সমললৈ যাওক

পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিদ্যাধৰ বৰ কাকতীৰ ফাকুৱা৷

 সোমধৰ বৰকাকতী এজন প্ৰসিদ্ধ মানুহ আছিল। তেওঁক উপাসা নকৰোঁতা নগৰত কেওঁ নাছিল। তেওঁ দুকুৰি বছৰ মৌজদাৰী বিষয় কৰি বহুত ধন সম্পত্তিৰ অধিকাৰী হৈছিল। ধৰ্ম্মকৰ্ম্মতো তেওঁৰ অচলা মতি আছিল। ফাকুৱা, জন্মাষ্টমী, ৰাস আদি কৰি পূজা পাৰ্বণ তেওঁ এটাও বাকী নাৰাখিছিল। তদুপৰি বছৰে বছৰে ৰৈ বৈ যোৱাকৈ একোটা বৰসবাহ দিছিল, শেষ কালত তেওঁৰ অৱস্থা অলপ বেয়া হৈছিল, সঁচা, কিন্তু সেই বুলি বছেৰেকীয়া ক্ৰিয়াকৰ্ম্ম এটিও এৰা নাছিল।

 বৰকাকতী এতিয়া নাই। তেওঁ ঢুকাবৰ আজি তিনি বছৰ হ'ল। তেওঁৰ পুতেক বিদ্যাধৰ বৰকাকতীও বাপেকৰ নিচিনা ক্ৰিয়াবান লোক, বছৰে বছৰে বাপেকৰ নিচিনা ফাকুৱা কৰে, বৰসবাহ দিয়ে। বুঢ়াকাকতীৰ হাত অলপ টান আছিল, কিন্তু পুতেক তেনে নহয়। এওঁ ফাকুৱাত আৰু সবাহত মেলাহাতে খৰচ কৰে, সেই দেখি চুবুৰীয়াৰ মানত এওঁ এজন ঈশ্বৰ।

 বিদ্যাধৰ বৰকাকতীৰ কোনো বিষয় নাছিল। বাপেক মৰিলত বাপেকৰ মৌজাখন লবলৈ বৰ চাহাবৰ ওচৰত দৰখাস্ত দিছিল, কিন্তু চাহাবে মৌজাখন নিদিলে। এতিয়া বাপেকৰ যি সাই সম্পত্তি আছে তাকে চলাই এওঁ প্ৰবৰ্ত্তন কৰে।