পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৯১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৮৩ ]


ধাৰ, ধাৰত কোনোবা দিনা ঘৈনীয়েকৰ মেখেলা খনো বেচা যায় হে লাগে। তেও পাঁচদিনীয়া দেবী পূজা এৰিব পৰা নাই। পূজাত গান লাগে, থিয়েটৰ লাগে, ঢুলীয়া লাগে। ঘৈনীয়েকৰ খাৰু বন্ধুৱা থৈ পূজাটো পাতিলে, মই তাকে কওতে মোক গতিয়ায়, মই বলিয়া, মই গাধ, মই আৰু কি নহওঁ। এখেতো ফুকনৰ পিড়াতেই বহিছে। সিবাৰ থানেশ্বৰ বৰুৱাৰ পৰা ৰূপ ধাৰ কৰি ফাকুৱা কৰিলে, ইবাৰ আকৌ এজনৰ পৰা কেই কুড়ি মান ধাৰ কৰক, ইফালে টেকেলাই ক্ৰোকৰ ‘পৰণা' লৈ নিতৌ আহে। মোৰ এই কথাত কাকতী জুই যেন হল, আৰু হঠাৎ কাৰে থাপ মাৰি মোৰ চুলিত ধৰিলে। ভাগ্যে যে আগদিনা চুলিবোৰ চুটিকৈ কাটিছিলো। মই উৰ্ফাল মাৰি এৰাই গৈ বাট ওলালোঁ, নাইবা সেই দিনাই আমাৰ ফালে পতং। কাকতীয়ে মোক ধৰিব নোৱাৰি এডোখৰ খৰি ফৰ্ম্মুটি মাৰি পঠিয়াইছিল, সিও কিবা সুভাগ্যৰ গুণত মোৰ গা ঢুকি নাপালেহি।