পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ৪০ ] লৰাই অকালত প্ৰাণ হেৰুৱায় । ( চাপৰি ) কাকতী ডাঙ্গৰীয়াই ভাৰতৰ আন আন দেশৰ পাটন দিছে। ভাৰতৰ আন আন দেশতো লৰা ছোৱালীৰ মৰণৰ সংখ্যা কম নহয়। ইউৰোপ । আৰু আমেৰিকাৰ লগত ৰিজাই চালেই আচল কথা ধৰা পৰে। ( চাপৰি ) ইউৰোপৰ লৰা শত দুজন মৰিলে ভাৰতৰ লৰা শত চাৰি জনকৈ মৰে। কিন্তু আসামৰ নিচিনা জানিবা সিবোৰ দেশত জন্মৰ সংখ্যাতকৈ মৰণৰ সংখ্যা সৰহ নহয় । তাৰ কাৰণ আছে। সেই বোৰ দেশ অসমৰ নিচিনা জেকা দেশ নহয়। কোনোবা থলৰ এফালে যদি জেকাএফালে ওখ আৰু শুকান, গতিকে মুঠতে তাতো মৰণৰ সংখ্যা জন্মতকৈ সৰহ হব নোৱাৰে। বঙ্গদেশৰ কোনো কোনো অঞ্চল অসমৰ নিচিনা জেকা, সেই দেখি তাত অসমৰ নিচিনা । মৰণে সৰহ । অসম গোটে ই খন জেকা দেশ বুলি সকলোৱে জানে। ইয়াত মানুহ অৱশ্যে কেচি সাৱধানে থাকিব লাগে ( চাপৰি )। মলি মানুহৰ শৰীৰৰ পক্ষে এবিধ বিহ, তাক আমি অস্তৰেৰে ঘিনাৰ লাগে। মলিলৈ আন্তৰিক ঘুণ। মুপজিলে তাৰ হাতৰ পৰা আমি উদ্ধাৰ নাপাও হঁক । ( চাপৰি ) এতিয়৷ গধূলি হল, আপোনালোকক আৰু সৰহ পৰ নাৰাখো, আজিকৈ সভা সম্বৰণ 'কৰা গল । ( চাপৰি )