে নতুন বছৰ কি? বছৰ সময়ৰ এটা ভাগ মাথোন! এটা পুৰণি খুটাৰ আগ ডোখৰক বা গুৰি ডোখৰক ন বুলিব নোৱাৰি। বুঢ়া মানুহৰ কোনো এটা অঙ্গ বা অংশ ডেকাই নাথাকে। পুৰণি বস্তুৰ সকলো অংশই পুৰণি হয়। এতেকে পুৰণি সময়ৰ অংশ যে বছৰ, সিও অৱশ্যে পুৰণি।
বহাগৰ মাহ অজি বা কালি ওপজা বস্তু নহয়। এই বহাগ যে কিমান বাৰ উদ্ভব হৈ স্থবিৰ কালৰ অনন্ত শৰীৰত লীন গৈছে, কোনে তাৰ সংখ্যা কব পাৰে? আমাৰ পিতামহ, প্ৰপিতামহ, বৃদ্ধ প্ৰপিতামহ সকলোৱে বহাগৰ বিহুৱান লৈছিল, সকলোৱে বহাগৰ চিৰা পিঠা খাইছিল, সাতবিহৰ সাত শাকী খাইছিল। সেই বহাগেই আজিও আহিছে। তেনেহলে বহাগ কিহৰ নতুন? মাহৰ পাচত মাহ আহে, একৰ পাচত দুই আহে, সেই বাবে পাচৰ মাহক বা পাচৰ দুইক নতুন বুলিব নোৱাৰি। এই দৰে বছৰৰ পাচত বছৰ আহে, কিন্তু সেই দেখি সি বছৰতকৈ ই বছৰক নতুন বুলিব নোৱাৰি। তথাপি লোকে ইয়াক নতুন বছৰ বোলে। ইয়াৰ কাৰণ কেৱল মনৰ হেপাহ, মনৰ হেপাহত মানুহে পুৰণিৰে ন বুলি মন পতিয়ায়। বহাগত পুৰণি মানুহেও ন কাপোৰ লয়, পুৰণি ঘৰ মছি বাৰি