সমললৈ যাওক

পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৰদৈচিলাৰ উপাখ্যান।

 চতৰ বিহু চাপি অহাত বৰদৈচিলাৰ কথা মনত পৰিল। বৰদৈচিলাক নিচিনা লোক নাই। যাৰ আম কঠালৰ বা তামোল পাণৰ বাৰি আছে, সিয়েই বৰদৈচিলাৰ মহিমা, বৰ- দৈচিলাৰ প্ৰতাপ ভালকৈ জানে। এক মুনিহে আওকালি নোপোৱা শালৰ খুটাৰে ঘৰ সাজিবলৈ যাৰ শক্তি নাই, সিও বৰদৈচিলাৰ ক্ষমতাৰ গম পায়। এওঁ গুৰিত পক্ষীবৰ জটায়ুৰ জীয়াৰী। সীতাক ৰাৱণে হৰি নিয়া কালত তেওঁক ৰাৱণৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ জটায়ুৱে তাৰে সৈতে তয়াময়া ৰণ পাতিছিল। সেই ৰণত জটায়ু প্ৰাণ এৰি বৈকুণ্ঠগামী হয়। তেওঁৰ দুটি আমাডিমা পুত্ৰ আছিল। এটি উড়নীয়া নৌহওঁতেই ঢুকায় ভায়েকটি কথমপি আনৰ আপডালত বৰ হৈ জটায়ুৰ বংশ উজ্জ্বল কৰিছিল। এওঁৰ ঔৰষত দুটি পুত্ৰ সন্তান জন্মে। পুত্ৰ দুটিৰ ভিতৰত এটিক তক্ষকে ভক্ষণ কৰে। বাকী পুত্ৰটি ডাঙ্গৰ দীঘল হৈ বাপেকৰ নিচিনা পক্ষী সমাজৰ ভিতৰত এজন লেখৰ পক্ষী হয়। এওঁৰ সন্তানৰ ভিতৰত এজনী ছোৱালী মাথো। ঘৰখনৰ ভিতৰত একে জনী ছোৱালী, সেই দেখি তাই মাক বাপেকৰ মনত আলাসৰ লাৰু আছিল। তাইক উলিয়াই দূৰৈত বিয়া দিবলৈ মাকৰ মত নাছিল, বাপেকে অনেকৰূপে বঢ়াই বুজাইও সন্মত কৰাব নোৱাৰিলে। এই নিমিত্তে ধঞ্জয়