পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৮৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৭৬ ]


সিমান দিন নতুন বছৰো থাকিব। ইয়াক লোপ কৰোতা বীৰ নাই। ই সহজ বিপ্লব, সহজ প্ৰলয় পাৰ হৈ আজিলৈকে পূৰ্বৰ প্ৰভাবে জগতক শাশন কৰিব লাগিছে। আমি যুক্তিৰে ইয়াক গুচাব নোৱৰোঁ, আৰু গুচাব নোখোজোঁও। ই এটি বছেৰেকীয়া অমৃতৰ বা। ইয়াৰ স্পৰ্শত মানুহে পুৰণি সংসাৰ ন যেন পায়, ইয়াৰ আগমনত পুৰণি হিংসা পৰিহৰি ন প্ৰণয় কৰ্ষণ কৰে। এনে উপকাৰী বস্তুক খেদিবলৈ চেষ্টা কৰিলে আদৰক নেওচন দিয়া যেন হয়। ন বছৰ যদিও এটা মনৰ ভ্ৰম, এই ভ্ৰমৰ গুণ বহুত। এনে ভ্ৰমক যুক্তিৰ পোহৰেৰে নেখেদি হিতৈষী তিমিৰেৰে পোষণ কৰা শ্ৰেয়স্। যত অন্ধকাৰে মঙ্গল কৰে, তাত পোহৰ দিয়া মূৰ্খৰ কৰ্ম্ম।

⸺⸺