পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৫]

লিখা প্ৰবন্ধ এটা পাঠ কৰিব। অথবা ইচ্ছা কৰিলে নিলিখি মুখেৰেও কব পাৰিব । নিয়মাৱলী অবধাৰিত হোৱাৰ পিচত সভাপতি ডাঙ্গৰীয়াই সভাভঙ্গ কৰিলে । সভ্যবিলাক সকলো ঘৰাঘৰি গুচি গল । আমিও ঘৰলৈ আহিলোঁ । কিন্তু আজি লৈকে সভাপতিৰ বক্তৃতাৰ ৰাগী আমাৰ গাৰ পৰা যোৱা নাই । তেওঁৰ সেই উদগনি, তেওঁৰ সেই উৎসাহ আৰু গম্ভীৰ সুৰ আজিলৈকে আমাৰ কাণত ৰিণিকি ৰিণিকি বাজিবলৈ লাগিছে । আমি বয়সত ডেকা, সেই দেখি সভাৰ কাৰ্য্যত যোগ দিবলৈ অসমৰ্থ । কিন্তু বৃদ্ধ বিলাকে যি কৰিলে, আৰু আগলৈ যি কৰিম বুলিছে, তাক শুনি আমি অময়া তৃপ্তিলাভ কৰিছোঁ, আৰু মনত আশা হৈছে যে শীঘ্ৰে অসমক শনিয়ে ছাৰ দিব ।